ছানডে হো ইয়া মনডে... ৰোজ খাও অণ্ডে। কণী যে স্বাস্থ্যৰ পক্ষে অতি উপকাৰী সেয়া আমি সকলোৱে জানো। কিন্তু কণীৰ বাকলি বা খোলাটোৰ উপকাৰিতা আছেনে? আহকচোন লকডাউনৰ এই সময়ত কণীৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে অলপ জানি লও...

১। কণীৰ বাকলি কেলছিয়ামেৰে ভৰপূৰ। সেয়ে ডাষ্টবিনত পেলাই দিয়াৰ পৰিৱৰ্তে গছৰ সাৰ হিচাপে বা টাবত ৰোৱা ফুলৰ সাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰে। কণীৰ বাকলি ভাঙি গুড়ি কৰি গছৰ গুৰিত দিলে গছ লহপহকৈ বাঢ়িব।

২। কণীৰ বাকলি আপুনি ফাৰ্ষ্ট এইড হিচাপেও ব্যৱহাৰ কৰিব পাৰে। কণী সিজোৱাৰ পিছত বাকলি আৰু মঙহাল বগা অংশৰ মাজত যি পাতল বগা আৱৰণ থাকে, সেয়া কটা-ছিঙাৰ ঘা শুকুৱাৰ ক্ষেত্ৰত মহৌষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। বেণ্ডেজৰ দৰেকৈ এই আৱৰণ কটা অংশত লগাই ৰাখিলে অতি সোনকালে ৰক্তক্ষৰণ বন্ধ হয় আৰু ঘা শুকাই যায়। 

৩। ৰূপৰ আ-অলংকাৰ বা বাছন আদি পৰিষ্কাৰ কৰিবলৈকো কণীৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ভালকৈ সিজোৱা কণীৰ বাকলি গুৰি কৰি সেই গুৰিৰে ৰূপৰ আ-অলংকাৰ আৰু বাছন পৰিষ্কাৰ কৰিলে একেবাৰে উজ্জ্বল হৈ পৰে।

৪। ফ্লাক্স পৰিষ্কাৰ কৰিবলৈকো কণীৰ বাকলি ব্যৱহাৰ কৰা হয়। সিজোৱা কণীৰ বাকলিবোৰ টুকুৰা কৰি ফ্লাক্সৰ ভিতৰত গৰম পানীসহ দি ঢাকনি বন্ধ কৰি কিছুসময় লৰাই থাকি ধুলে দেখিব যে ফ্লাক্সটোৰ ভিতৰভাগ একেবাৰে নতুনৰ দৰে হৈ পৰিছে।


► চৰকাৰে ৰামদেৱৰ ঋণ ৰেহাই দিছে নে নাই জানিবলৈ তলৰ ফটোখনত ক্লিক কৰক...


ইমানেই নহয় কণীৰ বাকলিৰ পাউডাৰ বজাৰত কিনিবলৈকো পোৱা যায়। এই পাউডাৰ গাৰ্ডেনিঙত ব্যৱহাৰ কৰা হয়। কিছুমান ঔষধ কোম্পানীয়ে কণীৰ বাকলি সৰহ হ'লে উচিত মূল্যত সাধাৰণ মানুহৰ পৰা ক্ৰয়ো কৰে।

কেলছিয়ামৰ অভাৱত ভোগা কোনো কোনো লোকে আকৌ খাদ্যৰ লগত সামান্য পৰিমাণে কণীৰ বাকলিৰ পাউডাৰ মিহলায়ো খোৱা দেখা যায়। অৱশ্যে আমি পৰাপক্ষত তেনে নকৰাই ভাল। কিয়নো মাত্ৰাৰ হীনদেড়ি হ'লে সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে।

যদিহে আপুনি ইমানদিনে সিজোৱা কণীৰ বাকলি ডাষ্টবিনত পেলাই দি আহিছিল তেন্তে এতিয়াৰে পৰা সেয়া কামত লগাবলৈ ব্যৱহাৰ কৰক। ইয়াৰ বাবে এই লকডাউনৰ সময়খিনিকে আপুনি সদব্যৱহাৰ কৰিব পাৰে। খাদ্য হিচাপে খোৱাৰ পিছত ৰৈ যোৱা কণীৰ বাকলি ব্যৱহাৰ কৰি লকডাউনত গাৰ্ডেনিঙত মনোনিৱেশ কৰিলে আপোনাৰ ফুলনিখন অধিক ধুনীয়া হৈ পৰিব বুলি আশা কৰিব পাৰি।