ডিজিটেল ডেস্কঃ তামিল চিনেমাজগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকা ৰজনীকান্তৰ শেহতীয়াকৈ মুক্তি পাবলগীয়া চিনেমা ২.০ ছৱিগৃহত মুক্তিৰ পূৰ্বেই উপাৰ্জন কৰিব ৬৫ কোটি৷ ২.০ চলচ্চিত্ৰখন মুঠ ৪৫০ কোটি টকাৰ বাজেটত পৰিচালক এচ শংকৰ তথা অলিৰাজাহ সুভাস্কৰণে পৰিচালনা কৰিছে৷

এই চিনেমাখন মুক্তি হোৱাৰ আগেয়েই ৰজনীকান্তই ৬৫ কোটি টকা পোৱাৰ বিষয়ে জানিব পৰা গৈছে৷ 

দৰাচলতে সকলোৰে প্ৰশ্ন উত্থাপন হৈছে যে ক’ৰ পৰা ৰজনীকান্তে ইমান টকা পাব? অৱশেষত এই প্ৰশ্ন উত্তৰ বিচাৰি পোৱা গৈছে৷ কাৰ্তিকৰ নিৰ্দেশনাৰ নতুন ছবি ৰজনীকান্তে অভিনয়ৰ যোগে লাভ কৰিব মুঠ ৬৫ কোটি টকা৷

মুঠ ৪০ দিনৰ শ্বুটিঙত ৬৫ কোটি টকা উপাৰ্জন কৰিব ৰজনীকান্তে৷ যদিও ৰাজনীতিৰ লগত জড়িত থকা লোক তথাপিও চিনেমাৰ জগতত নিজৰ খুটি মজবুত কৰি ৰাখিছে ৰজনীকান্তে৷ 

চিনেমাখনত দেখিবলৈ পোৱা যাব এমি জেকচন, বলিউডৰ ষ্টান মাষ্টাৰ, মাৰ্চিয়েল কলাৰ শিল্পীৰে পৰিপূৰ্ণ বলিউডৰ অভিনেতা অক্ষয় কুমাৰকো এই চিনেমাত অভিনয় কৰা দেখা পোৱা যাব৷