গোৰেশ্বৰঃ ৰাজ্যত মাঘ বিহুৰ আনন্দ উলাহৰ মাজতে এগৰাকী শিক্ষকৰ ২৫ বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোৰেশ্বৰত৷ শিক্ষকৰ ২৫ বছৰীয়া পুত্ৰৰ মৃতদেহ মেটেকাৰে ভৰি থকা পুখুৰীত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰত৷ জানিব পৰা মতে, কেইগৰাকী মান যুৱকে গোৰেশ্বৰ ৰেল কলনিত শনিবাৰে নিশা উৰুকাৰ ভোজ-ভাত খাইছিল৷

উৰুকাৰ ভোজ-ভাত খােৱা যুৱক কেইজনৰ মাজৰে মনোজ দেৱনাথ নামৰ যুৱকজনৰ ভোজ ভাত খোৱা স্থানৰ পৰা কিছু নিলগত মেটেকাৰে ভৰি থকা এটি পুখুৰীত মৃতদেহ উদ্ধাৰ হয়৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোৰেশ্বৰ অঞ্চলত৷ বাক্সা জিলাৰ গোৰেশ্বৰ গোৰেশ্বৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১৫০ মিটাৰ নিলগত ২নং গোৰেশ্বৰ ৰেল ক'লনিত দেওবাৰে দিনৰ প্ৰায় ২ বজাত বটীয়ামাৰী নিবাসী, গোৰেশ্বৰৰ বালাহাটীৰ বাপুৰাম শৰ্মা বিদ্যামন্দিৰ এম ই স্কুলৰ প্ৰধান শিক্ষক ৰবীন্দ্ৰ দেৱনাথৰ পুত্ৰ মনোজ দেৱনাথৰ (২৫) মৃতদেহ উদ্ধাৰ হয়।

শিক্ষকগৰাকীৰ একমাত্ৰ পুত্ৰ আছিল মনোজ দেৱনাথ। প্ৰায় ১০ জন যুৱকে উৰুকাৰ নিশা একত্ৰিত হৈ লগে ভাগে এসাজ খাবলৈ  ৰেল ক'লনি সমবাত হৈছিল। ১০জন যুৱকৰ ভিতৰত শিক্ষগৰাকীৰ পুত্ৰ মনোজো আছিল৷ শনিবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই আহি নিশা মনোজে ঘৰলৈ যোৱা নাছিল৷ পিতৃয়ে পুৱাৰে পৰা পুত্ৰক বিছাৰি হায়ৰাণ হয়৷ পুত্ৰৰ কেনো সন্ধান নাপােৱাত শিক্ষক পিতৃয়ে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰ দাখিল কৰাৰ পিছতে গোৰেশ্বৰ আৰক্ষীয়ে নিৰুদ্দেশ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ ভোজ-ভাত খোৱা স্থানতো অনুসন্ধান চলাই আৰক্ষীয়ে৷ উক্ত সময়তে ভোজ-ভাত খোৱা স্থানৰ সমীপৰ মেটেকাৰে ভৰি থকা পুখুৰীত মনোজৰ নিধৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। লগে লগে পিতৃয়ে শোকত ভাগি পৰাৰ লগতে পুত্ৰক পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে৷

নিশা যুৱককেইজনে উচ্চস্বৰত গান বজোৱাৰ লগতে চিঞৰ বাখৰ কৰা বুলিও স্থানীয় লোকে অভিযোগ উত্থাপন কৰে৷ যুবককেইজনে মদ্যপান কৰাৰ নিশা কাজিয়াত লিপ্ত হোৱা বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে৷ ইতিমধ্যে মানিক মজুমদাৰ, বিপুল আইচ সৈতে ৫ যুৱকক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