Printer-friendly version

ঋণ পৰিশোধ নকৰা ৫০ জন উদ্যোগপতিৰ ৬৮,৬০৭ কোটিৰ ঋণ মাফ! দেশৰ লগতে অসমৰ নেটিজেনসকলৰ মাজতো যোৱা দুদিন ধৰি চৰ্চিত হৈ আছে এই খবৰ। কেৱল চৰ্চা হোৱাই নহয়, খবৰটোক লৈ দুটা ভাগতো বিভক্ত হৈ পৰিছে অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল। এটা পক্ষই আন এটা পক্ষৰ ওপৰত জাপি দিছে ইংৰাজী ভালকৈ নজনাৰ অভিযোগ। কিন্তু কিয় উদ্ভৱ হৈছে এই পৰিস্থিতি? ইংৰাজী ভালকৈ জনা-নজনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক আছে জানো? সবিশেষ জনাইছে NNOৰ 'বিজনেছ এডিটৰ’ ঈশ্বৰ প্ৰসন্ন কোঁচে


বাণিজ্য প্ৰতিবেদনঃ খবৰটো মুঠেই পুৰণি নহয়। এই লৈ চৰ্চা চলিয়েই আহিছে। ইয়াৰ আগতেও একাধিকবাৰ বিষয়টোক লৈ দেশত সৃষ্টি হৈছে বিতৰ্কৰ। কিন্তু এইবাৰ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এসময়ৰ সাংবাদিক তথা বৰ্তমানৰ আৰটিআই কৰ্মী এগৰাকীৰ আবেদনৰ উত্তৰ দিয়াত বিষয়টো পুনৰ চৰ্চালৈ আহে।

আৰটিআই আবেদন দাখিল কৰা সংকেট গোখলেই স্পষ্টকৈ কৈছে যে ৰিজাৰ্ভ বেংকে তেওঁক যি তথ্য দিছে সেয়া মুঠেই নতুন নহয়। এই তথ্যখিনিৰ সবিশেষ অনলাইন সংবাদ সংস্থা 'দ্য ৱায়াৰ’ত আগতেই প্ৰকাশ পাইছিল। সেয়ে গোখলেই আৰ টি আইৰ জৰিয়তে ১৬ ফেব্ৰুৱাৰী, ২০২০ লৈকে বেংক ডিফল্টাৰসকলৰ নাম জানিবলৈ বিচাৰিছিল।

২৪ এপ্ৰিলত প্ৰদান কৰা উত্তৰত দেশৰ কেন্দ্ৰীয় বেংকটোৱে ৫০ জন আনুষ্ঠানিকভাৱে ডিফল্টাৰ ঘোষিত লোকৰ নামৰ তালিকা গোখলেক অৰ্পণ কৰে। এই ৫০ জনৰ ভিতৰত আছে মেহুল ছ’কচি, বাবা ৰামদেৱৰ পৰা আৰম্ভ কৰি বিজয় মালিয়াৰো নাম। সকলোতকৈ শীৰ্ষত আছে পাঞ্জাৱ নেচনেল বেংকৰ পৰা ঋণ লোৱা গীতাঞ্জলি জেমছ লিমিটেডৰ প্ৰতিষ্ঠাতা মেহুল ছ’কচি। গীতাঞ্জলি জেমছৰ অনাদায় ঋণৰ পৰিমাণ হৈছে ৫,৪৯২ কোটি টকা। আন এটা পৰিচিত কোম্পানী হৈছে বিজয় মালিয়াৰ কিংফিচাৰ এয়াৰলাইন। তালিকাখনত আছে বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ ৰুচি ছয়াৰো নাম।

তথ্যখিনি প্ৰদান কৰি বেংকটোৱে এয়াও উল্লেখ কৰিছে যিখন তালিকা দিয়া হৈছে তাত ৩০ ছেপ্টেম্বৰ ২০১৯ লৈকে ডিফল্টাৰ ঘোষণা কৰাসকলৰহে নাম আছে। গোখলেই ১৬ ফেব্ৰুৱাৰী ২০২০লৈকে তথ্য বিচাৰিছিল যদিও সেয়া আপডেট কৰা হোৱা নাই বাবেই দিব নোৱাৰিলে বুলিও জনায় কেন্দ্ৰীয় বেংকটোৱে।

