গুৱাহাটীঃ সমগ্ৰ দেশতে নাৰী জনিত অপৰাধ দিনক দিনে বৃদ্ধি হৈছে। সামাজিক অপৰাধৰ সংখ্যাৰে বিশ্বৰ দেশ সমূহৰ ভিতৰত আমাৰ দেশৰ স্থান ১১২ সংখ্যক। নিৰ্ভয়া, উন্নাও, প্ৰিয়ংকা ৰেড্ডি, অৰ্ণমাই বৰাকে আদি কৰি আৰু বহু এনে হত্যাকাণ্ডই আমাৰ দেশক জোকাৰি গৈছে যদিও এইসমূহ অপৰাধ নিৰ্মূলৰ বাবে কোনো এখন চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই। কিছুদিন পূৰ্বে সংবাদ শিৰোনামৰ লগতে সমগ্ৰ দেশে হুমুনিয়াহ কঢ়া প্ৰিয়ংকা ৰেড্ডি আজি পাহৰণিৰ গৰ্ভত। নিৰ্ভয়া হত্যাকাণ্ডৰ গোচৰতো এতিয়া সোমাই পৰিছে ৰাজনৈতিক মেৰপেছ যাৰ বাবে আজিও ন্যায়ৰ আশাত উজাগৰী নিশা কটাবলৈ বাধ্য হৈ পৰিছে নিৰ্ভয়াৰ মাতৃ।

পুৰুষতান্ত্ৰিক মানসিকতাই শিপাই থকা আমাৰ দেশত প্ৰতি মুহূৰ্তেই সংঘটিত হৈ আহিছে এনে বহু সামাজিক অপৰাধ। যোৱাটো সপ্তাহত অসমত সংঘটিত হৈছে তিনিটাকৈ ধৰ্ষণজনিত হত্যাকাণ্ড। আশ্চৰ্যজনক কথা এয়ে যে এই অপৰাধৰ বাবে একাংশ লোকে অপৰাধীৰ পৰিৱৰ্তে চুটি কাপোৰকহে জগৰীয়া কৰা দেখা গৈছে।  

পদাতিক নাৰী সমাজৰ প্ৰতিৰোধ সংগ্ৰাম

সময়ে সময়ে নাৰী সমাজৰ লগতে অন্যান্য সচেতন লোকসকলেও ইয়াৰ বিৰুদ্ধে সজোৰে মাত মাতি আহিছে যদিও বলিষ্ঠ পদক্ষেপেৰে ইয়াক কেনেদৰে নিশেষ কৰিব পাৰি সেই সন্দৰ্ভত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি এনে সামাজিক অপৰাধ চৌদিশে বিয়পি পৰা পৰিলক্ষিত হৈছে। কেতিয়াবা যদি স্বামীৰ দ্বাৰা, কেতিয়াবা আকৌ নিজ পিতৃৰ দ্বাৰা ঘৰে-বাহিৰে, পদপথ, কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, ৰাজহুৱা পৰিবহণ, ছ’চিয়েল মিডিয়া, ইণ্টাৰনেটকে আদি কৰি সকলোতে নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়াত পৰিছে নাৰী।

পৰিতাপৰ কথা এয়ে যে এটাৰ পিছত এটাকৈ নাৰীৰ বিৰুদ্ধে এনে ঘটনা সংঘটিত হৈ আহিলেও সমাজৰ নীতি-নিয়ম, মান-মৰ্যাদাৰ দোহাই দি সেয়া পাৰ্যমানে ঢাকি ৰখা হৈছে। যেতিয়াই তেনে ঘটনাই ভূক্তভোগীৰ প্ৰাণ কাঢ়িছে তেতিয়াহে ধানখেৰৰ জুইৰ দৰে চৌদিশে প্ৰতিবাদ-বিক্ষোভ পৰিলক্ষিত হয়। এনেদৰেই এতিয়া দিনক দিনে বৃদ্ধি পাবলৈ লৈছে নাৰীজনিত অপৰাধ।

এগৰাকী মহিলা পলমকৈ ঘৰলৈ উভতিলে সকলোৰে চকুত কৌতূহলী প্ৰশ্ন। অথচ পুৰুষজন কেতিয়া কেনেকৈ ক’ত ঘূৰিছে সেই লৈ সকলো নিমাত।  পুৰুষ-নাৰীৰ মাজত এনে বিভেদ অনাসকলৰ মুখতেই শুনা যায় সমঅধিকাৰৰ প্ৰসংগ। এইয়া জানো প্ৰকৃত গণতন্ত্ৰ? এইয়া জানো প্ৰকৃত সমঅধিকাৰ? এনে বহুকেইটা সামাজিক বিষয়ৰ লগতে মহিলাৰ অধিকাৰ তথা সুৰক্ষাৰ দিশটোকো সামৰি যোৱা ৮ ফেব্ৰুৱাৰীত গুৱাহাটীত পদাতিক নাৰী সমাজে আয়োজন কৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচী। প্ৰায় তিনি শতাধিক বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত মহিলা শ্ৰমিক, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা সচেতন বহু নাৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদত।

