নতুন দিল্লীঃ লকডাউনৰ চতুৰ্থ পৰ্যায়ৰ অন্ত পৰিব অহা ৩১ মে’ত। ইয়াক মাজতে এতিয়া চৰ্চা চলিছে লকডাউনৰ পঞ্চম পৰ্যায়ক লৈ। কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে লকডাউন কিছু শিথিল  কৰি অহা ১৫ জুনলৈ পুনৰ বৃদ্ধি কৰা হ’ব। 

বৃহস্পতিবাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গোবাই সকলো ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত মিলিত হয়। এই অনলাইন বৈঠকত কৰ’না প্ৰভাৱিত মহানগৰসমূহৰ পৌৰ নিগমৰ মেয়ৰসকলেও ভাগ লোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।

এই বৈঠকত কি কি আলোচনা হ’ল সেয়া স্পষ্টকৈ জানিব পৰা নগ’লেও একাধিক সংবাদ মাধ্যমে বিভিন্ন উৎসৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত নিজাববীয়াকৈ একাধিক দাবী সম্বলিত বাতৰি সম্প্ৰচাৰ কৰা দেখা গৈছে। অধিকাংশ সংবাদ মাধ্যমতে বৈঠকখনৰ অন্তত লকডাউন পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থকাৰ কথা কোৱা হৈছে।

উল্লেখ্য যে যোৱা ২৫ মাৰ্চত সমগ্ৰ দেশতে কৰ’না সংক্ৰমণ ৰোধ কৰিবৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল। লকডাউন ঘোষণা কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কৰ’নাক পৰাভূত কৰিবলৈ দেশবাসীৰ পৰা মাত্ৰ ২১ দিনৰ সময় বিচাৰিছিল। পিছত ২১ দিন পাৰ হোৱাত যোৱা দুমাহত ৩ বাৰকৈ লকডাউন বৃদ্ধি কৰে কেন্দ্ৰ চৰকাৰে। এতিয়া ৩১ মে’ৰ পিছত চতুৰ্থ বাৰৰ বাবে লকডাউন বৃদ্ধি কৰিব নে নাই সেই লৈ দেশবাসী পুনৰ উদ্বিগ্ন হৈ পৰিছে।

বাতৰিসমূহত কি কোৱা হৈছে?

'ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক বাতৰিত কোৱা হৈছে যে ৩১ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত’ অনুষ্ঠানত ভাগ ল’ব। সংবাদ প্ৰতিষ্ঠানটোৰ মতে এই 'মন কী বাত’তে প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ পঞ্চম পৰ্যায়ৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। সংবাদ প্ৰতিষ্ঠানটোৱে নাম উল্লেখ নকৰাকৈয়ে চৰকাৰৰ শীৰ্ষ বিষয়াৰ উধৃতিৰে কৈছে যে সেইদিনা প্ৰধানমন্ত্ৰীয়ে দেশৰ অধিকাংশ প্ৰান্তত লকডাউন শিথিল কৰাৰ কথা ঘোষণা কৰিব পাৰে।

'ডেক্কান হেৰাল্ড’ৰ বাতৰি মতে লকডাউনৰ পঞ্চম পৰ্যায়ৰ গুৰুত্ব লাভ কৰিব দেশৰ ১১ খনকৈ প্ৰধান মহানগৰে। এই মহানগৰসমূহ হৈছে দিল্লী, মুম্বাই, বাংগালুৰু, পুণে, থানে, ইন্দোৰ, চেন্নাই, আহমেদাবাদ, জয়পুৰ, ছুৰত আৰু কলকাতা। দেশৰ মুঠ কৰ’না সংক্ৰমণৰ ঘটনাৰ ৭০ শতাংশই হৈছে এই মহানগৰকেইখনৰ। তাৎপৰ্যপূৰ্ণ যে কেৱল ৫ খন চহৰ আহমেদাবাদ, দিল্লী, পুণে, কলকাতা আৰু মুম্বাইতেই আছে দেশৰ ৬০ শতাংশ কৰ’নাক্ৰান্ত।