সংকেট গোখলেৰ মনলৈ এই কথাবোৰ কেনেকৈ আহিল? ১৬ মাৰ্চ ২০২০ত সাংসদ ৰাহুল গান্ধীয়ে প্ৰশ্নকালৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল। কিন্তু উত্তৰ নিদিলে। যাৰবাবে সংকেত গোখলেই আৰ টি আইৰ সহায় লয় আৰু বেংকটোৱে সেয়া জনাবলৈ বাধ্য হৈ পৰে।

তথ্যখিনি লাভ কৰাৰ পিছতে গোখলেই এটি টুইট কৰে। টুইটটোত তেওঁ লিখিছে, 'আৰ টি আইৰ উত্তৰত আৰ বি আয়ে যি তথ্য দিছে সেই তথ্য নতুন নহয়। সংবাদ প্ৰতিষ্ঠান 'দ্য ৱায়াৰ’-এ এই তালিকাখন প্ৰথম পোহৰলৈ আনিছিল। কিন্তু আচৰিত কথাটো হ’ল ৩০ ছেপ্টেম্বৰ ২০১৯ৰ পৰা আৰ বি আয়ে নিজৰ ৱেবছাইটত এই তথ্যসমূহ এতিয়ালৈকে আপলোড কৰা নাছিল। আৰ বি আইয়ে আৰ টি আইৰ উত্তৰত উচ্চতম ন্যায়ালয়ৰ জয়ন্তীলাল মিস্ত্ৰীৰ ৰায়ৰ উদ্ধৃতি দি আৰু কৈছে যে বিদেশী ডিফল্টাৰৰ তথ্য ৰাজহুৱা কৰিব পৰা নাযায়।’

তালিকাত বাবা ৰামদেৱৰ নাম সঁচাকৈয়ে আছেনে?

তালিকাখনত থকাসকলৰ ভিতৰত হীৰা ব্যাবসায়ী মেহুল চ’কছিৰ গীতাঞ্জলি জেমছৰ নাম প্ৰথমে ল’ব পাৰি। ইয়াৰ লগতে চ’কছিৰ সৈতে জড়িত গিলি ইণ্ডিয়া লিমিটেড আৰু নক্ষত্ৰ ব্ৰেণ্ডছ লিমিটেডো আছে। প্ৰতিষ্ঠান দুটাৰ ক্ৰমে ১৪৪৭ আৰু ১১০৯ কোটি টকা বেংকত অনাদায় হৈ আছে। ইয়াৰ উপৰিও ৪৩১৪ কোটি টকা বাকী থকাৰ লগতে সন্দীপ ঝুনঝুনৱালা আৰু সঞ্জয় ঝুনঝুনৱালাৰ কোম্পানী REI এগ্ৰ' লিমিটেডৰ নাম দ্বিতীয়তে আছে।

বিজয় মালিয়াৰ নাম সকলোৱে জানেই। মালিয়াৰ আছে ১৯৪৩ কোটি টকাৰ খেলিমেলি। ইয়াৰ লগতে বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ কোম্পানী ৰুচি ছয়াই দিয়া নাই ২,২১২ কোটি টকা। এইখিনিতে বাবা ৰামদেৱক লৈ কিছু কথা স্পষ্ট হৈ লোৱা ভাল। সেয়া হ’ল বাবা ৰামদেৱ জড়িত হৈ থকা পতঞ্জলিয়ে ৰুচি ছয়া অধিগ্ৰহণ কৰিছিল ২০১৯ৰ ডিচেম্বৰত। কিন্তু এই তালিকাখনত ৩০ ছেপ্টেম্বৰ ২০১৯ লৈকেহে তথ্য আছে।

