কাকপথাৰঃ  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত কাকপথাৰ, ডুমডুমা, ফিলবাৰী, ডাঙৰি-ছৈখোৱা আৰু শদিয়া আঞ্চলিক সমিতিৰ উদ্যোগত অঞ্চলটোৰ তিনিচুকীয়া জিলাৰ বহুকেইটা সমস্যা যেনে ডিৰাক চুমনি মথাউৰি স্থায়ী সমাধান, জিলাখনত বন্ধ হৈ থকা আই টি আই সমুহ শীঘ্ৰে মুকলি কৰা আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা সমুহৰ দাবীত এই মানৱ শৃংখল কাৰ্য্যসুচী লোৱা হয় ৷  

জিলাখনৰ শতাধিক কৰ্মী উপস্থিত থকা এই কাৰ্য্যসুচীত যুৱ ছাত্ৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ৷ উল্লেখ্য যে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জগদীশ ভুঞা নিজ ঘৰত উপস্থিত হোৱাৰ সময়তে যুৱ ছাত্ৰ-পৰিষদৰ এই প্ৰতিবাদ লক্ষ্যণীয় ৰূপে বিৱেচিত হৈছে ৷