গৰ্ভাৱস্থাৰ  খাদ্যৰ বিষয়ে সঘনে পাঠকৰ পৰা অহা নানান প্ৰশ্নৰ উত্তৰ মই প্ৰায়ে দি থাকিবলগীয়া হয় ৷ সেয়ে এই প্ৰৱন্ধটোৰ যোগেদি এগৰাকী গৰ্ভৱতী মহিলাই কি খাদ্য খোৱা উচিত আৰু কি খাদ্য খোৱা অনুচিত সেই বিষয়ে আলোকপাত কৰাৰ প্ৰয়াস কৰিম৷ গৰ্ভাৱস্থাৰ খাদ্য সম্পৰ্কে মানুহৰ মাজত বিভ্ৰান্তিৰ শেষ নাই৷ বৈজ্ঞানিক বিশ্লেষণৰ পৰিৱৰ্তে বহুতে অনভিজ্ঞ, অশিক্ষিত লোকৰ ভুল পৰামৰ্শকে মানি লয়৷ গৰ্ভাৱস্থাৰ সময়ছোৱাত খোৱা-বোৱাত সতৰ্ক নহ’লে বা অজ্ঞানতাৱশতঃ ভুল খাদ্য গ্ৰহণ কৰিলে হ’ব পৰা বিপদসমূহ হ'ল এনেধৰণঃ

  • গৰ্ভপাত হোৱা
  • অপৰিপক্ৱ অৱস্থাত সন্তানৰ প্ৰসৱ হোৱা
  • মৃত সন্তান জন্ম দিয়া
  • গৰ্ভৱতী মাতৃৰ স্বাস্থ্য হানি হোৱা

এগৰাকী গৰ্ভৱতী মহিলাক সমুচিত খাদ্যৰ উপৰিও দৈনিক দুই লিটাৰ পানীৰ প্ৰয়োজন হয়৷ এই পানীয়ে শৰীৰৰ আৰ্দ্ৰতা বৰ্তাই ৰাখে, ডিহাইড্ৰেছন ৰোধ কৰে আৰু প্ৰসাৱত সংক্ৰমণ হবলৈ নিদিয়ে৷ গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ তেজৰ পৰিমাণত দেড় লিটাৰ পৰ্য্যন্ত বৃদ্ধি হয় আৰু সেয়ে গৰ্ভাৱস্থাত পানীৰ ভূমিকা অপৰিসীম ৷  

উপকাৰী খাদ্যৰ তালিকাঃ

♦ সেউজীয়া শাক-পাচলিঃ পালেং, কলমৌ, খুতৰা, মৰিচা, জিলমিল, মাটিকান্দুৰি আদি শাক আৰু ব্ৰকলি, গাজৰ, ওলকবি, ফুলকবি, বন্ধাকবি আদি পাচলি বৰ উপযোগী৷ কাৰণ এনে শাক-পাচলিত ভিটামিন বি গোট, ভিটামিন কে, ভিটামিন চি আদিৰ ওপৰিও ডায়েটেৰি ফাইবাৰ আৰু লাগতিয়াল খনিজ আইৰন, কেলচিয়াম, মেগনেচিয়াম, জিংক, পটেচিয়াম আদি থাকে৷ নিয়মীয়া শাক-পাচলিৰ গ্ৰহণ গৰ্ভকালত হোৱা শৌচ টান হোৱাৰ পৰা বাধা দিয়ে। (কেঁচা শাক-পাচলিৰ চালাড খাওঁতে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি লোৱালৈ মনোযোগ দিব লাগে। নহ'লে ই-কলাই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত ফুড পইজনিঙত ভূগিবলগীয়া হব পাৰে ৷ )

♦ ফল-মূলঃ কল (ততালিকে শক্তিৰ যোগান ধৰা উচ্চ পটেচিয়ামযুক্ত ফল),  আম, নেমু, কমলা (এইকেইটাই ভিটামিন চি যোগান ধৰি পাক প্ৰণালীত আইৰনৰ শোষণত সহায় কৰে আৰু দেহৰ আৰ্দ্ৰতা বৰ্তাই ৰাখে), এভোকাডো  (অন্যান্য ফলৰ তুলনাত অধিক ফলেট ভিটামিনৰ যোগান ধৰোঁতা)৷ ভিটামিন-বি৯, ফলেট বা ফলিক এচিডৰ অভাৱ হলে গৰ্ভস্থ সন্তানৰ জন্মগত বিসংগতি (যেনে Neural tube defect) হব পাৰে৷

♦ মিঠা আলুঃ মিঠা আলু হ'ল বিটা-কেৰটিন আৰু ফাইবাৰৰ স্ৰোত ৷ বিটা-কেৰটিনৰ পৰা ভিটামিন-এ ওলায়, যি গৰ্ভস্থ সন্তানৰ কোষৰ বৃদ্ধি আৰু পূৰঠ হোৱাত সহায়ক হয়৷ মিঠা আলু পাচনত সহায়ক হয় আনহাতে ই তেজৰ চুগাৰ আকস্মিকভাবে বাঢ়িব নিদিয়ে৷