এনে হোৱাৰ কাৰণটো হ’ল ৰুচি ছয়া কোম্পানীটো পতঞ্জলিয়ে ক্ৰয় কৰাৰ পূৰ্বেই ডিফল্টাৰৰ তালিকাত আছিল। কোম্পানীটোৱে তেতিয়া কেবাটাও বেংকক দিবলৈ আছিল অতিকমেও ৯৩৪৫ কোটি টকা। ২০১৭ চনৰে পৰা বিষয়টো নেশ্যনেল কোম্পানী ল’ ট্ৰিবিউনেল বা NCLTৰ বিচাৰাধীন হৈ থকাৰ অন্তত ২০১৯ৰ এপ্ৰিলত পতঞ্জলিয়ে ঋণগ্ৰস্ত কোম্পানীটোক অধিগ্ৰহণৰ অনুমোদন লাভ কৰে। অৰ্থাৎ এপ্ৰিলৰ পিছতে ঋণগ্ৰস্ত ৰুচি ছয়া পতঞ্জলিৰ হাতলৈ যায়। সেয়ে ডিফল্টাৰ হৈ থকা ৰুচি ছয়াৰ নামৰ বিপৰীতে আৰ বি আইৰ তালিকাত নতুন মালিক পতঞ্জলিৰ বাবা ৰামদেৱ আৰু বালকৃষ্ণৰ নাম অন্তৰ্ভুক্ত হয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে বাবা ৰামদেৱ আৰু বালকৃষ্ণ মেহুল চক’ছি আৰু বিজয় মালিয়াৰ দৰে একো একোজন ডিফল্টাৰ। তেওঁলোকে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে NCLTৰ সহায়ত কোম্পানীটোক ৪৩৫০ কোটিৰ বিনিময়ত অধিগ্ৰহণ কৰিছিল।

আৰম্ভ হৈ গ'ল ৰাজনীতি

তালিকাখন বাহিৰলৈ ওলোৱাৰ পাছতে আৰম্ভ হয় ৰাজনীতি। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লগে লগে সংকেট গোখলেক আৰ বি আইয়ে প্ৰদান কৰা তালিকাখন শ্বেয়াৰ কৰে। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সূৰজেৱালাই সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে যে মোদী চৰকাৰে নিজৰ স্বাৰ্থৰ বাবে এইসকল ব্যৱসায়ীৰ ঋণ ৰেহাই দিছে।

বিপৰীতে চৰকাৰক সুৰক্ষা প্ৰদান কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু সূর্যেৱালাই মানুহক বিপথে পৰিচালিত কৰিছে। তেওঁ কয় যে যি তালিকা প্ৰচাৰ হৈছে সেই তালিকাত থকা লোকসকলে পূৰ্বৰ ইউপিএ চৰকাৰৰ দিনত ফোন বেংকিঙৰ সুবিধা গ্ৰহণ কৰিছিল।

বিত্তমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ ৰঘুৰাম ৰাজনৰ প্ৰসংগ আনি কয় যে ২০০৬-০৮ চনত দেশত বহু লোকক বৃহৎ পৰিমাণৰ ঋণ দিয়া হৈছিল। যি সকলৰ ক্ৰেডিট স্ক’ৰ ভাল নাছিল সেইসকলকো ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্ৰতি মুহূৰ্ততে সহায় কৰিছিল। ব্যক্তিগত বেংকসমূহে এনে কৰাৰ পৰা বিৰত আছিল। 

ইউপিএ চৰকাৰৰ ভুলৰ বাবেই এনে হ’বলৈ পালে বুলি দাবী কৰি বিত্তমন্ত্ৰীগৰাকীয়ে নীৰৱ মোদী, বিজয় মালিয়া আৰু মেহুল চ’কছিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰী কৰে। তেওঁ আৰু কয় যে এইসকল লোকৰ সম্পত্তিও চৰকাৰে বাজেয়াপ্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শাসনত থাকোতে দুৰ্নীতি কৰাৰ পিছত এতিয়া বিৰোধী হৈ থাকিও কংগ্ৰেছে দুৰ্নীতি কৰিবলৈ এৰা নাই বুলিও কংগ্ৰেছক আক্ৰমণ কৰে সীতাৰমণে।

কি এই 'লোন ৰাইট-অফ' আৰু 'লোন ৱেইভ'?

