ছাত্ৰ সন্থাক মুখ্যমন্ত্ৰীৰ পৰা ‘জাতীয় নায়ক’ৰ সন্মান উভতাই লোৱাৰ দাবী যুৱ-ছাত্ৰৰ

ডিব্ৰুগড়ঃ অসমীয়াৰ জাতিৰ অস্তিত্ব আজি বিপদাপন্ন৷ ৮০ৰ দশকৰ পৰাই জাতিটোৱে নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজপথত সংগ্ৰাম চলাই আহিছে৷ তথাপিও প্ৰতিখন দিল্লীৱালা চৰকাৰে অসমৰ ৰাইজৰ আবেগ-অনুভূতিক গুৰুত্ব প্ৰদান নকৰি অসমীয়া ৰাইজৰ জনমতৰ বিৰুদ্ধে কাম কৰি গৈছে৷ বিশেষকৈ অসমৰ ৰাইজে অসমক বিদেশী মুক্ত কৰাৰ বাবে জোৰদাৰ আন্দোলন কৰি আহিছে৷ প্ৰতিখন চৰকাৰে অসমৰ বুকুৰ পৰা বিদেশী খেদিম বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও সময়ত সকলো ফুটুকাৰ ফেন হৈ পৰে৷ 

বিদেশী বহিস্কাৰৰ দাবীত যেন পুনৰ ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে বৰাক উপত্যকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব বুলি দম্ভালি মৰাৰ বিষয়টোক সহজ ভাবে লব পৰা নাই অসমৰ ৰাইজে৷ অসমৰ ৰাইজে ব্যাপক আন্দোলন গঢ়ি তোলাৰ সময়তে বিভিন্ন দল সংগঠনৰ মতক আওকাণ কৰি বহুচৰ্চিত ''নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন’’ যুটীয়া সংসদীয় সমিতিয়ে গৃহীত কৰাৰ পিছৰে পৰা ৰাজ্যখনৰ  পৰিস্থিতি ক্ৰমে উত্তাল হৈ পৰিছে৷ 

অসমৰ ৰাইজ তথা যুটীয়া সংসদীয় সমিতিৰ অন্যান্য সদস্যই উত্থাপন কৰা বিষয়সমূহ প্ৰত্যাখান কৰি বিধেয়কখন সংসদত গৃহিত কৰা বাবে আগুৱাই নিয়াৰ বাবে অহা ৭ জানুৱাৰীত জেপিচিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব বুলি জনা গৈছে। 

অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় জিলা সমিতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰা হ’ব বুলি শিলচৰত স্পষ্টকৈ জনসভাত উল্লেখ কৰাৰ কাৰণে গৰিহণা দিয়াৰ লগতে বিধেয়কখন বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে। অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতিকলৈ খেলা নকৰিবলৈ তেখেতক সকীয়াই দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখন গৃহীত কৰা হ’ব বুলি ঘোষণা কৰাত হাত চাপৰি বজাই সমৰ্থন কৰাত তেখেতক জাতিধ্বংসী আইনৰ সমৰ্থক আৰু অসমীয়া জাতিৰ শক্ৰ তথা বদন বৰফুকনতকৈও ডাঙৰ চিৰ শত্ৰু আখ্যা দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়ব্ৰত গোহাঁই আৰু ৰাজীৱ গগৈয়ে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি শীঘ্ৰে বিধেয়কখন বাতিলৰ দাবীত কেন্দ্ৰীয় চৰকাৰক বাধ্য নকৰিলে তেখেতৰ গৃহ চহৰ ডিব্ৰুগড়ত প্ৰৱেশ কৰিলে যিকোনো গণতান্ত্ৰিক কাৰ্যসূচীৰ দ্বাৰা বাধা প্ৰদান কৰা হ’ব বুলি সকিয়াই দিয়ে। আনহাতে সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা জাতীয় নায়ক সন্মান কাঢ়ি আনিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে আহ্বান জনায় ছাত্ৰ সন্থাক।