অভয়াপুৰীঃ আকৌ এবাৰ লজ্জানত হ’ল সভ্য সমাজ৷ সভ্যতাৰ সকলো সীমা অতিক্ৰম কৰি এগৰাকী লোকৰ কামনাৰ বলি হৈছিল এগৰাকী যুৱতী৷ এই জঘন্য ঘটনাই জোকাৰি গৈছিল বঙাইগাঁও জিলাক৷ ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা হিংসা-হত্যাৰ ঘটনাৰ মাজতে অমানবীয় কাণ্ডৰ কথা পোহৰলৈ অহাত ন্যায়ৰ লাভৰ অপেক্ষা কৰে যুৱতীগৰাকী আৰু পৰিয়ালটোৱে৷ কিন্তু ন্যায় লাভ নকৰি বিকৃত মানসিকতাৰ লোকৰ চিকাৰ হোৱা কন্যাগৰাকীয়ে প্ৰাণ দিব লগা হয়।

ন্যায়ৰ অপেক্ষাত ৰৈ থাকি অন্ধকাৰ প্ৰত্যক্ষ কৰি আত্মহত্যা কৰিব লগা হয় যুৱতীগৰাকীয়ে৷ যুৱতীগৰাকীয়ে ন্যায় বিচাৰি হাহাকাৰ কৰি অৱশেষত প্ৰাণ দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাত৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুমেৰগুৰী গাঁৱৰ ১৮বছৰীয়া যুৱতীগৰাকীয়ে যোৱা ২৮ জানুৱাৰীত গৰু এৰাল দিব যাওঁতে একেখন গাঁৱৰে শ্বাহনুৰ ৰহমান নামৰ লোক এজনৰ কামনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে লেংটিছিঙা আৰক্ষী নিৰীক্ষণ-চকীত এজাহাৰ দাখিল কৰে।

শ্বাহানুৰক আৰক্ষীয়ে আটক কৰে যদিও মুকলি আকাশৰ তললৈ ওলাই আহে। শ্বাহানুৰ মুকলি আকাশৰ তলত ঘুৰি-ফুৰা প্ৰত্যক্ষ কৰি নিৰ্যাতিতা যুৱতীগৰাকীয়ে নিজ গৃহত চিপলৈ আত্মহত্যা কৰে৷ ৰাজ্য খনত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে দল-সংগঠনে এষাৰ মাত নিদিয়াত ক্ষোভিত হৈ পৰিছে একাংশ লোক৷ বিভিন্ন সময়ত একাংশ সংগঠনে হকে-বিহকে প্ৰতিবাদ কৰি ৰাজ পথ উত্তাল কৰে যদিও এগৰাকী যুৱতীয়ে ন্যায়ৰ অপেক্ষাত ৰৈ থাকি আত্মহত্যা কৰাৰ পিছতো দল-সংগঠনে নিৰৱ হৈ থকা ঘটনাক ৰাইজে সহজে ল’ব পৰা নাই৷