নিউয়ৰ্কঃ আফ্ৰিকান-আমেৰিকান জৰ্জ ফ্লয়েডৰ মৃত্যুত সমগ্ৰ আমেৰিকাতে তুংগত উঠিছে প্ৰতিবাদ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৪০০০ৰো অধিক প্ৰতিবাদকাৰী। বিক্ষোভকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে ৰবৰৰ বুলেটৰ লগতে কন্দুৱা গেছো প্ৰয়োগ কৰিছে। ইমানৰ পিছতো দেশখনত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ।

চিএনএনত প্ৰকাশিত বাতৰি অনুযায়ী কৃষ্ণাংগ হত্যাৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত প্ৰথম গ্ৰেপ্তাৰ হয় ২৬ মে’ত। ইয়াৰ পিছত যোৱা ৫ দিন ধৰি দেশখনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ সহস্ৰাধিকক। কিন্তু এই পৰ্যন্ত বিষয়টোক লৈ মৌন হৈ ৰৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। কৃষ্ণাংগ লোক এজনক বৰ্বৰভাৱে হত্যা কৰা কাৰ্যক নিন্দা জনোৱাতো দূৰৰে কথা, এই লৈ ৰাষ্ট্ৰপতিগৰাকীৰ মুখত শুনা যোৱা হোৱা নাই এটাও বাক্য। 

প্ৰকাশিত বাতৰি অনুযায়ী যোৱা শুকুৰবাৰে হোৱাইট হাউছৰ সমুখত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ইয়াৰ পিছতে কিছু সময়ৰ বাবে ভূগৰ্ভস্থিত বাংকাৰত আশ্ৰয় লয় ৰাষ্ট্ৰপতিগৰাকীয়ে। দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ উক্ত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰে। 

ইফালে, গুগল, ইউটিউব, ফেচবুক আদিৰ দৰে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়া সংস্থাসমূহেও বৰ্ণবৈষম্যৰ বিৰোধিতা কৰি জাতিগত সমতাৰ পক্ষে মত আগবঢ়োৱা দেখা গৈছে। গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে তলভাগত ক’লা ফিটা থকা গুগলৰ হোমপেজৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত লিখা আছে, 'আমি বৰ্ণবৈষম্যক কোনোপধ্যে সমৰ্থন নকৰো আৰু জাতিগত সাম্যৰ পক্ষে আছো।’ আনহাতে, ইউটিউবে আমেৰিকাত নিজৰ লগ’ত ৰঙাৰ পৰিৱৰ্তে ক’লা ৰং ব্যৱহাৰ কৰা দেখা গৈছে। 

উল্লেখ্য যে, আৰক্ষীৰ হাতত জৰ্জ ফ্লয়েডৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে মঙলবাৰৰ পৰা মিনিয়াপলিচৰ লগতে প্ৰায়বোৰ মাৰ্কিন চহৰতে বিক্ষোভ আৰম্ভ হয়। যোৱা সোমবাৰে এই মিনিয়াপলিচতে ফ্লয়েডক গ্ৰেপ্তাৰ কৰিছিল স্থানীয় আৰক্ষীয়ে। 

ভাইৰেল হৈ পৰা এটি ভিডিঅ’ত দেখা গৈছে যে চাৰিজন আৰক্ষীয়ে ফ্লয়েডক আগুৰি আছে। ইয়াৰে ডেৰেক চৌভিন নামৰ এজন আৰক্ষী বিষয়াই প্ৰায় আধা মিনিট সময় ধৰি জৰ্জৰ ডিঙিত চেপি মাটিত হেঁচি ধৰিছে। ইয়াৰ পিছত একপ্ৰকাৰ অচেতন হৈ পৰা জৰ্জক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই শেষ নিশ্বাস ত্যাগ কৰে ৪৬ বৰ্ষীয় কৃষ্ণাংগজনে।

ইতিমধ্যে উক্ত ৪ আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। হেনেপিন কাউণ্টিৰ এটৰ্নি মাইক ফ্ৰিমেনে জনোৱা মতে, চৌভিনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত কৰা হৈছে। অৱশ্যে ইমানৰ পিছতো প্ৰশমিত হোৱা নাই সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত দেখা দিয়া বিক্ষোভৰ আগনি। বিশেষকৈ বিষয়টোক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মৌনতাই সকলোকে অধিক ক্ষোভিত কৰি তুলিছে।

কিয় গ্ৰেপ্তাৰ কৰা হৈছিল ফ্লয়েডক?