♦ গাখীৰ আৰু ডায়েৰীৰ সামগ্ৰীৰ পৰা শৰীৰে প্ৰটিন, কেলচিয়াম, জিংক, ফচফ'ৰাচ, মেগনেচিয়াম আদি খনিজৰ ওপৰিও নানান ভিটামিন লাভ কৰে৷

♦ দৈৰ পৰা উপকাৰী প্ৰ'বায়টিক লাভ হয়৷ যাৰ দ্বাৰা প্ৰি-এক্লেমচিয়া, জেষ্টেচনেল (গৰ্ভকালীন) ডায়েবেটিজ, এলাৰ্জি আৰু যোনিমুখৰ সংক্ৰমণ প্ৰতিৰোধ হয় ৷

♦ কণী হ'ল ভিটামিন,খনিজ আৰু এন্টিঅক্সিডেন্টেৰে ভৰপুৰ৷ এটা কণীত ৭৭ কেলৰি শক্তি থাকে৷ কণীত থকা ক'লিন নামৰ তত্বই গৰ্ভস্থ সন্তানৰ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰৰ বিকাশত সহায় কৰে৷ এটা কণীত ১১৩ মিলিগ্ৰাম ক'লিন থাকে৷ গৰ্ভৱতী মহিলাক দৈনিক ৪৫০ মিলিগ্ৰাম ক'লিনৰ প্ৰয়োজন হয়৷ কণী খাবৰ বাবে সম্পূৰ্ণ সিদ্ধ হোৱাটো একান্ত লাগতিয়াল কথা, অন্যথাই দেহত চালমোনেলা বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিব৷

♦ মাংসঃ সকলো ধৰণৰ মাংসৰ পৰা শৰীৰে লাভ কৰে প্ৰটিন, আইৰন, ভিটামিন বি গোট আৰু ক'লিন৷

♦ মাছঃ মাছৰ পৰা শৰীৰে প্ৰটিন, কেলচিয়াম, ভিটামিন ডি, অ'মেগা ৩ ফেটি এচিড আদি লাভ কৰে৷ গৰ্ভস্থ সন্তানৰ ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু হাঁড়ৰ বিকাশত মাছৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ৷

♦ দাইল আৰু মাহৰ পৰা শৰীৰে প্ৰটিন, ভিটামিন আৰু নানাবিধ খনিজ লাভ কৰে। সেয়ে গৰ্ভৱতী মাতৃৰ খাদ্যৰ ই অপৰিহাৰ্য্য অংশ৷ 

♦ ষ্ট্ৰবেৰী, ব্ল'বেৰী আদিও গৰ্ভকালৰ উপযোগী ফল৷ এনে ফলৰ থাকে Low glycemic index৷

শুকান ফল-মূল গৰ্ভাৱস্থাত খোৱা ভাল। কাজু, বাদাম, কিচমিচ, এলমণ্ড, আখৰুট, খেজুৰ আদিয়ে গৰ্ভৱতী মহিলাৰ পৰিপুষ্টি সাধন কৰে৷ কিয়নো এইবিলাকত ফাইবাৰ, খনিজ, নানাবিধ ভিটামিন বিশেষকৈ ফলেট যথেষ্ট মাত্ৰাত থাকে৷ গৰ্ভাৱস্থাত সকলো সময়তে খেজুৰ উপযোগী৷ ইয়াৰ দ্বাৰা মাতৃগৰাকীৰ ৰক্তহীনতা আৰু শৌচকচা আঁতৰ হয়৷

অপকাৰী খাদ্যৰ তালিকাঃ 

♦ উচ্চমাত্ৰাত কেফেইনৰ সেৱনঃ কফি বা চাহৰ পৰা অহা কেফেইনৰ পৰিমাণ দিনটোত ২০০ মিলিগ্ৰামৰ ভিতৰত সীমাবদ্ধ থকা বাঞ্চনীয়৷ অতিমাত্ৰা কেফেইনে গৰ্ভপাত কৰাব পাৰে৷ 

♦ মদৰ অপকাৰিতাঃ Foetal Alcohol Syndrome ৰ ফলৰ মস্তিষ্ক আৰু শৰীৰৰ বিকাশ বাধাগ্ৰস্ত হব পাৰে৷

♦ ধুম্ৰপানৰ নিক’টিনৰ প্ৰভাৱত গৰ্ভস্থ সন্তানৰ অপৰিপক্ক অৱস্থাত প্ৰসৱ বা আন বিজুটি ঘটিব পাৰে৷

