গুৱাহাটীঃ পানীয়ে জীৱৰ প্ৰাণ৷ এটুপি বিশুদ্ধ পানী মানুহৰ প্ৰাণ৷ পানী নাথাকিলে পৃথিৱীৰ কল্পনাই কৰিবই নোৱাৰি৷ খোৱাৰ বাবে উপযোগী পানীক মানুহে অপব্যয় কৰিব নালাগে এই বাৰ্তা সকলোকে দি আহিছে বিশ্বৰ বিভিন্ন সংস্থাই৷ খোৱাপানীৰ নাটনি এদিন হ’বই সেই কথা বিশ্বৰ সংস্থা সমূহে উনুকিয়াই আহিছে৷

এদিন কোটি কোটি মানুহে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহকাৰ কৰিব লাগিব৷ সেই কথা ভবাৰ এয়াই উপযুক্ত সময়৷ বহু মানুহে খোৱাপানী অবাবতে নষ্ট কৰা পৰিলক্ষিত হয়৷ তেনে লোকে সামগ্ৰিক ভাৱে সমাজৰ বাবে চিন্তা কৰা উচিত৷

এতিয়া সমগ্ৰ বিশ্বতে খোৱাপানীৰ অভাৱৰ কথা সময়ে সময়ে প্ৰচাৰ হৈ আহিছে৷ এইবাবে পানীৰ সংৰক্ষণ অতীব প্ৰয়োজন হৈ পৰিছে৷ পানী ব্যৱহাৰৰ ক্ষেত্ৰতো চিন্তাশীল হোৱাৰ প্ৰয়োজন হৈ পৰিছে৷ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ হোৱাৰ বাবে সাধাৰণ লোকক বাৰ্তা দিয়াৰ প্ৰয়োজন হৈ পৰিছে। 

সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে ২২ মাৰ্চৰ দিনটোত ‘বিশ্ব জল দিৱস’ হিচাপে সমগ্ৰ বিশ্বই পালন কৰি আহিছে।

১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’-ডি-জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক দিশ সন্দৰ্ভত অনুষ্ঠিত হোৱা বৈঠকত ‘বিশ্ব জল দিৱস’ পালনৰ সিদ্ধান্ত লোৱা হয়। সমগ্ৰ বিশ্বত ১৯৯৩ চনৰ পৰা ‘বিশ্ব জল দিৱস’ পালন কৰি আহিছে বিশ্ব বিভিন্ন সমস্থাই তথা প্ৰতিখন দেশৰ চৰকাৰে৷

ৰাষ্ট্ৰ সংঘৰ শেহতীয়া প্ৰতিবেদন মতে, পৃথিৱীৰ স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি যদিও বিশুদ্ধ খোৱা পানীৰ পৰিমাণ বহু কম। খোৱাপানীৰ উৎস ক্ৰমে কমি আহিছে৷ আনহাতে বিশুদ্ধ খোৱাপানীৰ উৎসবোৰ কল-কাৰখানাৰ লগতে বিভিন্ন কাৰণত ভয়াবহ প্ৰদূষণৰ কৱলত পৰিছে। 

প্ৰদূষণৰ বাবেই বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে কেইবাখনো দেশে। বিশ্বৰ সমূহ জনসংখ্যাৰ বেছি সংখ্যক লোকে খোৱাপানীৰ বাবে ভূগৰ্ভৰ পানীকেই নিৰ্ভৰ কৰে। 

মাথো কিছু সংখ্যাক লোকেহে আন উৎসৰ পৰা খোৱা পানী সংগ্ৰহ কৰে। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো খোৱাপানীৰ অভাৱ ক্ৰমে হৈ আহিছে৷ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰত প্ৰতিবছৰে পানীৰ বাবে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়৷

সমগ্ৰ বিশ্ব লগতে ভাৰতৰ লোকেও পানী সংৰক্ষণ, পানী অপব্যয় কৰাৰ সন্দৰ্ভত সজাগ হোৱাৰ প্ৰয়োজন হৈ পৰিছে৷ ইয়াৰ লগে লগে আমাৰ অসমতো হুৱাহাটী মহানগৰীৰ, ভাৰত-ভটান সীমান্ততো জল সংকটে দেখা দিয়ে৷ 

যাৰ বাবে চৰকাৰে এনে বিষয় সমূহত গুৰুত্ব দিয়াৰ অতীব প্ৰয়োজনীয়৷ মন্ত্ৰী, বিধায়ক আমোলাৰ লগতে সাধাৰণ মানুহ সজাগতা গোৱাৰ প্ৰয়োজন৷ স্বেচ্ছাসেৱী অনুষ্ঠান সমূহে এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কাম কাৰ উচিত৷

⇒অসমত খোৱাপানীৰ সমস্যা

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰী৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলিও কোৱা হয় গুৱাহাটী মহানগৰীক৷ এই খন ৰাজধানী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখত বিশুদ্ধ খোৱাপানীৰ নাটনি কোনো নতুন কথা নহয়। 

