ফাইল ফটো
ফাইল ফটো

ডিব্ৰুগড়ঃ যোৱা ৩০ ঘন্টাৰ ভিতৰত ৰাজ্যত দুই ঠাইত দুটাকৈ পহু উদ্ধাৰ হৈছে, এঠাইত বনৰীয়া ঘোৰাই মুকলি বিচৰণ কৰাৰ লগতে এটি গঁড় হত্যা হৈছে। শোণিতপুৰ জিলাৰ বালিপৰাৰ সৰুপাটগাঁৱত সোমবাৰে অৰ্থাৎ ১৫ ডিচেম্বৰত এটি পহু উদ্ধাৰ হয়৷ সৰুপাটগাঁৱৰ একাংশ লোকে স্থানীয় পথাৰত পহুটোক বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি আৱদ্ধ কৰে আৰু বন বিভাগক গতাই দিয়ে৷

আনহাতে একেটা দিনতেই নগাঁও জিলাৰ চামগুৰিত এটা পহু উদ্ধাৰ হয়৷ চামগুৰিৰ লতানি চাপৰিৰ এখন পথাৰত অচেতন অৱস্থাত পৰি আছিল পহুটো৷ একাংশ লোকে পহুটো উদ্ধাৰ কৰি বন বিভাগৰ লাঁওখোৱা কাৰ্যালয়ত গতাই দিয়াত বন বিভাগে চিকিৎসা কৰে পহুটোক সুস্থ কৰে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এটি ঘোৰৰা জাকে মুকলি বিচৰণ কৰাৰ খবৰ আহে আমালৈ৷

ইয়াৰ দ্বাৰা ইয়াকে প্ৰমাণ হয় যে ৰাজ্যৰ বন্যপ্ৰাণী অভয়াৰণ্য সমূহত তথা পাহাৰ জংঘলত অলেখ জীৱ-জন্তু আজিও আছে৷ কিন্তু তাৰ মাজতে পূৰ্বৰ দৰেই দেওঁবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ঁ হত্যা কৰে চোৰাং চিকাৰীয়ে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় হত্যা কাণ্ড সংঘটিত হয় আমকাঠনি বন শিবিৰ এলেকাত৷ দেওবাৰে নিশা আমকাঠনি বন শিবিৰ চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰে যদিও খৰ্গ নিবলৈ সক্ষম নহ’ল৷

এতিয়া প্ৰশ্ন হয় ৰাজ্য খনৰ অমূল্য সম্পদ স্বৰূপ বন্যপ্ৰাণীক সুৰক্ষা দিব কোনে৷ ৰাইজে সুৰক্ষা দিব লাগিব নেকি? বিগত সময়ত দেখা যায় ৰাজ্যৰ খনৰ জৈৱ-বৈচিত্ৰ ৰক্ষা কৰাত চৰকাৰ সমূহ বিফল হৈছে৷ কিয়নো আজিওঁ হাতী, গঁড়, বাঘৰ মৃত্যু হৈ আহিছে৷ কেতিয়াবা চোৰাং চিকাৰী কেতিয়াবা সাধাৰণ লোকৰ জিঘাংসাৰ বলি হৈছে বন্যপ্ৰাণী সমূহ৷ ৰাজ্যৰ যি সমূহ ঠাইত বন্য প্ৰাণীয়ে মুকলি বিচৰণ কৰে সেই ঠাই সমূহত চৰকাৰে সুবিধাজনক স্থানত সুৰক্ষা কৰ্মীৰ স্থায়ী কেম্প বহুৱাই পহৰা দিয়াৰ ব্যৱস্থা কৰিব পাৰে৷

নতুবা স্থানীয় ৰাইজৰ তথা যুৱকৰ দ্বাৰা বিশেষ সমিতি গঠন কৰি ৰাইজক সজাগ তথা পহৰা দিয়াৰ ব্যৱস্থা কৰিব পাৰে৷ পাহাৰৰ পৰা নামি অহা হাতীৰ জাক সমূহে যাতে জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব পাৰে৷ বিশেষ সুৰক্ষা কৰ্মীৰ দল গঠন কৰি চৰকাৰে হাতীয়ে যাতে সাধাৰণ লোকৰ অনিষ্ট কৰিব নোৱাৰে আৰু হাতী যাতে আক্ৰমণৰ বলি নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰে৷ এয়াই নহয় তাৰ বাবে বন বিভাগে সাধাৰণ মানুহৰ ওচৰ চাপিব লাগিব৷

যি সমূহ ঠাইত জীৱ-জন্তুৱে মুকলি বিচৰণ কৰে তেনে ঠাইৰ লোকৰ সৈতে বন বিভাগ সংপৃক্ত হ’ব লাগিব৷ বন বিভাগৰ লোকৰ দৰেই বন্য প্ৰাণীৰ কথা বুজি পাই সেই ঠাই সমূহৰ লোকে৷ চৰকাৰে ইচ্ছা কৰিলে সুৰক্ষিত কৰিব পাৰে বন্য প্ৰাণীক৷ তাৰ বাবে লাগিব পৰিকল্পনা৷ চৰকাৰে হিন্দু-মাছলমান, ধৰ্মক লৈ ৰাজনীতি কৰাৰ বিপৰীতে এনেবোৰ বিষয়ত মন দিয়া হে প্ৰয়োজন বুলি ভাৱে অসমৰ ৰাইজে৷

