• আয়োজন কৰিছে গুৱাহাটীৰ অন্যতম সামাজিক -সাংস্কৃতিক বে-চৰকাৰী সংগঠন 'অসমৰ জাতীয় সংগীত প্ৰসাৰ  আৰু প্রচাৰ সেৱা দলে
  • ক’ভিড প্ৰ’ট’কলৰ বাবে গুৱাহাটীৰ কাৰ্যসূচী ৰবীন্দ্র ভৱন প্রেক্ষাগৃহৰ সলনি ডিজিটেল প্লেটফৰ্মত
  • ডিজিটেল প্লেটফৰ্মৰ কাৰ্যসূচী অহা ৬ জুন তাৰিখে সন্ধিয়া ৭ বজাত সকলো সদস্যৰ লগতে ৰাইজৰ সহযোগিতা কামনা কৰা হৈছে 

গুৱাহাটীঃ গুৱাহাটীৰ অন্যতম সামাজিক -সাংস্কৃতিক বে-চৰকাৰী সংগঠন 'অসমৰ জাতীয় সংগীত প্ৰসাৰ  আৰু প্রচাৰ সেৱা দলে’ অহা ৬ জুন তাৰিখে ১১১ তম অসমৰ জাতীয় সংগীত মহোৎসৱ ২০২১-২২ বৰ্ষ, গুৱাহাটীৰ কাৰ্যসূচী গুৱাহাটীৰ ৰবীন্দ্র ভৱন প্রেক্ষাগৃহৰ সলনি ডিজিটেল প্লেটফৰ্মত মহোৎসৱৰ চানেকি অনুষ্ঠান ৰূপত অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে । 

উল্লেখযোগ্য যে অহা ২৩ মে' তাৰিখে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচিত কালজয়ী গীত তথা অসমৰ জাতীয় সঙ্গীত 'অ মোৰ আপোনাৰ দেশ'-এ ১১১ বছৰ সম্পূৰ্ণ কৰিব।এই উপলক্ষে সংগঠনতোৱে এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এক মহোৎসৱৰ আয়োজন কৰিছিল৷ কিন্তু দেশৰ লগতে ৰাজ্যখনত বৰ্দ্ধিত ক'ৰ'না মহামাৰীৰ প্ৰকোপৰ বাবে উক্ত কাৰ্যসূচীক অলপ ব্যতিক্ৰমী ধৰণে সজাই উদযাপিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আয়োজক কমিটিয়ে ৷ 

উল্লেখযোগ্যে যে,  চলিত বছৰৰ মাৰ্চ মাহতেই উক্ত অনুষ্ঠান উদযাপন কৰাৰ বাবে পূৰ্ণ প্ৰস্ততি তুংগত উঠিছিল ৷ কিন্তু ভাৰত চৰকাৰৰ নিৰ্বাচনী আয়োগে জাৰি কৰা নিৰ্বাচনী অধিসূচনা অনুসৰি পূৰ্বে ঘোষিত সাত ঘন্টীয়া কাৰ্যসূচী বাতিল কৰা হৈছিল যদিও উক্ত কাৰ্যসূচীৰ অনুষ্ঠান জুন মাহলৈ পিছুৱাই দিয়া হৈছিল যদিও বৰ্তমানৰ ক'ৰ'না মহামাৰীৰ প্ৰকোপৰ বাবে আৰু ক'ভিড-১৯ ৰ প্ৰটক'ল অনুসৰি ডিজিটেল প্লেটফৰ্মত উক্ত অনুষ্ঠান চানেকি ৰূপত উদযাপন কৰিব৷ উক্ত অনুষ্ঠানতে ক'ভিড যোদ্ধা সকলৰ প্ৰতি শ্ৰদ্ধাজনাই এখনি কাব্য পুথি উন্মোচন কৰিব ৷  

অসমৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ" ৰ সঠিক আৰু শুদ্ধ ৰূপত ইতিমধ্যে অসমৰ জাতীয় সংগীত প্রসাৰ আৰু প্রসাৰ সেনা দলৰ বলিষ্ঠ নেতৃত্বত  অসমৰ জনপ্ৰিয়  সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ সংগীত পৰিচালনাত জাতীয় সংগীত বাণীবদ্ধ কৰিছে ৷ উক্ত দিনাই "অসমৰ জাতীয় সংগীত ইতিহাসৰ তথ্যানুসন্ধানকাৰী গৱেষক তথা মহোৎসৱৰ মুখ্য সম্পাদক ৰাজীৱ হৰি কৌশিকৰ গৱেষণামূলক গ্রন্থ "অসমৰ জাতীয় সংগীত আৰু লক্ষ্মীনাথ বেজবৰুৱা(৮৫০) পৃষ্ঠা জোৰা গৱেষণা মূলক গ্ৰন্থৰ বুক প্র'ম' ভিডিঅ' ক্লিপিং যোগে ডিজিটেল প্লেটফৰ্মত প্রচাৰ কৰিব ৷ 

এই উপলক্ষে অসমৰ জাতীয় সংগীত প্ৰসাৰ আৰু প্রচাৰ সেৱা দলৰ প্রস্তুতিৰ ডিজিটেল প্লেটফৰ্মৰ কাৰ্যসূচী অহা ৬ জুন তাৰিখে সন্ধিয়া ৭ বজাত  সকলো সদস্যৰ লগতে ৰাইজৰ সহযোগিতা কামনা  কৰিছে ৷