লকডাউন-৫ত কি কি নতুনত্ব দেখা যাব পাৰে?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্ৰকাশিত বাতৰি মতে, লকডাউনৰ পঞ্চম পৰ্যায়ত ধৰ্মীয় উপাসনাস্থলীসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এইক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখা প্ৰংসগটোৱে গুৰুত্ব লাভ কৰিব। ধৰ্মীয় উপাসনাস্থলীসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰিলেও কোনো ধৰ্ম সভা, ধৰ্মীয় উৎসৱ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ কোনো সম্ভাৱনা নাই বুলিও বাতৰিসমূহত দাবী কৰা হৈছে।

কৰ্ণাটক চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰি ধৰ্মীয় স্থানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। পত্ৰখনত সামাজিক দূৰত্ব আৰু ছেনিটাইজাৰৰ সকলো ব্যৱস্থা কৰি ধাৰ্মিকস্থলসমূহ ৩১ মে’ৰ পিছত খুলিলে সমস্যা নহ’ব বুলি উল্লেখ কৰিছে কৰ্ণাটক চৰকাৰে।
 
লকডাউনৰ পঞ্চম পৰ্যায়ত কণ্টেইনমেণ্ট জ’নক বাদ দি বাকী স্থানসমূহত চেলুন, বিউটি পাৰ্লাৰ, জিম আদি খোলাৰ অনুমতি দিব বুলিও বাতৰিসমূহত প্ৰকাশ পাইছে। অৱশ্যে শিক্ষানুষ্ঠানসমূহ পূৰ্বৰ দৰেই বন্ধ ৰাখি অনলাইন পাঠদানত জোৰ দিয়া হ’ব পাৰে। শ্বপিং মল আৰু চিনেমা হলসমূহো খোলাৰ সম্ভাৱনাও তেনেই ক্ষীণ। আনহাতে বিয়া আৰু অন্তিম সংস্কাৰত পূৰ্বতকৈ অধিক লোকক ভাগ ল’বলৈ অনুমতি প্ৰদান কৰিব বুলিও সম্ভাৱনা ব্যক্ত কৰা হৈছে।

ৰাজ্যসমূহৰ পৰা পৰামৰ্শ বিচাৰিছে কেন্দ্ৰই

এনডিটিভিৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত এগৰাকী শীৰ্ষ বিষয়াই কৈছে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিগত কেবাদিনো ধৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন সকলো ৰাজ্যতে এইকেইদিনৰ দৰেকৈ অব্যাহত থাকিব নে সেয়া উঠাই লোৱা হ’ব তাক লৈ সমীক্ষা চলাই আছে। অৱশ্যে উক্ত বাতৰি প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তেনে কোনো সমীক্ষা অব্যাহত থকাৰ কথা নুই কৰিছে।

এনে পৰিপ্ৰেক্ষিত সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত থাকিলেও লকডাউন পুনৰ বৃদ্ধি পাব নে অন্ত পৰিব সেয়া ৩১ মে’ৰ দিনাহে স্পষ্টকৈ জানিব পৰা যাব। সেয়া হ’লেও সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াৰ লগতে সৰ্বসাধাৰণৰ মাজত এইকেইদিনত বিষয়টোক লৈ চৰ্চা চলি থকাতো তেনেই স্বাভাৱিক। 

উক্ত চৰ্চা অব্যাহত থকাৰ সমান্তৰালভাৱে বাতৰিত প্ৰকাশ পাইছে যে কেন্দ্ৰ চৰকাৰে পঞ্চম পৰ্যায়ৰ লকডাউন সন্দৰ্ভত সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ প্ৰশাসনৰ পৰা পৰামৰ্শ বিচাৰিছে। এই পৰামৰ্শ প্ৰদানৰ বাবে ৰাজ্যসমূহক শনিবাৰ পৰ্যন্ত সময় দিয়া হৈছে। ইফালে ক্ৰমাগতভাৱে কৰ’নাৰ সংক্ৰমণ পূৰ্বতকৈ দ্ৰুত গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰা বিষয়টোৱেও চৰকাৰক চিন্তিত কৰি তুলিছে।