নগাঁও,১৬ জুলাইঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ডুমডুমীয়াৰ পুঠিমাৰীত এচিড আক্ৰমণত শিশুসহ মহিলা গুৰুত্বৰভাবে আহত হোৱা ঘটনাই স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

ঘটনাৰ বিৱৰণী মতে, যোৱা নিশা প্ৰায় এঘাৰ বজাত পুঠিমাৰীৰ তছলিমা খাতুন নামৰ মহিলা গৰাকী নিজ বাসগৃহত শুই থকা অৱস্থাত আজিম উদ্দিন নামৰ এজন লোকে সিন্ধি দি ঘৰৰ ভিতৰত প্ৰবেশ কৰি হত্যাৰ চেষ্টাৰে অতৰ্কিতে তছলিমা খাতুনক এচিডেৰে আক্ৰমণ কৰে। ফলত তছলিমা খাতুনৰ লগতে আত্মীয় নাজনীন ফাৰুকী নামৰ এটি শিশু আহত হয়। 

উল্লেখযোগ্য যে তছলিমা খাতুনৰ এজনী ভনীয়েকক কিছুদিন পূৰ্বে আজিম উদ্দিনৰ লগত বিয়া দিয়া হৈছিল যদিও আজিম উদ্দিনে প্ৰায়ে শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ কৰা বাবে ভনীয়েকক বিবাহ বিচ্ছেদ কৰোৱাৰ বাবেই এনে ভয়াৱহ ঘটনা সংঘটিত কৰিলে বুলি তছলিমা খাতুনে জানিব দিছে। 

সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত তছলিমা খাতুন আৰু নাজনীন ফাৰুকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সমগ্ৰ দেহতে এচিড দ্বাৰা দগ্ধ হোৱা তছলিমা খাতুন বিপদমুক্ত নহয় বুুলি জানিব পৰা গৈছে।