newsnextone.com | গুৱাহাটীঃ অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগত একে দিনেই ১৯ খন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰি ইতিহাস সৃষ্টি কৰিলে৷ বিস্তৃত কেন্সাৰ শুশ্ৰূষা কাৰ্যক্ৰমৰ অধিনত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত ৰাজ্যত স্থাপন হবলগীয়া ১৯টা নতুন কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সোমবাৰে আধাৰশিলা স্থাপন কৰা হয়৷

মহানগৰীৰ খানাপাৰত কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সোমবাৰে মাংগলিক অনুষ্ঠানেৰে ভূমি পূজন সম্পন্ন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, বিশিষ্ট উদ্যোগপতি ৰতন টাটা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 

বিশিষ্ট উদ্যোগপতিগৰাকী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত স্থাপন হ’বলগীয়া কেন্সাৰ হস্পিতালৰ ভূমি পূজন কৰি আধাৰশিলা স্থাপন কৰি অসমৰ স্বাস্থ্য খণ্ডত নজিৰ সৃষ্টি কৰে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো অসমবাসীৰ বাবে গৌৰৱৰ দিন বুলি অভিহিত কৰে৷ আজি প্ৰাপ্তিৰ দিন বুলি কয়৷ সোমবাৰে পুৱা ১১ বজাৰ পৰা খানাপাৰা খেলপথাৰত ভূমি পূজন কৰি আধাৰশিলা স্থাপন কৰা হয় ১৯ খন কেন্সাৰ কেয়াৰৰ৷

আনহাতে কেন্সাৰক এক ভয়াবহ ৰোগ আখ্যা দিয়ে উদ্যোগপতি ৰতন টাটাই৷ এই ৰোগে মানুহক নীৰৱে হত্যা কৰে বুলি কয়৷ সমাজৰ সকলো শ্ৰেণীৰ লোকে ধনী-দূখীয়া নাচায় এই এই ৰোগে আক্ৰমণ কৰে বুলি কয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰতন টাটাক ধন্যবাদ যাচে অসমৰ এই সমস্যা পূৰণ কৰাৰ বাবে৷ 

উত্তৰ পূৰ্বাঞ্চল তথা অসমত কৰ্কট ৰোগে এক ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে যোৱা কেইবাটাও বছৰ ধৰি৷ এই ৰোগবিধত আক্ৰান্ত হোৱা লোকসকলে অসমত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অধিক উন্নত চিকিৎসাৰ বাবে লাখ লাখ টকা ব্যয় হোৱাৰ বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলে উপয়ুক্ত চিকিৎসা লাভ নকৰাৰ ফলত অকালতে মৃত্যুবৰণ কৰিব লগা হয়৷ 

অসমৰ ৰাইজৰ বাবে সকলোতকৈ ডাঙৰ কথা এই যে বহিঃৰাজ্যত গৈহে এই ৰোগৰ চিকিৎসা কৰিব লগা হয়৷ যাৰ ফলত বহু দৰিদ্ৰ পৰিয়ালৰ লোকে আধৰুৱা চিকিৎসা কৰাৰ লগতে, উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হয়৷ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজ উদ্যোগত দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটাক সাক্ষাৎ কৰি অসমৰ কৰ্কট ৰোগীৰ বাবে চিকিৎসাৰ সহায়ৰ আবেদন জনাইছিল৷ 

দেশৰ আন আন প্ৰান্তৰ দৰেই টাটা কৰ্তৃপক্ষই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীৰ সহায়ৰ বাবে অসমত চিকিৎসালয় স্থাপন বাবে সহমত পোষণ কৰিছিল৷ টাটা ট্ৰাষ্টৰ সহায়ত স্বাস্ব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাত অসমত ১৯ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন হ’বলৈ ওলাইছে৷ 

গুৱাহাটী, ডিফু আৰু যোৰহাটত কেঞ্চাৰৰ এল-১ চিকিৎসালয় স্থাপন কৰা হ’ব বুলি কয়৷ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে সাধাৰণ লোকৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰি ৰাজ্যৰ ৰাইজে যাতে কম খৰছত উন্নত চিকিৎসা লাভ কিব পাৰে তাৰ কথা উল্লেখ কৰি আহিছে৷ 

গুৱাহাটী, যোৰহাট আৰু ডিফুত একোখনকৈ কেঞ্চাৰৰ এল-১ হস্পিতাল স্থাপন কৰা হ’ব৷ টাটা ট্ৰাষ্ট আৰু চৰকাৰে গঠন কৰা আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন নামৰ অনুষ্ঠানৰ জৰিয়তে ৰাজ্যত ১৯ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব ৷ গুৱাহাটীৰ পৰাই চিকিৎসালয় সমূহৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷

স্বাস্থামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে, প্ৰতি বছৰে ৩১,৮২৫ গৰাকী কৰ্কটৰোগী চিনাক্ত হয় অসমত৷ ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ্কতৰোগে নিয়ন্ত্ৰণৰ বাবে টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্য স্থাপন কৰিব ১৯খনকৈ হস্পিতাল৷ সোমবাৰে আনুষ্ঠানিকভাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন হ’বলগীয়া কৰ্কতৰোগৰ চিকিৎসালয় কেইখনৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই৷ 

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায় মানে এল-১, এল-২, এল-৩ পৰ্যায়ত স্থাপন হ’বলগীয়া আটাইকেইখন চিকিৎসালয়ৰ কেন্দ্ৰ বিন্দু হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্কত হস্পিতালখন৷ কৰ্কতৰোগৰ চিকিৎসালয়খন স্থাপনৰ বাবে টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ প্ৰদান কৰি দুয়োটা পক্ষৰ মাজত এক উমৈহতীয়া সংগঠন হিচাপে আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন নামৰ এটা বেচৰকাৰী সস্থা গঠন কৰা হৈছে বুলিও জনায় শৰ্মাই৷ 

কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ অধীনত স্থাপন হ’বলগীয়া ১৯ খন চিকিৎসালয়ৰ ১৮ খনৰ বাবে টাটা ট্ৰাষ্টে ৮৩০ কোটী টকা আৰু অসম চৰকাৰে ১০৩০ কোটী টকা ব্যয় কৰিব৷ ১৯১০ কোটী টকা খৰছ কৰা হ’ব চিকিৎসালয় স্থাপনৰ নামত৷