নতুন দিল্লীঃ আইচিচি বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনাই সমগ্ৰ বিশ্বক আলোকিত কৰি তোলাৰ সময়তে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেটৰ অন্যতম খেলুৱৈ যুৱৰাজ সিঙে। 

২০০০ চনত কেনিয়াৰ বিৰুদ্ধে জাতীয় দলৰ হৈ আন্তৰ্জাতিক ক্রিকেটত আৰম্ভণি ঘটাইছিল পাঞ্জাৱৰ অল ৰাউণ্ডাৰ গৰাকীয়ে। তাৰ পাছতে শ্ৰেষ্ঠত্ব উজাৰি খেলি গৈছিল ইখনৰ পাছত সিখন খেল। উল্লেখ্য যে, বিভিন্ন সময়ত ভাৰতীয় দলৰ জয়ত মূখ্যভূমিকা গ্ৰহণ কৰিছিল অল ৰাউণ্ডাৰ যুৱৰাজ সিঙে।

২০০৭ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ভাৰতীয় দলে প্ৰথমবাৰ টি-২০ বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা আছিল যুৱৰাজ সিঙৰ। সেই টুৰ্ণামেণ্টখনতে অলৰাউণ্ডাৰ যুৱৰাজে ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাত বৰ্ডৰ ৬ টা বলত ৬ টা ছিক্স কোবাই ক্ৰিকেটৰ জগতৰ এক বিৰল কৃতিত্ব গৰাকীৰ হৈছিল। যি অভিলেখ আজি পৰ্যন্ত কোনো ক্ৰিকেটাৰে আন্তৰ্জাতিক ক্ৰিকেটত ভংগ কৰিব পৰা নায়। সেই টুৰ্ণামেণ্টখনত মুঠ যুৱৰাজ সিঙে ৬ টা ইনিংছত ১৪৮ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও এটা উইকেত দখল কৰি মেন এফ দা টুৰ্ণামেন্ট লাভ কৰিছিল। 

একেদৰে ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যুৱৰাজ সিংঙে। টুৰ্ণামেণ্টখনত খেলুৱৈ গৰাকীয়ে ৩৬২ ৰাণ কৰাৰ উপৰিও ১৫ টাকৈ উইকেত দখল কৰি মেন অৱ দা মেচৰ সন্মান লাভ কৰিছিল।

উল্লেখ্য যে, আন্তৰ্জাতিক ক্ৰিকেটত দেশৰ হৈ ৩০৪ খন এদিনীয়া খেলি ৮৭০১ ৰাণ সংগ্ৰহ কৰিছিল। য’ত ১৪ টা শতক আৰু ৫২ টাকৈ অৰ্ধ-শতৰাণ।ইয়াৰ উপৰিও ৪০ খনকৈ টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অৱৰ্তীন হৈ ১৯০০ ৰাণ সংগ্ৰহ কৰিছিল। যত আছে তিনিটাকৈ শতক।

টেষ্ট ক্রিকেটৰ তিনিওটা শতকে পাকিস্তানৰ বিপক্ষে কৰিছিল। ইয়াৰ উপৰিও ৫৮ খন আন্তঃৰাষ্টীয় টি ২০ খেল খেলি যুৱৰাজে সংগ্ৰহ কৰিছিল ১১৭৭ৰাণ, ৮ টাকৈ অৰ্ধ শতক। এদিনীয়াত ১১১ টা, টেষ্ট ক্ৰিকেটত ৯ টা আৰু টি ২০ ক্ৰিকেটত ২৮ টাকৈ উইকেত দখল কৰে। খেলুৱৈ গৰাকীয়ে শেষৰ বাবে আন্তৰ্জাতিক ক্ৰিকেট জাতীয় দলৰ হৈ অংশগ্ৰহণ কৰিছিল ২০১৭ চনৰ জুনমাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।

ইফালে খেলুৱৈ গৰাকীয়ে সোমবাৰে অৱসৰৰ কথা চাউথ মুম্বাই হোটেলত সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছে। 

আন্তৰ্জাতিক ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰিলেও আইচিচি স্বীকৃতি প্ৰাপ্ত বিদেশী টি ২০ ক্ৰিকেটত ফাইনে্ন্স কেৰিয়াৰ আৰম্ভ কৰিব যুৱৰাজ সিঙে।