ডিজিটেল ডেস্কঃ কপিল শৰ্মা৷ টিভিৰ পৰ্দাত হাঁহিৰ খোৰাক যোগোৱা কপিল শৰ্মাৰ সমগ্ৰ বিশ্বজুৰি আছে লক্ষ লক্ষ অনুৰাগী৷ টিভিৰ এটা ব্যক্তিগত চেনলৰ এটা শ্বৰ যোগেদি সকলোৰে মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা কপিল শৰ্মাৰ ৰিয়েলিটি শ্ব’ এতিয়া টিভিৰ পৰ্দাত দেখা নাপায় অনুৰাগীয়ে৷ ‘দ্য কপিল শৰ্মা শ্ব’ নামৰ টিভিৰ ৰিয়েলিটি শ্ব’টো বন্ধ হোৱাৰ পাছত এতিয়া অসংখ্য অনুৰাগীৰ মনত প্ৰশ্নৰ উদয় হৈছে কিয় হাঁহিৰ সদাগৰজনে টিভিত দেখা দিয়া নাই৷ পিছে কপিল শৰ্মা আৰু তেওৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ এতিয়া অনুৰাগীয়ে দেখা নোপোৱাৰ আঁৰত আছে বিশেষ কাৰণ৷ 

বক্স অফিচত সফলতা অৰ্জন কৰা কপিল শৰ্মাৰ প্ৰথম ছবি ‘কিচ কিচ কো প্যাৰ কৰু’ৰ পাছত কপিল শৰ্মাৰ অনাগত ফিল্ম ‘ফিৰংগী’৷ এই ফিল্মখনৰ পৰিচালক হৈছে ৰাজীৱ দিংৰা৷ আনহাতে জানিব পোৱা মতে কপিল শৰ্মাৰ টিভি শ্ব’ বন্ধ হোৱাৰ আৰত পৰিচালক ৰাজীৱ দিংৰাৰে হাত আছে৷ 

‘দ্য কপিল শৰ্মা শ্ব’ত ডাক্তৰ মচুৰ গৌলাটী নাম লৈ নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা সুনীল গ্ৰোভাৰৰ লগত বিমানৰ ভিতৰত কপিল শৰ্মাৰ মতানৈক্য ঘটিছিল৷ তাৰ পাছতে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে ইচ্চাকৃত ভাবে কপিল শৰ্মাৰ শ্ব’ৰ পৰা বাহিৰ হৈ যায়৷ আৰু তেতিয়াৰ পৰাই কপিল শৰ্মাৰ শ্ব’ৰ টি আৰ পি কমিবলৈ ধৰে৷ চনী টিভিৰ পৰিয়াল বৰ্গই ইয়াৰ পাছতে ৰাজীৱ দিংৰাক ‘দ্য কপিল শৰ্মা শ্ব’ৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ হিচাপে নিযুক্তি প্ৰদান কৰে৷ কিন্তু ৰাজীৱ দিংৰাই নিজৰ কাম নিয়াৰিকৈ কৰিব নোৱাৰিলে৷ সময়মতে শ্ব’ৰ স্ক্ৰিপ্ট তৈয়াৰ কৰিব নোৱাৰাৰ ফলত শ্ব’ৰ মানদণ্ড বহু পৰিমালে কমি যায়৷

আনহাতে ৰাজীৱ দিংৰাক কপিল শৰ্মাৰ সহযোগী সকলে ভাল পোৱা নাছিল৷ তেওলোকে ৰাজীৱক শ্ব’ পৰিচালক হিচাপে নিবিচৰাৰ বিপৰিতে কপিল শৰ্মাই বিচাৰিছিল ৰাজীৱে শ্ব’ পৰিচালনা কৰাটো৷ যাৰ বাবে সহযোগী সকলৰ সৈতে কপিল শৰ্মাৰ বাক্-বিবাদ আৰম্ভ হয়৷ ইয়াৰ ফলত আলী আজগৰ আৰু সুগন্ধা মিশ্ৰই শ্ব’ বাদ দিয়ে৷ এই সমগ্ৰ ঘটনাই ‘দ্য কপিল শৰ্মা শ্ব’ৰ মানদণ্ড আৰু টি আৰ পিত যথেষ্ট পৰিমানে ক্ষতিসাধন কৰে৷

আনহাতে শ্ব’লৈ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিবৰ বাবে কপিল শৰ্মাই শ্বাহৰুখ খানৰ পৰা অজয় দেৱগনৰ দৰে কলাকাৰসকলৰ ওচৰলৈ যায় যদিও প্ৰত্যেকেই সময়ৰ অজুহাত দেখুৱাই কপিল শৰ্মাক অপেক্ষা কৰোৱাই৷ যাৰ ফলত ‘দ্য কপিল শৰ্মা শ্ব’ত প্ৰভাৱ পৰে৷ 

আনহাতে কপিল শৰ্মা ব্যস্ত আছে তেওৰ অনাগত ছবি ‘ফিৰংগী’ৰ শ্বুটিঙত৷ জানিব পৰা মতে কপিল শৰ্মা যোৱা কেইবাদিনো ধৰি শাৰিৰীকভাৱে অসুস্থও হৈ আছে৷ যাৰ বাবে এতিয়া ‘দ্য কপিল শৰ্মা শ্ব’ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে৷ 

সহযোগী সকলৰ সৈতে বিচ্ছেদ, ৰাজীৱ দিংৰাৰ পৰিচালক হিচাপে উপস্থিতি, বিশিষ্ট কলাকাৰ সকলৰ সময়ৰ অভাৱ তথা কপিল শৰ্মাৰ শাৰিৰীক অসুস্থতাই সকলোৰে মাজত জনপ্ৰিয় ৰিয়েলিটি শ্ব’টো অনাগত ভবিষ্যতত সম্পূৰ্ণ বন্ধ কৰি পেলাব নে কেৱল সাময়িক ভাৱে স্থগিত ৰাখিব সেয়া অনাগত সময়েহে কব পাৰিব৷