কোকৰাঝাৰঃ সেনা-আৰক্ষীৰ গুলী দেহত লৈ ফুৰা এনডিএফবি (এচ) সদস্য পৰিল আৰক্ষীৰ জালত৷ সেনা আৰক্ষীয়ে ভাৰত ভূটান সীমান্তৰ ডুমবজাৰ-ৰাঙাপাৰাত অভিযান চলাই মাৰ্টিয়াছ নাজাৰী ওৰফে এন মাউতিক আটক কৰিবলৈ সক্ষম হয়৷ গোসাঁইগাঁও মহকুমাৰ ভাৰত-ভুটান সীমান্তৰ ধুমবজাৰত ১৩ ডিচেম্বৰত সেনা আৰু আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এন ডি এফ বিৰ ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী নিহত হৈছিল৷ সেনা-আৰক্ষীৰে সংঘৰ্ষত ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী নিহত হোৱাৰ লগতে এন ডি এফ বিৰ এজন সদস্য গুলীবিদ্ধ সদস্যই পলায়ণ কৰিছিল।

সেনা আৰক্ষীয়ে ভাৰত ভূটান সীমান্তৰ ডুমবজাৰ-ৰাঙাপাৰা অঞ্চলত অভিযান চলাই মাৰ্টিয়াছ নাজাৰী ওৰফে এন মাউতি আটক কৰিবলৈ সক্ষম হয়৷ দেহত চাৰিটা গুলী লৈ পলায়ণ কৰি আছিল তেওঁ৷ গুৰুতৰ ভাবে আহত মাউতিক সেনা-আৰক্ষীয়ে গোসাঁইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। গোসাঁইগাঁও মহকুমাৰ ভাৰত- ভুটান সীমান্তৰ ধুমবজাৰত সেনা আৰু আৰক্ষীৰ অভিযান তথ সেনা-আৰক্ষীৰ মাজত সংঘৰ্ষ চলি থকাৰ সময়তে সেনা-আৰক্ষীৰ বেহু ফালি পলায়ণ কৰিছিল এনডিএফবি (এচ)ৰ সদস্য গুলীবিদ্ধ সদস্যজনে।

সেনাই ভাৰত ভূটান সীমান্তৰ ধুমবজাৰ-ৰাঙাপাৰা অঞ্চলত অভিযান চলাই গুলীবিদ্ধ মাৰ্টিয়াছ নাৰ্জাৰী ওৰফে এন মাউতি আটক কৰাৰ পিছতে সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকৎসালয়ত ভৰ্তি কৰে। সদস্য জনৰ শৰীৰত চাৰিটা গুলী লাগিছিল৷ সেনাৰ জালত পৰা সদস্যজনে দিয়া স্বীকাৰোক্তি অনুসৰি নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত মৃত্যু হোৱা ছোহেটান নাৰ্জাৰীৰ লগত সংঘৰ্ষৰ দিনা মুঠ ৬ গৰাকী সদস্য আছিল।

উল্লেখ্য যে আৰক্ষীৰে সংঘৰ্ষৰ সময়ত গুৰুতৰভাৱে আহত হৈ মাৰ্টিয়াছ নাৰ্জাৰী ওৰফে এন মাউতি ৰাঙাপাৰা অঞ্চলৰ এঘৰত আশ্ৰয় লৈ আছিল আৰু শুকুৰবাৰে সেনাৰ ৰাজপুত ৰেজিমেণ্টৰ দল এটাই সীমান্ত অঞ্চলটোৰ পৰা এটা ৯এমএম পিষ্টল আৰু চাৰিটা সজীৱ গুলীৰ সতে মাউতিক আটক কৰি গোসাঁইগাঁও থানাত চমজাই দিয়ে। ছবছৰ পূৰ্বে ম্যানমাৰত প্ৰশিক্ষণ লৈ এনডিএফবিৰ(এচ)ৰ হৈ কাম কৰি আছিল। মুঠ ১৭ গৰাকী এন ডি এফ বিৰ সদস্য কোকৰাঝাৰ, চিৰাং, গোসাঁইগাঁও আৰু শোণিতপুৰত ম্যানমাৰৰ পৰা প্ৰৱেশ কৰাৰ বিস্ফোৰক তথ্যও সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে গুলীবিদ্ধ মাউতিয়ে।