অসমৰ বিশিষ্ট বুদ্ধিজীৱী তথা চিন্তাবিদ ড০ হীৰেণ গোহাঁয়ো এই কাৰ্যসূচীত উপস্থিত হৈ মহিলাসকলক শুভেচ্ছা জ্ঞাপন কৰে। 'এখন সমাজ কেতিয়াও অকল পুৰুষে পৰিচালিত কৰিব নোৱাৰে। নাৰীও এই সমাজৰেই এক অংশ। তেওঁলোকৰ সহযোগিতা অবিহনে সমাজখন সুস্থিৰভাৱে পৰিচালিত হ'ব নোৱাৰে। নাৰীয়ে নিজৰ অধিকাৰৰ যুঁজখনত নিজেই অংশগ্ৰহণ কৰাটোৱে শুভ-বাৰ্তা কঢ়িয়াইছে। এই সংগ্ৰাম আৰু বহু দূৰ-দুৰণি পৰ্যন্ত বিয়পাব লাগিব। নাৰীৰ অধিকাৰৰ বাবে নাৰীয়েই মাত মাতিব লাগিব। সমাজখনত নাৰী-পুৰুষৰ সমমৰ্যদা থাকিলেহে প্ৰকৃতাৰ্থত গণতন্ত্ৰ বৰ্তি থাকিব। এতিয়া এইখন দেশত গণতন্ত্ৰ বৰ্তি থকা নাই।’-নাৰী সমাজৰ প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই এইদৰে কয় বিশিষ্ট চিন্তাবিদগৰাকীয়ে।

কি উদ্দেশ্যৰে হৈছিল এই প্ৰতিৰোধ? 

লিংগভিত্তিক বৈষম্য আৰু নিৰ্যাতন, শ্ৰেণী শোষণৰ বিৰুদ্ধে আৰু অসাংবিধানিক তথা অসম বিৰোধী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীক বিশেষ গুৰুত্ব প্ৰদানেৰে  অসমৰ যোৰহাট আৰু গুৱাহাটীকে ধৰি ভিন্নস্থানত আয়োজিত এই কাৰ্যসূচীক লৈ বহুসংখ্যকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমতো এই প্ৰতিৰোধে চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত একাংশ লোকে এই প্ৰতিৰোধলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অচিৰেই নাৰী-পুৰুষৰ বৈষম্য ভাঙি প্ৰকৃতাৰ্থত মানুহৰ এখন সমাজ গঢ় লোৱাৰ প্ৰত্যাশা ব্যক্ত কৰিছে অসংখ্যাজনে। 

প্ৰতিৰোধ আন্দোলনৰ নেতৃত্ব দিয়া পূজা নিৰলাই NNOৰ আগত কয় যে এই যুঁজ কেৱল নাৰীৰ বাবেই নহয়। এই প্ৰতিবাদ ফেঁচীবাদ আৰু সাম্প্ৰদায়িক চৰকাৰৰ সকলোধৰণৰ দমননীতিৰ বিৰুদ্ধে বুলিও স্পষ্ট কৰি দিয়ে নিৰলাই। তেওঁ কয়, 'এইখন সমাজে এতিয়াও নাৰীক ভোগৰ সামগ্ৰী জ্ঞান কৰি আহিছে। দমনমূলক মনোভাৱ পোষণেৰে নাৰীক সমমৰ্যদাৰ পৰা বঞ্চিত কৰিছে। কেৱল ঘৰৰ কামেই নহয়, অসমীয়া নাৰীয়ে অসমত হোৱা প্ৰায়বোৰ ৰাজনৈতিক আন্দোলনত সক্ৰিয় অংশগ্ৰণ কৰিছে। ভিৰৰ মাজত নিজৰ স্থিতি সাব্যস্ত কৰিবলৈ চেষ্টা কৰিলেও তেওঁলোক বহু সময়ত কেৱল এক সংখ্য হৈ ৰৈছে। সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটোৰ পৰা কৌশলেৰে মহিলাক আতঁৰাই ৰখা হৈছে। মহিলাৰ সমস্যাসমূহ সদায় একাষৰীয়া কৰি ৰাখি মহিলাৰ ওপৰত দমন আৰু নিপীড়ন চলাই থকা হৈছে।’