অসমৰ বন্য প্ৰণী সুৰক্ষিত হলেহে অসমৰ সুস্থ পৰিৱেশ গঢ়ি উঠিব৷ আনহাতে আমালৈ অহা খবৰ মতে, অসমৰ তথা উজনি অসমৰ হৃদপিণ্ডস্বৰূপ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এটি ঘোৰৰা জাকে মুকলি বিচৰণ কৰি আহিছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান একমাত্ৰ বনৰীয়া ঘোঁৰা থকা ঠাই ৰাজ্য খনৰ ভিতৰতে। বনৰীয়া ঘোঁৰাৰ বিচৰণভূমি বুলি খ্যাত তথা পৰ্যটন কেন্দ্ৰ হিচাপেও বিখ্যাত। বনৰীয়া ঘোঁৰাৰ প্ৰত্যক্ষ কৰাৰ মোহত ৰাজ্যখনৰ লগতে দেশী-বিদেশী লোকেও উদ্যানখনত প্ৰতিবছৰে ভিৰ কৰে।

বছৰৰ আৰম্ভণিতে মানুহে ঘোৰা চাবলৈ ভিৰ কৰে৷ প্ৰায় ডেৰশৰো অধিক বনৰীয়া ঘোঁৰা থকা উদ্যানখনত বহুতো বনৰীয়া ঘোঁৰা বানপানী আৰু ৰোগৰ চিকাৰ হোৱাত দ্ৰুত গতিত সংখ্যা পাইছে বুলি আমাৰ সাংবাদিকে স্থানীয় লোকৰ সৈতে কথা পাতি অৱগত হয়৷ সম্প্ৰতি ডিব্ৰু-ছৈখোৱাত ৪৫-৫০টা মানহে বনৰীয়া ঘোঁৰা থকা বুলি কয় স্থানীয় ৰাইজে৷ ডিব্ৰুগড় জিলাৰ চাৰখলিয়া চাপৰিতো যোৱা কিছুদিন ধৰি প্ৰায় ৫০টা বনৰীয়া ঘোঁৰা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে৷

যি কথা নাজানে আমাৰ ৰাজ্য খনৰ বন বিভাগে। জিলাখনৰ হিলৈধাৰী পঞ্চায়তৰ চাৰখলিয়া চাপৰিৰ চিৰিয়াৱলীৰ পৰা বাঘিনী আলিলৈ এটা সময়ত ডাঠ হাবি আছিল। ১০-১২ বছৰ আগলৈকে ইয়াৰ কিছু অস্তিত্ব আছিল যদিও এতিয়া মুকলি চাপৰিত অসংখ্য বগৰী গছ হে দেখা যায়। এই বগৰি গছবোৰো আজি ৰহমৰীয়া অঞ্চলৰ পৰা যোৱা এচাম লোকে কাটি খৰি হিচাপে লৈ যোৱা দেখা যায় তেৱল বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ।

অঞ্চলটোত ১৯৮০ চনৰ পৰা বনৰীয়া ঘোঁৰাৰ বিচৰণ কৰি থকাৰ বিষয়ে স্থানীয় ৰাইজে অৱগত হয়৷ মানুহৰ ছাঁ নসহা ঘোঁৰাজাকে মানুহৰ উপস্থিতি বোধ কৰিলেই ধূলি উৰুৱাই দৌৰ মাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ডিব্ৰুগড় চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত প্ৰায় ৫ কিলমিটাৰ ব্যাসাৰ্ধৰ চিৰিয়াৱলীত চাপৰিত বিচৰণ কৰা ঘোঁৰাৰ বিষয়ে স্বয়ং বন বিভাগৰো খবৰ নাই।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজপথৰ কাষে কাষে বা কিছুমান নিৰ্বাচিত অঞ্চলত বনানীকৰণ কৰিছে যদিও ১৫ হেজাৰ বিঘাৰ বৃহত চাপৰিটোত কিন্তু এজোপাও গছ ৰোপন কৰা হোৱা নাই। গছবিহীনভাৱে পৰি আছে বৃহৎ বৃহৎ মুকলি পথাৰ। যত ঝাওবন, খেৰ বা বনেৰে পৰিপূৰ্ণ। এতিয়া ন ন মুখৰ লোকে হাবি-ডাঙি বাৰী পাতিছে। হয়তো ১০ বছৰ মানৰ মূৰত চৰণীয়া পথাৰৰ অভাৱত এই বনৰীয়া ঘোঁৰা কেইটাৰ অস্তিত্বৰ প্ৰতি সংকট আহি পৰিব।