গুৱাহাটীঃ ১৯৯৩ চনত অসমৰ সংগীতৰ জগতলৈ আহিছিল অনামিকা৷ অনামিকাই খলকনি লগাইছিল সংগীতৰ জগত খনত৷ অসমৰ চক-বজাৰত, গাড়ীৰ ভিতৰত বিয়া-সভাত কেৱল অনামিকাৰ দখল ৷ তেতিয়াৰ পৰাই যেন আৰম্ভ হ’ল সংগীতৰ এক নতুন ধাৰা৷

মনৰ নিজানত, গানে কি আনে এই দুয়োটা গানে সংগীতৰ জগতত খলকনি লগায়৷ বহু চৰ্চা হয় অনামিকাক লৈ৷ হয়, জুবিনৰ অনামিকাৰ কথাকে কৈছো৷ ১৯৯৩ চনত এন কে প্ৰডাকছনৰ বেনাৰত আজিৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ অসমীয়া আধুনিক গীতৰ প্ৰথম শ্ৰব্য এলবামে মুক্তি লাভ কৰে৷ মনৰ নিজানত, গানে কি আনে আদি গীত শুনি সেই সময়তে জুবিনৰ সুৰত নতুনত্ব বিছাৰি পাইছিল৷ অসমৰ যুৱ প্ৰজন্মই জুবিনৰ সুৰক আদৰি লবলৈ আৰম্ভ কৰে৷

তেতিয়াৰ পৰাই যেন জুবিন প্ৰেম আৰম্ভ হ’ল৷ তাৰ পিছৰে পৰা ইখনৰ পিছত সিখন শ্ৰব্য এলবাম মুকলি হৈছিল জুবিনৰ৷ জুবিন প্ৰেমত পৰা পৰিছিল বহু মানুহে৷ জুবিন নামৰ মানুহ জন ১৯৯৩ চনৰ পৰাই সকলোৰে আপোন হৈ পৰিছিল৷ আজি অসমৰ প্ৰতি খন গাঁও, প্ৰতিটো চুবুৰীত জুবিনৰ অনুৰাগী আছে৷ জুবিন বুলি কলেই মানুহ হিল দল ভাঙি ওলাই আহে৷ আজি অসমে নহয় ভাৰতৰ সংগীত জগতৰ এটি চিনাকি নাম জুবিন।

জুবিনে বিতৰ্ক কৰিলেও অনুৰাগীৰ বাবে আপোন৷ কিয়নো বহু বিপদত পৰা মানুহৰ ওচৰত থিয় দিয়া মানুহ জনে কৰা সৰু-সুৰা ভুল বোৰ ধৰি থাকিব নালাগে বুলি জুবিন অনুৰাগীয়ে ভাবে৷ বানপানীৰ সময়ত বানপীড়িতৰ বাবে ওলাই অহা জুবিনে দৰিদ্ৰ শ্ৰমিকৰ ওচৰত থাকি ভাল পাই বাবেই জুবিনে শ্ৰোতাৰ পৰা অভাৱনীয় সঁহাৰি লাভ কৰে৷

জুবিনৰ আছে আজিও কাম কৰাৰ হেপাহ৷ জুবিনৰ জনপ্ৰিয়তাই আকাশ চুইছে৷ বহু বিতৰ্কৰ পিছতো জুবিনে সদায় শক্তিশালী ৰূপত থিয় থাকে৷ কোনেৱে কয় জুবিন খেয়ালি, কোনোৱে কয় জুবিন অভিমানী৷ জুবিনে কাৰোৰে কথা নুশুনে৷

জুবিনে মঞ্চত খুটা বগাই৷ তথাপিও বহু বিতৰ্কৰ মাজতো অনুৰাগীৰ বাবে জুবিন সদায় জুবিনে৷ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি জন্মদিন৷ ১৯৭২ চনৰ ১৮ নবেম্বৰত তুৰাত জন্ম গ্ৰহণ কৰা জুবিনে আজি ৪৫ বছৰীয়া হ’ল৷ অনুৰাগীয়ে আজিও পূৰ্বৰ দৰে জন্মদিনৰ শুভেচ্ছা জনালে৷ অসমৰ ৰাইজেও জনালে জুবিনক জন্মদিনৰ শুভেচ্ছা৷