জেনেভাঃ কেৱল বয়স্ক লোকসকলৰ বাবেই নহয়, মাৰাত্মক কৰ’না ভাইৰাছ ডেকা-গাভৰুৰ বাবেও হ’ব পাৰে বিপদৰ কাৰণ। এই সতৰ্কবাণী প্ৰদান কৰিছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মূৰব্বী টেডৰ’ছ এটানমে। মূলতঃ কৰ’না ভাইৰাছ শিশু আৰু জ্যেষ্ঠ লোকসকলৰ বাবেই অধিক বিপদজনক হিচাপে ধৰা হ’লেও এই ৰোগক পৰাভূত কৰাতো তৰুণ-তৰুণীসকৰ পক্ষেও যে ইমান সহজ নহয় সেয়া স্পষ্টকৈ জনাইছে WHOৰ প্ৰধানগৰাকীয়ে।

'যদিও কৰ’না ভাইৰাছত মৃত্যু হোৱা লোসকসকলৰ ভিতৰত বয়স্ক লোকৰ সংখ্যাই সৰহ, তথাপি এই ভাইৰাছবিধক কোনেও অৱজ্ঞা কৰা উচিত নহয়। কৰ’না ভাইৰাছত ডেকা-গাভৰুসকলো গুৰুতৰভাৱে আক্ৰান্ত হ’ব পাৰে, আনকি মৃত্যুমুখতো পৰিবলগীয়া হ’ব পাৰে।’-জেনেভাত অনুষ্ঠিত এক ভাৰ্চুৱেল সংবাদমেলৰ জৰিয়তে এইদৰে কয় WHOৰ প্ৰধানগৰাকীয়ে। 

টেডৰ’ছে আৰু কয়, 'তোমাৰ বয়স কম আৰু প্ৰতিৰোধ ক্ষমতা বেছি। সেয়ে তোমাৰ প্ৰতিৰোধ ক্ষমতাই তোমাক বচাই তুলিব পাৰে। কিন্তু তোমাৰ বাবে তোমাৰ পৰিয়ালৰে কোনো বয়স্ক আপোনজনৰ জীৱনলৈ সোনকালে মৃত্যু নামি আহিব পাৰে। সেয়ে এই ভাইৰাছক ডেকা-গাভৰুসকলেও ভয় কৰা উচিত।’

নিজকে অইনৰ মৃত্যুৰ বাবে দায়ী নহ’বলৈ আহ্বান জনাই এই কঠিন পৰিস্থিতিত সকলোকে সম্ভৱ হোৱালৈকে ঘৰৰ ভিতৰতে থাকিবলৈকো পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাৰ শীৰ্ষ মূৰব্বীগৰাকীয়ে। সমগ্ৰ বিশ্বতে তৰুণ প্ৰজন্মই বিশেষজ্ঞসকলৰ আহ্বানলৈ সহাৰি জনাই কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক লৈও সন্তুষ্টি ব্যক্ত কৰিছে WHOৰ প্ৰধান টেডৰ’ছে।

WHOৰ প্ৰধানগৰাকীয়ে সামাজিক দূৰত্বৰ পৰিৱৰ্তে এই কঠিন সময়ত শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাত অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে ইজনে-আনজনৰ ওচৰলৈ গৈয়েই সামাজিক সম্পৰ্ক বজাই ৰাখিবলগীয়াকৈ বৰ্তমানৰ দিনবোৰ তাহানিৰ দৰে হৈ থাক নাই। ছ’চিয়েল মিডিয়া, মোবাইল ফোনৰ, ইণ্টাৰনেটৰ যোগেদিও আজিৰ যুগত মানুহে স্বাভাৱিক সামাজিক সম্পৰ্ক ৰক্ষা কৰিব চলিব পাৰে। কিন্তু এই সময়ত শাৰীৰিকভাৱে পৰস্পৰে পৰস্পৰৰ পৰা দূৰত্ব বৰ্তাই ৰখাতো অতিশয় জৰুৰী হৈ পৰিছে বুলি পুনৰবাৰ সকলোকে স্পষ্ট কৰি দিয়ে টেডৰ’ছে।

আনহাতে ধূম্ৰপায়ীসকলকো সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। সংস্থাটোৰ মূৰব্বীগৰাকীয়ে কয় যে ধূম্ৰপানে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট হ্ৰাস কৰে, সেয়ে এই সময়ত ধূম্ৰপান কৰিলে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। 'ধূমপান নকৰিব। ই আপোনাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু তেতিয়া সহজে কৰ’নাত আক্ৰান্ত হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।’-টেডৰ’ছে কয়।

উল্লেখ্য যে এই পৰ্যন্ত সমগ্ৰ বিশ্বতে কৰ’নাত আক্ৰান্ত হৈছে ২.৫০ লাখৰো অধিক লোক। ইয়াৰে ১১ হাজাৰৰ ইতিমধ্যে মৃত্যু ঘটিছে। ভাৰতত শনিবাৰৰ পুৱা ১০ বজালৈকে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ২৭১গৰাকী। দেশখনত ৰোগবিধত মৃত্যু ঘটিছে ৪জন লোকৰ। ইফালে, আজিৰ সংবাদমেলত বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছ যে শুকুৰবাৰৰ দিনটোত প্ৰথমবাৰৰ বাবে কৰ’নাৰ উৎপত্তিস্থল চীনৰ উহান চহৰত নতুনকৈ এজনো লোক ৰোগবিধত আক্ৰান্ত হোৱা নাই।