বিষয়টো সন্দৰ্ভত বিগত সময়ছোৱাত একাধিক বাতৰি প্ৰস্তুতৰ অভিজ্ঞতাৰে পৰিপুষ্ট 'ইণ্ডিয়া টুডে হিন্দী’ৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক অংশুমান তিৱাৰীয়ে কৈছে যে ঋণ 'ৰাইট-অফ’ কৰি দিয়াৰ অৰ্থ হ’ল বেংকৰ হিচাপৰ পৰা অনাদায় হৈ থকা ঋণৰ পৰিমাণক বাদ দিয়া। সহজ ভাষাত যিসকল লোকে ঋণ লৈ সময়মতে পৰিশোধ কৰা নাই আৰু পৰিশোধ কেতিয়া কৰে তাৰ কোনো সম্ভাৱনা নাই সেইবোৰ ঋণৰ বিষয়ে বেংকৰ নতুন হিচাপত লিখিবলৈ বাদ দিয়া। বেংকৰ হিচাপৰ পৰা সেইবোৰ বাদ দি কেৱল সময়মতে পৰিশোধ কৰা ঋণসমূহৰ তথ্য অন্তৰ্ভুক্ত কৰিলে বেংকৰ আৰ্থিক অৱস্থাৰ ছবিখন সুন্দৰ হৈ পৰে।

অৰ্থাৎ আমি ইয়াক এনেধৰণে ক’ব পাৰো যে ধৰক আপোনাৰ গাঁৱৰ এঘৰ চুবুৰীয়াৰ ছোৱালী এজনীক চাবলৈ দূৰৰ গাঁও এখনৰ পৰা মানুহ আহিব। কিন্তু চুবুৰীয়া ঘৰৰ ডাঙৰজনী ছোৱালী বিয়া হৈ গিৰিয়েকৰ সৈতে কাজিয়া কৰি গুচি আহি এতিয়া ঘৰতে আছে। এই কথা জানিলে সৰুজনী ছোৱালীক চাবলৈ অহাসকলে বিয়া কেন্সেল কৰাৰ সম্ভাৱনা অধিক। সেয়ে তেওঁলোকে কইনা চাবলৈ অহাসকলৰ পৰা এই কথাটো গোপনে ৰাখিবলৈ ডাঙৰজনী ছোৱালীক কেইদিনমান আগতেই মোমায়েকৰ ঘৰলৈ পঠিয়াই দিলে। লগতে ওচৰ-চুবুৰীয়াসকলৰ পৰাও যাতে এই বিষয়ে একো ভূ নাপাই তাৰ বাবে লৰালৰিকৈ বিয়াৰ কাম-কাজ আগবঢ়ালে। কিন্তু সেয়া কৰিলে বুলিয়েই ডাঙৰজনী ছোৱালী গিৰিয়েকৰ সৈতে কাজিয়া কৰি গুচি অহাৰ বদনামৰ পৰা যিদৰে পৰিয়ালটো মুক্ত হৈ নপৰে তেনেকৈ 'ৰাইট-অফ’ কৰি বেংকসমূহে মিছা সান্ত্বনা ল’লেও যি লোকচান হ’ব সেয়া কদাপি পূৰণ নহয়।

