নলবাৰীঃ নলবাৰী জিলাৰ মৈৰাদঙাৰ পাগলদিয়া বালিচাপৰিত প্ৰায় ৫০০বিঘা ভূমিত গঢ় লৈ উঠা শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মত এখন উদ্যোগী সন্মিলন অনুষ্ঠিত হয়।

নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অনুষ্ঠিত সন্মিলনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমল মল্ল বুজৰ বৰুৱা, কৃষি সঞ্চালক হেমেন ভট্টাচাৰ্য্য, জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, জিল্লা উন্নয়ন অায়ুক্ত নাদিৰা জেছমিন, জিলা অাৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য্য, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, জিলা কৃষি বিজ্ঞানী মূদুল ডেকা, নাৱাৰ্ডৰ নলবাৰী জিলাৰ প্ৰৱন্ধক দিব্যজোতি বিশ্বাসৰ লগতে বাক্সা, শিৱসাগৰ, চিৰাং, বঙাইগাওঁ, নলবাৰী জিলাৰ কৃষি বিজ্ঞানী, ফাৰ্মখনৰ সদশ্যসকলৰ সৈতে বহু সংখ্যক স্থানীয় কৃষক উপস্থিত থাকে।

ধনতোলাস্থিত জ্যোতি ফাৰ্মাছ ক্লাৱত উপস্থিত হৈ পংকজ, জয়ন্ত, ৰাতুল, দিনেশ সহ সদশ্য সকলে উৎপাদন কৰা অমিতা, ৰঙালাউ, বগৰী, কুহিয়াৰ, কল অাদিৰ ফচল সমূহ দেখি যথেষ্ট অাপ্লুত হয় উপাচাৰ্য ড০ কমল কুমাৰ বুজৰ বৰুৱা অাৰু স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান বৰবৰীৰ গ্ৰাম্য বিকাশ মঞ্চই ৫০ হাজাৰ টকাৰ অাৰ্থিক অনুদান অাগবঢ়াই।