টেঙাখাটঃ ৰাজ্যৰ দৰিদ্ৰ, সৰ্বহাৰা, খাটিখোৱা লোকৰ ছাত্ৰ-ছাত্ৰীৰ হিতৰ বাবে ৰাজ্য কোনো চৰকাৰে গুৰুত্ব প্ৰদান কৰে৷ সেই কথা গ্ৰাম্য অঞ্চলৰ শিক্ষা অনুষ্ঠানৰ পৰিৱেশ প্ৰত্যক্ষ কৰিলেই ওলাই পৰিব৷ আজিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ ১৫-২০ বছৰ ধৰি একো-একোটা বিষয়ত শিক্ষক নাই৷

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাজগতলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰিলেও গ্ৰাম্য এলেকাৰ বিদ্যালয়ক তেনে পৰিৱৰ্তনৰ সৈতে সাঙুৰি লব পৰা নাই৷ শিক্ষা বিভাগক সংস্কাৰৰ অৰ্থে পালন কৰা গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰিছে যদিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ প্ৰকৃত ছবিখন দিছপুৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা চৰকাৰৰ লোকে অৱগত নহয়

বহুল সমস্যাৰে যুঁজ দি থকা ৰাজ্যৰ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ অভাৱ-অনাটনৰ কথা অনুভৱ নোখোজা ৰাজ্যৰ কোনো চৰকাৰে৷ প্ৰকৃততে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক শিক্ষাদানেৰে উপকৃত কৰাৰ হয়তো চৰকাৰৰ ইচ্ছা নাই৷ যোৱা বিধানসভা নিৰ্বাচনত চমক সৃষ্টি কৰি বিজয়ী হোৱা বিজেপি, অগপ আৰু বিপিএফৰ বিধায়কসকলে শীততাপ নিয়ন্ত্ৰিত দিছপুৰৰ বিধায়ক আৱাস লাভ কৰাৰ পিছতেই গ্ৰাম্য এলেকালৈ আহিবই পাহৰিলে ৷

ইয়াৰ মাজতে ৰাজ্যৰ বহু বিদ্যালয়ত আজিও বহু বিষয়ৰ শিক্ষকৰ অবিহনে চলি থকা দেখা যায়৷ ডিব্ৰুগড় জিলাত দুলীয়াজান বিধানসভা সমষ্টিৰ নকাৰি মজলিয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত ছাত্ৰ-ছাত্ৰীয়ে হাহাকাৰ কৰিব লগা হয়৷ 

১৫০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত মাত্ৰ ৩ গৰাকী শিক্ষকেই শিক্ষাদান কৰিব লগা ঘটনাই চকু কপালত তুলিছে সচেতন মহলক৷ বিদ্যালয়খনত শ্ৰেণী অনুপাতে মুঠ ১০ জন শিক্ষকৰ প্ৰয়োজন যদিও শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ ইমানে নহয় ১৩ বছৰে হিন্দী বিষয়ৰ শিক্ষক নাই বিদ্যালয়ত৷ পাঠাদন নকৰাকৈয়ে হিন্দী বিষয়ৰ পৰীক্ষা দি আহিছে ছাত্ৰ-ছাত্ৰীয়ে৷

পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰৰ কাৰ্যকালত এই গৰাকী হিমন্ত বিশ্ব শৰ্মাই একেটা বিভাগৰে মন্ত্ৰী হৈ থকাৰ পিছতো যোৱা ১৩ বছৰে হিন্দী বিষয়ত শিক্ষক নিযুক্তি দিব নোৱাৰাতো মন্ত্ৰীগৰাকীৰ বিফলতাকে প্ৰতিপন্ন কৰে বুলি কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷  

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক মাধুৰ্য্য বৰুৱা আৰু মনুজ কোচে এক বিবৃতিৰ জৰিয়তে শিক্ষাৰ সংস্কাৰৰ নামত লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে বুলি কয়৷ 

গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷ এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাই সংগঠনটোৱে। 

কেমেৰাৰ সন্মুখত খতিয়ান লৈ ঠাট্টা, মস্কৰা কৰা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰিৰ্ৱতনৰ শ্ল’গান দিয়া হৈছিল যদিও প্ৰকৃততে শ্ল’গান সচা বুলি প্ৰমান নহয়। গুণোৎসৱে ৰাজ্যৰ বিদ্যালয় সমূহৰ স্বৰূপ উদঙাই দিয়াত সহায়ক হৈছে৷ শিক্ষা ৱ্যৱস্থা, শিক্ষণ প্ৰক্ৰিয়াৰ আসোঁৱাহ সমূহৰ লগতে ছাত্ৰৰ অনুপাতে বিদ্যালয় সমূহত শিক্ষক নোহোৱা বিষয়টোও বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