নতুন দিল্লীঃ দেশত অভাৱ ঘটিছে পৰিষ্কাৰ পানীৰ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি দেশৰ প্ৰায় ৬ কোটি ৩০ লাখ লোকেই বঞ্চিত পৰিষ্কাৰ পানীৰ পৰা৷ কাইলৈ বিশ্ব জল দিৱস উপলক্ষে প্ৰকাশ কৰা হৈছে এই উদ্বেগজনক তথ্য৷ গ্ৰাম্য অঞ্চলত বাস কৰা অধিকাংশ লোকেই বঞ্চিত হৈছে পৰিষ্কাৰ পানীৰপৰা৷

মুলতঃ সঠিক চৰকাৰী পৰিকল্পনাৰ অভাৱ, ক্ৰমবৰ্ধমান জনসংখ্যা আৰু কৃষি কাৰ্যত প্ৰচুৰ পানী ব্যৱহাৰৰ ফলতে দেশত কমি আহিছে পৰিষ্কাৰ পানী৷ পৰিষ্কাৰ পানীৰ অভাৱৰ ফলতে  লোকসকলৰ মাজত কলেৰা, মেলেৰীয়া আৰু ডেংগুৰ দৰে ৰোগসমুহ বৃদ্ধি পাব ধৰিছে৷  

দেশৰ গ্ৰামাঞ্চলৰ মহিলাসকলে পানী সংগ্ৰহ  কৰিবলৈ এতিয়াও বহু দুৰ বাট কুৰি বাই যায় বুলি সমীক্ষাত প্ৰকাশ হৈছে৷ ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত পৰিষ্কাৰ পানীৰ যোগান ধৰাটো  প্ৰশাসনৰ বাবে একপ্ৰকাৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে৷ দেশৰ ৬৭% গ্ৰামাঞ্চলবাসী আৰু ৭% চহৰৰ লোক পৰিষ্কাৰ পানীৰ পৰা বঞ্চিত৷