ইটানগৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰুণাচল ভ্ৰমণৰ এদিন আগত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কনভয়ৰ গাড়ীৰপৰা উদ্ধাৰ কৰা হয় ১.৮ কোটি টকা৷ 

মঙলবাৰে নিশা পাচীঘাটত পেমা খাণ্ডুৰ কনভয় বাহনৰপৰা ১.৮ কোটি টকা জব্দ কৰা বুলি কংগ্ৰেছৰ মুখ্য প্ৰৱক্তা ৰণদীপ সূৰ্যৱালাই সংবাদ মাধ্যমৰ যোগে প্ৰকাশ কৰে৷ বুধবাৰে অৰুণাচললৈ প্ৰধানমন্ত্ৰী মোডীৰ আগমনত পূৰ্বৰ ভোট দাতাসকলক বিজেপিয়ে ধনৰ দেখুওৱাই ভোট কিনাৰ প্ৰয়াস কৰিছে বুলি সূৰ্যৱালাই বিজেপিক কঠোৰ সমালোচনা কৰো

সূৰ্যজৱালাই দাবী কৰে যে অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু উপায়ুক্ত চোনা মীনক তৎকালীনভাৱে বৰ্খাস্ত কৰিব লাগে৷

সূৰ্যজৱালাই এই ঘটনাটোৰ এটা ভিডিঅ’ নিৰ্বাচনী আয়োগ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীক প্ৰমাণ হিচাবে দাখিল কৰে৷ কংগ্ৰেছৰ এই গোপন অভিযানত বিজেপিৰ ভ্ৰষ্টাচাৰ, কেলেংকাৰী বিষয়ে প্ৰমাণ পোৱাৰ পাছতো নিৰ্বাচনী আয়োগে চকু মোদা কুলিৰ ভাও ধৰিছে৷ কিয় কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি সুৰেজৱালাই প্ৰশ্ন উত্থাপন কৰে৷

বিজেপিয়ে আজি প্ৰধানমন্ত্ৰীৰ ৰেলীৰ বাবে নিৰ্বাচনৰ নামত কোটি টকাৰ কেলংকাৰী কৰি অৰুণাচলৰ ভোটা দাতাক কিনিব বিচৰাটো আইন বিৰোধী৷ যাৰ বাবে বিজেপিয়ে সাংবিধানিক ১৯৫১ ৰ ধাৰা ১২৩(১) আৰু আইপিছি ধাৰা নং ১৭১ ৰ অধীনৰ আইন উলংঘন কৰিলে বুলি কংগ্ৰেছৰ প্ৰৱক্তাগৰাকীয়ে অভিযোগ দিয়ে৷