বেংক ব্যৱস্থাটোৰ বাবে এয়া এক প্ৰকাৰৰ পূৰ্বৰ ভুলক পাহৰি যাবলৈ কৰা চেষ্টা সদৃশ বুলি উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিক তিৱাৰীয়ে আৰু কৈছে, 'ৰাইট-অফ মানে ঠিক ৰেহাই দিয়া নহয়, হিচাপৰ পৰা বাদ দিয়াহে। বেংকে ৰাইট-অফ কৰিলেও বিভিন্ন প্ৰকাৰে সেয়া পুনৰুদ্ধাৰৰ প্ৰয়াস কৰি থাকিব পাৰে। সামান্য পৰিমাণৰ ধন এই প্ৰক্ৰিয়াৰে পুনৰুদ্ধাৰ হোৱাও দেখা গৈছে। কিন্তু অধিকাংশ ক্ষেত্ৰতে দেখা যায় যে হিচাপৰ পৰা বাদ দিলে সেয়া লাহে লাহে বাদেই পৰি যায়। কাৰণ হিচাপত নাথাকিলে দায়িত্ব কমি আহে আৰু কোনো কাৰণত সেয়া পুনৰুদ্ধাৰ হ'লে অতিৰিক্ত লাভ হিচাপে গণ্য কৰা হয়। গতিকে বেংকৰ বাস্তৱ পৰিস্থিতিলৈ চাই এনেকৈও ক’ব পাৰি যে বেংকে ৰাইট-অফ কৰিলে, অৰ্থাৎ গোটেই বিষয়টোকেই লিখিতভাৱে ইতি পেলালে।’

'ঋণ ৰাইট-অফ বা হিচাপৰ পৰা বাদ দিয়াৰ আৰু এটা অৰ্থ হৈছে বেংকে লাভৰ পৰা বা মজুত থকা ধনৰ পৰা বেলেঞ্চ শ্বিটত হৈ থকা এই ঘাটি পূৰণ কৰা দেখুৱাব। আৰু বেংকত সাধাৰণ লোকসকলে জমা কৰা ধনসমূহতো আছেই। গতিকে এনে কৰাৰ ফলত সাধাৰণ একাউণ্ট হল্ডাৰসকলৰ ওপৰত বোজা বাঢ়িব। লগতে চৰকাৰেও বেংকৰ মূলধন বৃদ্ধি কৰিবলৈ উপায় হাতত ল’ব লাগিব। মুঠৰ ওপৰত শেষত গোটেই খৰছ চৰকাৰেই বহন কৰিব লাগিব।’-ৰাইট-অফ মানে পোনপটীয়াকৈ ৰেহাই নহ’লেও ডিফল্টাৰসকলৰ পৰা যে ধন ঘূৰাই পোৱাৰ সম্ভাৱনা তেনেই নগণ্য সেয়া স্পষ্ট কৰি এইদৰে কয় 'ইণ্ডিয়া টুডে হিন্দী’ৰ সম্পাদক তথা বেংক ঋণ বিষয়ক বিশেষজ্ঞ তিৱাৰীয়ে।

মোদী চৰকাৰক দোষাৰোপ কৰাতো ভুল নেকি?

গুৰুত্বপূৰ্ণ কথাটো হ’ল যিসমূহ বেংকে ঋণ ৰাইট-অফ কৰিছে বা হিচাপৰ পৰা বাদ দিছে সেই আটাইবোৰেই চৰকাৰী বেংক। এই লৈ 'ইণ্ডিয়া টুডে' আলোচনীখনৰ হিন্দী সংস্কৰণৰ সম্পাদকগৰাকীয়ে কৈছে, 'এটা পৰ্যায়লৈ চৰকাৰক ইয়াৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰিব নোৱাৰি। কিন্তু ঋণ পৰিশোধ নকৰা ডিফল্টাৰসকলে দিবলগীয়া ধনৰ পৰিমাণ বেংকৰ হিচাপৰ পৰা জানি-বুজি বাদ দিলে চৰকাৰৰ ওপৰত প্ৰশ্ন উঠাটো স্বাভাৱিক। মেহুল চ’কছি, বিজয় মালিয়া, নীৰৱ মোদীৰ ঘটনালৈ চাওক, তেওঁলোকে ঋণ পৰিশোধ নকৰাকৈ দেশ এৰি বিদেশত আশ্ৰয় লৈ আছে। গতিকে চৰকাৰে যে বিষয়টোক লৈ মুঠেই সচেতন নহয় তাক লৈ সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰাতো কোনো ভুল কথা হ’ব নোৱাৰে।’

