newsnextone.com | গুৱাহাটীঃ  বিশিষ্ট ব্যক্তি তথা জনপ্ৰিয় সাহিত্যিক ৰাজকুমাৰ অজিত নাৰায়ণ সিংহৰ দেওবাৰে মৃত্যু হয়। নিশা ৮-৩০ বজাত গুৱাহাটী দিঘলীপুখুৰীস্থিত এছ.কে. ভূঞা পথৰ বাসগৃহত ৭০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

আহোম ৰাজত্বকালৰ অন্তিমজন স্বাধীন স্বৰ্গদেউ (ৰজা) পুৰন্দৰ সিংহৰ পৰিনাতি তথা যোৰহাটৰ মৌজাদাৰ ৰাজকুমাৰ অজিত নাৰায়ণ সিংহ ১৯৪৮ চনৰ ১৫ ছেপ্টেম্বত জন্মগ্ৰহণ কৰিছিল। তেওঁ ১৫ বছৰ বয়সতে যোৰহাট আৰু গড়মূৰ মৌজাৰ মৌজাদাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল।

যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অজিত নাৰায়ণ সিংহই বহুকেইখন গ্ৰন্থ আৰু বিভিন্ন আলোচনী-সংবাদপত্ৰত বহু প্ৰবন্ধ লিখিছিল।  লগতে তেওঁ বহু সামাজিক সংগঠনৰ সৈতেও জড়িত আছিল 

ৰাজকুমাৰ অজিত নাৰায়ণ সিংহৰ বিষয়ে এটি চমু বিৱৰণঃ-

পিতৃ : চন্দ্ৰ নাৰায়ণ সিংহ
মাতৃ : বিৰজা ৰাজকুমাৰী
পত্নী: ৰজিতা ৰাজকুমাৰী
এজন পুত্ৰ এগৰাকী কন্যা ।

গ্ৰন্থঃ-

● বিবিধা
● সান্নিধ্যৰ মধুৰ স্মৃতি
● বুঢ়ী গোসাঁনী দেৱালয়ৰ ইতিবৃত্ত
● ভূমিৰ পৰা ভূমালৈ (যন্ত্ৰস্হ)
● সমাজ সেৱক- শিশু শ্ৰমিক ব্যৱস্থাৰ বিৰুদ্ধে গঢ়ি উঠা অভিযানৰ গুৰি ধৰোঁতা।
● হ’পলাইনৰ প্ৰতিস্থাপক সভাপতি।