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, যোৱা ২৫ মে’ত মিনিয়াপলিচ চহৰৰ কাপ ফুডছ গ্ৰচাৰিত ২০ ডলাৰৰ জাল নোটেৰে চিগাৰেট ক্ৰয় কৰিবলৈ চেষ্টা চলাইছিল জৰ্জ ফ্লয়েডে। লগে লগে গ্ৰচাৰি কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে। গ্ৰচাৰিৰ পৰা ওলাই গাড়ীত উঠি যাবলৈ লওতেই ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হয় আৰু ফ্লয়েডক গ্ৰেপ্তাৰ কৰে।

প্ৰছিকিউটৰৰ ভাষ্য অনুসৰি গাড়ীত বহি থকা অৱস্থাত ৪ জন আৰক্ষী বিষয়াই কাষ চাপি গৈছিল আৰু সোধ-পোচ আৰম্ভ কৰিছিল। ৪ আৰক্ষী বিষয়াৰ মাজৰ থমাছ লেন নামৰ বিষয়াজনে পিষ্টল উলিয়াই ফ্লয়েডক হাত ওপৰলৈ উঠাবলৈ আদেশ দিছিল। 'পলাবলৈ চেষ্টা নকৰা সত্বেও কিয় পিষ্টল টোওৱা হৈছিল তাৰ কোনো কাৰণ জানিব পৰা হোৱা নাই।’-প্ৰছিকিউটৰৰ মন্তব্য।

'ফ্লয়েডে হাত ওপৰলৈ কৰাৰ পিছতে তেওঁক গাড়ীৰ পৰা টানি উলিয়াই অনা হৈছিল। তেওঁ হাত কেৰেয়া পিন্ধিবলৈ সাজু হৈছিল। তেনেতে ডেৰেক চৌভিন নামৰ বিষয়াজনে তেওঁক গবা মাৰি ধৰে। আৰক্ষী বিষয়াজনে ফ্লয়েড ক্লাষ্ট্ৰ’ফবিয়াত আক্ৰান্ত বুলিও কটাক্ষ কৰে।’

আৰক্ষী বিষয়াজনে এনেদৰে গবা মাৰি ধৰাত আঁঠুত ভৰ দি তলমুৱা হৈ থকা ফ্লয়েডে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা অনুভৱ কৰে। অস্ফুট স্বৰেৰে তেওঁ কাতৰভাৱে আৰক্ষী বিষয়াজনক এৰি দিবলৈ অনুৰোধ জনায়। 'হাতযোৰ কৰিছো মহাশয়, মোক এৰি দিয়ক, মোক এৰি দিয়ক, মই উশাহ ল’ব পৰা নাই।’- ভাইৰেল ভিডিঅ’টোত ফ্লয়েডে এনেদৰে কাতৰভাৱে অনুৰোধ জনোৱা দেখা গৈছে। 

অসহায় হৈ পৰা ফ্লয়েডে আৰু কৈছে, 'মই পেটত কষ্ট পাইছো, ডিঙিটো বিষাইছে। উস! মহাশয় অনুৰোধ জনাইছো এৰি দিয়ক। মই উশাহ ল’ব পৰা নাই।’ কিন্তু ফ্লয়েডৰ এনে অনুৰোধলৈ কোনোধৰণৰ কৰ্ণপাত নকৰি আৰক্ষী বিষয়াজনে তেনেকৈ বহুসময় ধৰি গবা মাৰি ধৰাত অচেতন হৈ পৰে জাল নোটৰে চিগাৰেট ক্ৰয় কৰাৰ অভিযোগত অভিযুক্ত ফ্লয়েড।