অৰ্থাৎ এয়া স্পষ্ট যে চৰকাৰ যি দলৰেই নহওক এনেদৰে জানি-বুজি ঋণ পৰিশোধ নকৰাসকলৰ ঋণ ৰাইট-অফ কৰি দিয়া কাৰ্যৰ ফলত প্ৰথমেই ক্ষতিৰ সন্মুখীন হ’ব বেংকত এটকা-দুটকাকৈ টকা জমা থোৱা সাধাৰণ জনতা। গতিকে ঋণ 'ৰাইট-অফ’ কৰাই হওক বা 'ৱেইভ’ কৰা অৰ্থাৎ সম্পূৰ্ণৰূপে ৰেহাই দিয়াই হওক ইয়াৰ সৈতে ইংৰাজী জনা-নজনাৰ কোনো সম্পৰ্ক নাই। ইয়াৰ সৈতে সম্পৰ্ক আছে দেশৰ অৰ্থনীতিৰ, সম্পৰ্ক আছে খাটিখোৱা দৰিদ্ৰ জনতাৰ। উল্লেখ্য যে পূৰ্বে অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং চৰকাৰৰ দিনটো এনেদৰে ঋণ ৰাইট-অফ কৰা হৈছিল।  

বান বা খৰাঙত সৰ্বশ্ৰান্ত হোৱা কৃষকৰ ঋণ ৰেহাই দিলে কৃষকসকলে সকাহ পাব আৰু কৃষকসকলে সকাহ পালে বান বা খৰাং যোৱাৰ পিছত দুগুণ উদ্যমেৰে কৃষি-কাৰ্যত নামি পৰি দেশৰ অৰ্থনীতিক টনকিয়াল কৰিব পাৰিব। কিন্তু কোটি কোটি টকাৰ ঋণ লৈ জানি-বুজি সেয়া পৰিশোধ নকৰি বিদেশলৈ পলায়ন কৰাসকলৰ ঋণ 'ৱেইভ’ কৰি দিয়াই হওক বা 'ৰাইট-অফ’ কৰাই হওক তাৰ ফলত কেৱল সেই ডিফল্টাৰসকলেহে সকাহ লাভ কৰিব। বিপৰীতে ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিব দেশৰ অৰ্থনীতিত।

পৰিসংখ্যা অনুযায়ী ১৯৯৯ চনত নন পাৰফৰ্মিং এছেট বা এনপিএ আছিল অভিলেখসংখ্যক ১৪.৭ শতাংশ। এই এনপিএৰ সৰ্বনিম্ন হাৰ হৈছে ২.৩ শতাংশ। মনমোহন সিং চৰকাৰৰ দিনত ২০১১ চনত এনপিএ মাত্ৰ ২.৩ শতাংশ হৈছিল। ইয়াৰ পিছতে সেয়া পুনৰ বৃদ্ধি পাবলৈ ধৰে। মোদী চৰকাৰ অহাৰ আগতে ২০১৩ আৰু ২০১৪ চনত এনপিএ আছিল ক্ৰমে ৩.২ আৰু ৩.৮ শতাংশ।

মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ হোৱাৰ পিছতে সেয়া পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ২০১৫ চনত এনপিএ  ৪.৩ শতাংশ, ২০১৬ চনত ৭.৪ শতাংশ আৰু ২০১৭ চনত সেয়া ৯.৩ শতাংশ হয়গৈ। ২০১৮ চনত এই হাৰ অধিক বৃদ্ধি পাই হয়গৈ ১১.১৮ শতাংশ। ২০১৯ চনত পুনৰ সেয়া ৯ শতাংশলৈ অৱনমিত হয়। বিশেষজ্ঞসকলৰ মতে অৰ্থনীতিৰ বিকাশৰ হাৰ মন্থৰ হ'লেই কোম্পানীসমূহৰ ব্যৱসায় বেয়া হৈ পৰে আৰু তেতিয়াই ঋণ পৰিশোধ কৰাত সমস্যাই দেখা দিয়ে। এনপিএ বাঢ়িলেই বেংকসমূহে ৰাইট-অফ কৰা ধনৰ পৰিমাণো বৃদ্ধি পায়।