নতুন দিল্লীঃ সন্ত্ৰাসবাদ, দূৰ্নীতি আৰু ক'লা ধনৰ ওপৰত 'চাৰ্জিকেল ষ্ট্ৰাইক’ কৰাৰ উদ্দেশ্যে ভাৰতত বিমূদ্ৰাকৰণৰ দৰে সাহসী পদক্ষেপ গ্ৰহণ কৰা দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰথম অৱস্থাত বিৰোধীকে ধৰি সমগ্ৰ দেশতে ভিন্ন মহলে সমালোচনাৰে থকা-সৰকা কৰিলেও এই পদক্ষেপক আদৰ্শ হিচাপে গ্ৰহণ কৰিছে বিশ্ব বেংকে।

যদিওবা বিমূদ্ৰাকৰণৰ আগেয়ে দেশৰ জনমূৰি আয় বিগত বৰ্ষৰ জুন মাহত নিৰ্ধাৰিত কৰামতে ৭.৬ শতাংশৰপৰা ৭ শতাংশলৈ হঠাতে নামি গৈছিল, তথাপি বিশ্ব বেংকে উক্ত পদক্ষেপক প্ৰশংসা কৰিছে।

বিশ্ব বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টেলিনা জৰ্জিভাই মোদীৰ পদক্ষেপৰ ফলত দেশখনৰ অৰ্থনীতিৰ ওপৰত ধনাত্মক প্ৰভাৱ পৰিছে বুলি হিন্দুস্থান টাইমচ নামৰ কাকতখনৰ সৈতে হোৱা সাক্ষাৎকাৰ এটাত মন্তব্য কৰিছে। কেৱল এয়াই নহয়, উক্ত পদক্ষেপ আন দেশসমূহে অধ্যয়ন কৰি প্ৰয়োগ কৰাৰ কথা ভাবিব পাৰে বুলিও পৰামৰ্শ দিয়ে দুদিনৰ বাবে ভাৰত ভ্ৰমণলৈ অহা ক্ৰিষ্টেলিনাই।

ইমান বৃহৎ দেশ এখনত বিমূদ্ৰাকৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত সাহসী পদক্ষেপ বুলিও কয় ক্ৰিষ্টেলিনাই। ভ্ৰমণকালত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিচ আৰু আৰবিআইৰ গভৰ্ণৰ উৰ্জিত পেটেলকো সাক্ষাত কৰে।