মুম্বাইঃ বিপদৰ ওপৰত বিপদ। এফালে কৰ’না আতংক, আনফালে বিশাখাপট্টনমত বিষাক্ত গেছ নিৰ্গত। তাৰ মাজতে শুকুৰবাৰে নিচেই পুৱাতে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত হয় এক শোকাৱহ ৰেল দুৰ্ঘটনা। 

এই দুৰ্ঘটনাত এখন মালবাহী ৰেলে একেলগে ১৫ জনকৈ শ্ৰমিকক মহতিয়াই যায়। ফলত থিতাতে নিহত হয় আটাইকেইজন শ্ৰমিক। আহত হয় আন কেবাজনো। স্থানীয় প্ৰশাসনে শ্ৰমিককেইজন মধ্যপ্ৰদেশৰ পৰা ৰেলপথেৰে খোজকাঢ়ি ঘৰমুৱা হৈছিল বুলি জনাইছে।

'শ্ৰমিকসকলে ৰেলপথেৰেই খোজকাঢ়ি গৈ আছিল। একেৰাহে দীৰ্ঘ সময় ধৰি খোজকাঢ়ি থকাৰ ফলত তেওঁলোকে হয়তো শুনাৰ শক্তি হেৰুৱাই পেলাইছিল। সেয়ে ৰেল অহাৰ উমানেই নাপালে।’-এইদৰে স্থানীয় এটা টিভি চেনেলৰ আগত জনাইছে এগৰাকী বিষয়াই।

বিষয়াগৰাকীয়ে শ্ৰমিককেইজনে নিশাৰ ভাগত ৰেলপথতে ভাগৰত শুই পৰাৰো অনুমান কৰিছে। তেওঁ কয় যে শ্ৰমিককেইজন হয়তো নিশা ৰেলপথতে শুই পৰিছিল আৰু পুৱা প্ৰায় ৫.৩০ বজাত সাৰ পোৱাৰ আগতেই মালবাহী ৰেলখন তেওঁলোকৰ গাৰ ওপৰেৰে পাৰ হৈ গৈছিল।  

উল্লেখ্য যে লকডাউনৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে বিশেষ ৰেলসেৱা। কিন্তু আৱদ্ধ হৈ থকা শ্ৰমিক অনুপাতে ৰেলৰ সংখ্যা পৰ্যাপ্ত নোহোৱাত এতিয়াও এনেকৈয়ে খোজকাঢ়ি ঘৰলৈ যাবলৈ বাধ্য হৈছে বহু শ্ৰমিক।

খোজকাঢ়ি ঘৰলৈ যোৱা শ্ৰমিকসকলে বাট যাতে হেৰুৱাবলগীয়া নহয় তাৰ বাবে ৰেলপথকে উত্তম হিচাপে বাচি লৈছে। ৰেলপথেৰে খোজকাঢ়ি ঘৰমুৱা হোৱাৰ আন এটা কাৰণ হৈছে আৰক্ষীৰ লাঠিৰ কোবৰ পৰা নিজকে বচাই ৰখা। কেবাশ কিলোমিটাৰ এনেদৰে খোজকাঢ়ি বা চাইকেল চলাই ঘৰমুৱা হৈ বহুতে প্ৰাণো হেৰুৱাইছে। তাৰ মাজতে শুকুৰবাৰে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকলে। স্থানীয় প্ৰশাসনেও আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে নিহত লোকসকলৰ পৰিচয় আদি উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাটোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে গভীৰ দুখ প্ৰকাশ কৰিছে।

'মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত এই শোকাৱহ ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছো। ৰেলমন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে কথা হৈছো আৰু তেওঁ সমগ্ৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিছে। প্ৰয়োজনীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে।’-টুইটটোত এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

ঘটনাটোক লৈ ৰেলমন্ত্ৰী পীয়ুষ গোৱেলেও টুইটযোগে শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, 'নিচেই পুৱা কেবাজনো শ্ৰমিকক ট্ৰেকৰ ওপৰত দেখি মালবাহী ৰেলখনৰ চালকে ৰখাবলৈ চেষ্টা কৰিছিল। কিন্তু মাৰ্বণী-মানমাড় শাখাত বদনাপুৰ আৰু কাৰমাদ ষ্টেশ্যনৰ মাজত ৰেলখনে তেওঁলোকক খুন্দা মাৰে। আহতসকলক ঔৰংগাবাদ চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’

মহাৰাষ্ট্ৰ চৰকাৰেও ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ কাৰ্যালয়ৰ এক সূত্ৰই শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা শ্ৰমিকসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিব বুলি জনাইছে অৱশ্যে সাহায্যৰ পৰিমাণ কিমান হ’ব সেয়া এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা নাই।