কোকৰাঝাৰঃ বিশ্বৰ বিভিন্ন প্ৰান্তত অান্ত:ৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন হোৱাৰ সমান্তৰালভাৱে কোকৰাঝাৰৰ জিলাৰ বিভিন্ন প্ৰান্ততো অাজি উদযাপন হয় আন্ত:ৰাষ্ট্ৰীয় মহিলা দিৱস। ইয়াৰে অংশস্বৰূপে কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত জৌমৈপূৰী নেৰছৌন গৃহত বেচৰকাৰী সংস্থা "নেৰছৌন"ৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আন্ত:ৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয়। 

বেচৰকাৰী সংস্থাটোৰ উদ্যোগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে সংস্থাটোৱে জিলাৰ দুগৰাকী মহিলা ক্ষুদ্ৰ ব্যৱসায়ী ক্ৰমে ৰমলা নাৰ্জাৰী আৰু জিলং বসুমতাৰীক ষষ্ঠ বাণিজ্য বঁটা প্ৰদান কৰে। সভাৰ মুখ্য অতিথি তথা ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ বিবাৰী বসুমতাৰীৰ হাতেৰে মহিলা ব্যৱসায়ী দুগৰাকীক মানপত্ৰ , অাৰনাই অাৰু নগদ দহ হেজাৰ টকা দি  সম্বৰ্ধনা জনায় নেৰছৌন নামৰ সংস্থাটোৱে। উক্ত সভাত চেৰফাংগুৰীস্থিত জনতা কলেজৰ প্ৰৱক্তা ড: ছুজাটা ভদ্ৰাকে ধৰি বহু স্থানীয় লোক উপস্থিত অাছিল ।

ইপিনে বডোলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনতো অান্ত:ৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰা হয় । বডোলেণ্ড বিশ্ববিদ্যালয়ৰ মহিলা গোটৰ উদ্যোগত উদযাপিত হোৱা অান্ত:ৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে মহিলাৰ সুৰক্ষা অাৰু সাৱলীকৰণৰ ওপৰতো এক মনোজ্ঞ অালোচনাচক্ৰ অনুষ্ঠিত হয় । উক্ত অালোচনাচক্ৰত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হেমন্ত কুমাৰ ভৰালী , মহিলা গোটৰ অধ্যক্ষা শৰ্মিষ্ঠা ব্ৰহ্মকে ধৰি ভালেকেইগৰাকী বিশিষ্ঠ ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।