অনলাইন ফিচাৰ্ছঃ আজিৰ যুগত সকলোৰে আছে ছ’চিয়েল মিডিয়াৰ একাউণ্ট। ফেচবুকৰ পৰা টুইটাৰলৈ। ইনষ্টাগ্ৰামৰ পৰা গুগল প্লাছলৈ। ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ নথকাজনৰ সমাজত কোনোধৰণৰ ষ্টেটাছ নথকা সদৃশ হৈ পৰিছে। বিশেষকৈ ফেচবুকত একাউণ্ট নথকাসকলৰ। 

দিন যিমানেই গৈছে সিমানেই দ্ৰুত গতিত বৃদ্ধি পাইছে ফেচবুকত একাউণ্ট খোলা লোকৰ সংখ্যা। ফেচবুকৰ এনে জনপ্ৰিয়তালৈ চাই ইয়াৰ ওপৰত গৱেষকসকলেও আৰম্ভ কৰিছে নতুন নতুন গৱেষণা।

এনে এক গৱেষণামূলক সমীক্ষা চলাইছে ব্ৰিগহাম বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানী আৰু মনো বিজ্ঞানীৰ এটি দলে। সমীক্ষাৰ ৰিপ’ৰ্টত প্ৰকাশ পাইছে যে এজন ফেচবুক ইউজাৰে এদিনত গড় হিচাপত অতি কমেও ৩৫ মিনিটকৈ ফেচবুকত কৰে। 

সমীক্ষাৰ পৰা পোৱা তথ্যৰ ভিত্তিত গৱেষক দলটোৱে ফেচবুক ব্যৱহাৰকাৰীসকৰ শ্ৰেণী বিভাজন কৰিবলৈকো সমৰ্থ হৈছে। তেওঁলোকৰ মতে, ফেচবুকত চাৰি ধৰণৰ ইউজাৰ আছে। 

এই চাৰি ধৰণৰ ফেচবুক ইউজাৰ হৈছে ক্ৰমে ৰিলেশ্যনশ্বিপ বিল্ডাৰ্ছ (Relationship Builders), টাউন ক্ৰায়াৰছ (Town criers), ছেলফিজ (Selfies) আৰু উইনডো শ্বপাৰ্ছ (Window Shoppers)। এতিয়া প্ৰশ্ন হ’ল কোনজন ফেচবুক ইউজাৰ কোনটো ভাগত পৰিব সেয়া কেনেকৈ জানিব পৰা যাব? তাৰ উপায়ো দিছে গৱেষক দলটোৱে।

♦ ৰিলেশ্যনশ্বিপ বিল্ডাৰ্ছঃ এই শ্ৰেণীৰ ফেচবুক ইউজাৰে আনৰ পোষ্টত কমেণ্ট, লাইক আদি বেছিকৈ কৰে। ভাৰ্ছুৱেল পৃথিৱীৰ জৰিয়তে সম্পৰ্ক স্থাপনত জোৰ দিয়ে। পৰিয়ালৰ সদস্যৰ পৰা আৰম্ভ কৰি বন্ধুবৰ্গ, অফিচৰ সহকৰ্মীলৈকে সকলোৰে সৈতে এইসকলে ফেচবুকৰ জৰিয়তে সংযুক্ত হৈ থাকিব বিচাৰে।

♦ টাউন ক্ৰায়াৰছঃ এইসকল ইউজাৰে অইনক ক'ত কি কৰিছে, ক’লৈ গৈছে, কি খাইছে জনাবলৈ খুব ভাল পায়। চিনেমা চাবলৈ গ’ল, লগে লগে ফেচবুকত আপডেট। কাফেত খাবলৈ গ’ল, ফেচবুকত আপডেট। গাড়ী কিনিলে, ফেচবুকত আপডেট। ফেচবুক ফিডত ভাল লগা পোষ্ট পালে নিজৰ টাইমলাইনত শ্বেয়াৰ কৰিবলৈ ভাল পায় এইসকলে। নিজৰ পছন্দৰ বিষয়ে বা সাফল্যৰ বিষয়ে সকলোকে ফেচবুকৰ জৰিয়তে জনাবলৈ উথপথপ লাগি থাকে এইসকলৰ মনত।

♦ ছেলফিজঃ এইসকলে ফেচবুক ব্যৱহাৰ কৰে নিজৰ প্ৰচাৰৰ বাবে। নিজৰ ফটো, ভিডিঅ’ অহৰহ পোষ্ট কৰে। তাত কিমান লাইক, কমেণ্ট আহিল সেই লৈ চিন্তা কৰে। সকলোতে এইসকল হাজিৰ হয়। ফেচবুক নটিফিকেশ্যনছ সকলোতকৈ বেছি ছাবছক্ৰাইপ কৰে এইশ্ৰেণীৰ ফেচবুক ইউজাৰসকলেই।

♦ উইনডো শ্বপাৰ্ছঃ এই শ্ৰেণীৰ ফেচবুক ইউজাৰে ছ’চিয়েল মিডিয়াত সামাজিক দায়ৱদ্ধতা দেখুৱাই ভাল পায়। নিজৰ বিষয়ে বা ব্যক্তিগত কথা এওঁলোকে অইনক জনোৱাতো পছন্দ নকৰে। ইয়াৰ বিপৰীতে সমাজত কি হৈছে, দেশত কি হৈছে, বিশ্বত কি হৈছে সেইবোৰক লৈ অধিক ব্যস্ত থাকে। যুক্তি-তৰ্ক, ভাল-বেয়া আদি তত্বগধুৰ মতামতেৰে এইসকল লোকে ফেচবুকৰ জৰিয়তে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে বা তেনে কৰাতো সামাজিক দায়ৱদ্ধতাৰ অংশ হিচাপে গণ্য কৰে। এই ইউজাৰসকলেই বিভিন্ন গ্ৰুপ আদিত সক্ৰিয় হৈ থাকে।

ফেচবুক ইউজাৰ কেই প্ৰকাৰৰ আৰু কি কি সেয়া জানিব পাৰিলে নিশ্চয়। কোন প্ৰকাৰৰ ফেচবুক ইউজাৰ কেনে ধৰণৰ সেয়াও গম পালে। 

এইবাৰ আহকচোন, আপুনি কোনটো ভাগত পৰে সেয়া বিচাৰি চাওক। আপুনি কেনে ধৰণৰ ফেচবুক ইউজাৰ? 

দেওবাৰে নিশা ১০ বজাৰ ভিতৰত সেয়া জনাওক তলৰ কমেণ্ট বক্সত আৰু 'নিউজ নেক্সট ৱান’ৰ তৰফৰ পৰা ভাগ্য পৰীক্ষাৰ জৰিয়তে লাভ কৰক আকৰ্ষণীয় উপহাৰ।