খৰালি আৰম্ভ হোৱাৰ লগে লগে ব্যস্ত মহানগৰীখনত খোৱাপানীয়ে নাটনিয়ে কিমান অসুবিধাৰ সৃষ্টি কৰে সেয়া বৰ্ণনা কৰিব নোৱাৰি। বিশেষকৈ পাহাৰৰ বাসিন্দাসকলে এটুপি খোৱাপানীৰ বাবে হাতত বাল্টি, কলহ লৈ বহু দুৰলৈ গৈ পানীৰ সন্ধান কৰিবলগা হয়। 

আৰ্থিকভাবে সক্ষমসকলে ১০০ ফুট দ পৰ্যন্ত কুৱা তথা বৰিং কৰি মটৰেৰে পানী উলিয়ায় যদিও ডিচেম্বৰ-জানুৱাৰী মাহত জলস্তৰ বহু তললৈ নামি যোৱাৰ ফলত কুঁৱাৰ তলি শুকাই যায়। মহানগৰখনৰ কাহিলীপাৰা, ভেটাপাৰা, বশিষ্ঠ চাৰিআলি, খানাপাৰা, ৰাজগঢ়, অনিল নগৰ, নবীন নগৰ, চান্দমাৰী, শিলপুখুৰী, জুৰোড, পাণবজাৰ, জটিয়া, গণেশগুৰি, দিশপুৰ, হাতীগাঁও আদি অঞ্চলত খোৱাপানীৰ তীব্ৰ নাটনি হোৱা দেখা যায়। 

পানী যোগান আঁচনি আছে যদিও আঁচনিয়ে পৰ্যাপ্ত পানী যোগান ধৰিব পৰা নাই। চাহিদা অনুপাতে পানী যোগান ধৰাটো বাদেই, নূন্যতম পৰিমাণৰ খোৱাপানীও চৰকাৰৰ আঁচনিয়ে দিব পৰা নাই। ফলত অসাধু চক্ৰই আৰম্ভ কৰিছে পানীৰ ব্যৱসায়। 

অত্যধিক দৰত মহানগৰীৰ লোকে পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিব লগা হৈছে। এটি চক্ৰই বেআইনীভাবে মাটিৰ তলৰ পৰা পানী উলিয়াই চৰা দৰত বিক্ৰী কৰাৰ কথা আলোচিত হৈ আছে যদিও চক্ৰটোৰ বিৰুদ্ধে কোনাও মুখ নোখোলে। 

ইমানে নহয় সমগ্ৰ ৰাজ্যত এতিয়া খোৱাপানীৰ সমস্যা৷ ৰাজ্যৰ বিভিন্ন ঠাইত মানুহে লেতেৰা পানী সেৱন কৰি থাকিব লগা হৈছে৷ নৈ, নিজৰৰা, নলা আদিৰ পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে৷ যাৰ বাবে সাধাৰণ লোকসকলে ৰোগত আক্ৰান্ত হ’ব লগা হৈছে৷

এই সমস্যা সমাধানৰ বাবে কোনো চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও সেই আঁচনি সমূহে আজিলৈ জনসাধৰণক পানী দিব নোৱাৰিলে৷ 

উল্লেখ্য যে, ৰাজ্যখনৰ নগাঁও, কামৰূপ, গোৱালপাৰা আৰু কার্বি আলঙৰ পানীত ৪-১৫ মাইক্র’গ্রাম ফ্ল’ৰাইড প্রতিলিটাৰ পানী পোৱা গৈছে৷ ফ্ল’ৰাইড আক্রান্ত পানী খাই কার্বি আলং জিলাত স্কেলেটেল ফ্ল’ৰছিছ আৰু দাঁতৰ ফ্ল’ৰছিছ হোৱা দেখা গৈছে।

একেদৰে ধেমাজি আৰু মাজুলী জিলাত ভূ-ভাগৰ পানীত ০.০৫ মিলিগ্ৰাম আৰ্ছেনিক প্ৰতিলিটাৰত পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ অনুসৰি প্ৰতিলিটাৰ পানীত ০.০০১ মি.গ্ৰা.তকৈ অধিক আৰ্ছেনিক থাকিলে সেই পানী খোৱাৰ উপযোগী নহয়।

ইফালে ৰাজ্যখনৰ ভালেকেইখন জিলাত ভূ-গৰ্ভৰ পানীত লোৰ পৰিমাণ অত্যাধিক হোৱাৰ ফলত সেয়া খোৱাৰ উপযোগী নহয়। এইবোৰ দিশত চৰকাৰে চকু দিয়াটো দুৰৰেই কথা, বিশাল ব্ৰহ্মপুত্ৰ নদীখন কাষত থকাস্বত্বেও ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ মহানগৰীতে খোৱাপানীৰ অভাৱ দূৰ কৰিব পৰা নাই। ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে বৰষুণৰ পানী সংৰক্ষণ কৰি পানীৰ অভাৱ দূৰ কৰিব পাৰে৷ তাৰ বাবে চৰকাৰৰ ইচ্ছাৰ প্ৰয়োজন৷