লিডুঃ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁও পঞ্চায়তৰ অধীনৰ ৰিংগাঁও বাহবাৰী অঞ্চলত আজি এক দুৰ্ঘটনা সংঘটিত হয় ৷ বাহবাৰীৰ পুলিয়া নামৰ দলং খনৰ সমীপতে থকা কেচা নলাৰ  বোৱতি পানীত গা ধুই থকা অৱস্থাত এজন যুৱকৰ সলিল সমাধি ঘটে ৷ যুৱক জনৰ নাম অনিল মুড়া (২৫) বুলি জানিব পৰা গৈছে ৷  দিনৰ প্ৰায় দুই মান বজাত সংঘটিত এই দুৰ্ঘটনাটোৱে এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