নাৰীজনিত অপৰাধ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও সদৰী কৰে নিৰালাই। এই সন্দৰ্ভত তেওঁ এন চি আৰ বিৰ ২০১৮ চনৰ সমীক্ষাৰ প্ৰসংগও দাঙি ধৰে। 'এন চি আৰ বিৰ ২০১৮ চনৰ সমীক্ষাত অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ভয়াৱহ ছবি প্ৰকাশ পাইছে। কেৱল নাৰীৰ বাবেই আমাৰ এই যুঁজ নহয়। এই যুঁজ হৈছে সকলোধৰণৰ দমননীতিৰ বিৰুদ্ধেও।’- কেৱল বেটী বছাও বেটী পঢ়াওৰ বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰছ কৰিলেই দেশৰ নাৰী সমাজৰ কোনো উন্নতি নহয় বুলি উল্লেখ কৰি চৰকাৰক শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এইদৰে কয় নেত্ৰীগৰাকীয়ে। 
 
আনহাতে  ট্ৰেন্সজেণ্ডাৰসকলৰ অধিকাৰৰ প্ৰসংগটোও উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অংশ আছিল বুলিও জনাই নিৰলাই। 'আমাৰ ইয়াত ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে কোনোধৰণৰ সা-সুবিধা নাই। আমি তেওঁলোকৰ বাবেও চৰকৰী আশ্ৰয়গৃহৰ দাবী উত্থাপন কৰিছো। কাৰণ তেওঁলোকো এই সমাজৰেই এক অংশ।’-নিৰলাই কয়।

ৰাজ্যপালক দিয়া নহ’ল স্মাৰকপত্ৰ

'পদাতিক' নাৰী সমাজে দীঘলীপুখুৰীস্থিত 'লক্ষীধৰ বৰা ক্ষেত্ৰ'ত সমবেত হৈ ৰাজ্যপালক দাবীসমূহৰ স্মাৰকপত্ৰ দিবলৈ ৰাজভৱনত উপস্থিত হয়। কিন্তু ৰাজ্যপালগৰাকী দিল্লীত থকাত সেয়া হৈ নুঠিল। সেয়েহে তেওঁলোকে ৰাজভৱনৰ কোনো প্ৰতিনিধিক স্মাৰকপত্ৰ দিবলৈ চেষ্টা চলাই যদিও  প্ৰশাসনে প্ৰতিবাদকাৰী দলটোক ৰাজভৱনৰ ভিতৰলৈ যোৱা বাটত বেৰিকেডেৰে আগভেটি ধৰে। 

প্ৰতিবাদকাৰীসকলে ৰাজভৱনৰ প্ৰতিনিধিৰ লগত যোগাযোগ কৰি দিবলৈ অনুৰোধ কৰা স্বত্বেও তেওঁলোকৰ অনুৰোধ প্ৰশাসনে ৰক্ষা নকৰাত প্ৰতিবাদী সমদলটোৱে সেই স্থানতে প্ৰতিবাদ অব্যাহত ৰাখে। কিছু সময়ৰ পিছত প্ৰশাসনে তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাই নহয় বলপূৰ্বকভাবে তেওঁলোকক আঁতৰাই পঠায়। আৰক্ষীয়ে  টনা আজোঁৰাতে ক্ষান্ত নাথাকি এগৰাকী বৃদ্ধাৰ লগতে পাঁচগৰাকী অন্য মহিলা আৰু ছাত্ৰীক লাঠীৰে প্ৰহাৰ কৰে।

প্ৰশাসনৰ এনে দমনমূলক নীতিৰ বিৰুদ্ধে গৰিহণা দি তাত থকা প্ৰতিবাদী মহিলাসকলে চিলিৰ এক প্ৰতিবাদী সংগীত পৰিৱেশনেৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰশাসনৰ অগণতান্ত্ৰিক আচৰণলৈ চাই নাৰীকেন্দ্ৰিক এই প্ৰতিবাদ পৰৱৰ্তী সময়ত বিস্তৃতৰূপত চৌদিশে বিয়পি পৰাৰ শংকাতেই চৰকাৰ-প্ৰশাসনে এনে দমনমূলক নীতি গ্ৰহণ কৰিছে বুলি ছ’চিয়েল মিডিয়াত মতপোষণ কৰা দেখা গৈছে নেটিজেনসকলক।