শিৱসাগৰঃ বকুল বড়াৰ চোতালত এতিয়া অজস্র গুণমুগ্ধৰ উপস্তিতি কিন্তু পৰি ৰ'ল দুটা নিথৰ মৃত দেহ, হয় আপুনি ঠিকেই ভাবিছে  যোৱা কালি নিজ পুত্র নিলীম আকাশৰ চিকিৎসাৰ বাবে ডিব্রুগড়লৈ লৈ যোৱাৰ পথত দূৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা বকুল বড়া আৰু পুত্র নিলীম আকাশৰ কথা কৈছো ,আৰু গুৰুতৰ ভাৱে আঘাট প্রাপ্ত হোৱা মৃদুলা বড়া বৰ্তমান সঞ্জীৱনী আই চি ইউ জীৱন মৃত্যুৰে যঁজিছে ,এতিয়া ঘৰখনত কেৱল কান্দোনৰ ৰোল,আজি মৰনোত্তৰ পৰীক্ষাৰ অন্তত সন্ধিয়া প্রায় সাতমান বজাত উপস্হিত হয় নিজ ঘৰখনত পিতা পুত্রৰ নিথৰ মৃতদেহ ,এতিয়া ঘৰখনত কোনো নাই কিন্তু দুই পিতা পুত্রক শ্রদ্ধাঞ্জলী জনাবলৈ অগনন গুণমুগ্ধৰ সমাবেশ।

ভৰলুৱা তিনি আলিত এখন সৰু দোকান দি নিজৰ সৰু পৰিয়ালটিৰ সৈতে পেটে ভাতে খাই থকা বকুল বড়াৰ তিনিজনীয়া পৰিয়ালটিৰ এনে ঘটনাত সমগ্র দিখৌমুখত শোঁকৰ চা পৰিছে,উল্লেখ্য যে পিতা পুত্র এনে দূৰ্ঘটনাত শিৱসাগৰ জিলা সাহিত্য সভা,বৰ্হমথুৰি সাংস্কৃতিক চৰ্চাকেন্দ্র,দিখৌমুখ ভৰলুৱা তিনিআলি ব্যৱসায়ী সন্থা,মিলিত শিল্পী সমাজ,দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়কে আদি কৰি উজনী ভৰলুৱা যুৱক সংঘ ,আৰু গাওঁৱাসীয়ে গভীৰ শ্রদ্ধাঞ্জলী জ্ঞাপন কৰিছে