• লোকসভা নিৰ্বাচনৰ প্ৰতীকপট সম্বলিত গামোচা উন্মোচন

মৰিগাঁও,১৬  এপ্ৰিলঃ মৰিগাঁও জিলাত ভোটাৰ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ জিলা প্ৰশাসনে বিভিন্ন প্ৰন্থা অৱলম্বন কৰি থকাৰ মাজতেই জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ প্ৰচেষ্টাত কালি  মৰিগাঁৱত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতীক চিহ্ন সম্বলিত সজাগতা শীৰ্ষক বিশেষ এখন  গামোচা উন্মোচন কৰা হয়।
ব্যাপক হাৰত ভোটদানৰ বাবে ভোটদাতাক সজাগ কৰাৰ লক্ষ্যৰে বিহুৰ বতৰতে স্থানীয় শিপিনী তথা কুশতলী গাৱঁৰ বসুমতী পাটৰে বৈ উলিওৱা ৪০ ফুট দৈৰ্ঘ্যৰ এখন বিশেষ গামোচা উন্মোচন কৰা হয়৷ 

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাগৃহত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতীকচিহ্ন সম্বলিত বিশেষ গামোচাখনিৰ উন্মোচনী অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ পৰ্যবেক্ষক ডাঃ ৰবি কুমাৰেও অংশ গ্ৰহণ কৰে। গামোচাখনৰ উন্মোচনী অনুষ্ঠানত জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,লক্ষীনন্দন চহৰীয়া,অৰূপ পাঠক,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, চক্ৰ বিষয়া সকলকে ধৰি  নিৰ্বাচনী কোষৰ  বিষয়া সকলো উপস্থিত থাকে। 

উল্লেখযোগ্য যে বসুমতী পাটৰ নামৰ শিপিনী গৰাকীয়ে ইয়াৰ পূৰ্বেও মৰিগাঁৱত অনুষ্ঠিত হোৱা ৮৮ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিবেশনটো ৮৮ ফুট দৈৰ্ঘৰ এখন বৃহৎ গামোচা বৈ উলিয়াইছিল।