♦ আনপেষ্টুৰাইজদ দুগ্ধজাত সামগ্ৰীঃ বিপদজনক টক্সপ্লাজমোচিচ ৰোগৰ কাৰক হ’ব পাৰে৷

♦ অধিক মাৰ্কাৰীযুক্ত মাছঃ সামুদ্ৰিক মাছ যেনে টুনা, চলমান, টাইলফিছ, চু্বৰ্ডফিছ, চাৰ্ক, কিংমৰ্কেল আদিত শৰীৰৰ বাবে লাগতিয়াল অ'মেগা৩ ফেটি এচিড থাকে যদিও এনে মাছত থকা মাৰ্কাৰীৰ অপকাৰিতাৰ পৰা বাচিবলৈ হ’লে সপ্তাহত ২ বা ৩ ৰ বেছি সাজ খাব নালাগে৷ অধিক পৰিমাণৰ মাৰ্কাৰিয়ে স্নায়ুতন্ত্ৰৰ অহিত সাধন কৰিব পাৰে৷

♦ কেঁচা অমিতাৰ পৰা গৰ্ভপাতৰ সম্ভাৱনা থাকে৷ আনহাতে পকা অমিতা গৰ্ভৱতী মহিলা আৰু স্তনপায়ী মাতৃৰ বাবে বেচ উপযোগী৷

♦ আনাৰচঃ ইয়াত গৰ্ভপাত কৰাব পৰা ব্ৰমেইলিন নামৰ তত্ব থাকে৷

♦ বেঙেনা বেচিকৈ খালে জৰায়ুৰ সংকোচন হব পাৰে৷

♦ তিল বেছি পৰিমাণত খালে জৰায়ুৰ সংকোচন ঘটি গৰ্ভপাত হ’ব পাৰে৷

♦ আঙুৰঃ গৰ্ভৱতী মহিলাই অন্তিম ত্ৰৈমাসিকৰ সময়ত আঙুৰ নোখোৱাটো মংগলজনক৷ আঙুৰে দেহৰ উত্তাপ বঢ়াব পাৰে৷ আঙুৰত থকা Resveretrol নামৰ তত্বই মাতৃৰ হৰমনৰ বিসংগতি ঘটাই জটিলতাৰ সৃষ্টি কৰিব পাৰে৷

♦ চেকাৰিন আৰু কৃত্ৰিম স্বাদ দি বনোৱা খাদ্য সামগ্ৰী অহিতকাৰী৷

♦ টিনত পেক কৰা মাছ বা আন খাদ্য পদাৰ্থ অহিতকাৰী৷

♦ অতি উচ্চ মাত্ৰাৰ ভিটামিন এ (যেনে কড লিভাৰ অইল) গৰ্ভৱতী মহিলাৰ বাবে ক্ষতিকাৰক হব পাৰে৷

♦ ৰাহি হোৱা বাহি খাদ্য (বাৰম্বাৰ গৰম কৰি বা নকৰাকৈ) গৰ্ভৱতী মহিলাই নোখোৱাই মংগলদায়ক৷
 
মোখনিত থোঁৰতে ক’বলৈ হ'লে গৰ্ভৱতী মহিলাৰ খাদ্যঃ      

সদায় সেউজীয়া শাক পাচলি আৰু ফলমূল খাব৷ জীয়া মাছ সপ্তাহত ৫ বা ৬ সাজ, কণী (সম্পূৰ্ণ সিজোৱা) সপ্তাহত ৫ বা ৬ টা, মাংস সপ্তাহত ২ বা ৩ সাজ৷ গাখীৰ সদায় খাব৷ নিতৌ ২ লিটাৰৰ কম পানী নাখায় যেন৷

গৰ্ভাৱস্থাত আনাৰচ, কেঁচা অমিতা, আঙুৰ আৰু তিল নাখাব৷ আৰু এটা  লাগতিয়াল কথা - নাখাবলৈ পৰামৰ্শ দিয়া শাক-পাচলি বা ফলমূল ২ বা ৩ বাৰ খালেই বিপদসংকুল অৱস্থাৰ সৃষ্টি নহয়৷ সেই প্ৰত্যেকটো খাদ্যৰে ভাল উপকাৰী গুণো আছে আৰু প্ৰতিগৰাকী মহিলাৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও থাকে৷ গতিকে পাৰ্শ্বক্ৰিয়া হোৱাৰ আশংকাত কোনেও দিন কটাব নালাগে৷

৪ মাহৰ পৰা নিয়মীয়াকৈ ওচৰৰ মেডিকেলত গৈ স্বাস্থ্য পৰীক্ষা কৰাব৷ 

শেষত সকলো গৰ্ভৱতী মাতৃৰ সুস্বাস্থ্য আৰু গৰ্ভস্থ সন্তানৰ কুশল-মংগল কামনা কৰি এই লিখনি ইমানতে সামৰিলোঁ৷


ডা০ ভূপেন শইকীয়া। ৩০ জানুৱাৰী ২০১৮, ডোহা, কাটাৰৰ পৰা      
যোগাযোগঃ drbksaikia@gmail.com আৰু ৱাটচএপ নম্বৰ +৯৭-৪৩৩৭-৩৮৭২২
ৱেবচাইট www.drbhupensaikia.com