জেনেভাঃ জলসংকটে ক্ৰমশঃ ভয়াবহ ৰূপ লৈছে বিশ্বত৷ ইউনিছেফৰ এক সমীক্ষাত প্ৰকাশ পোৱা এক তথ্য অনুসৰি ২০৪০ চনলৈ ৬০ কোটি শিশুৰ মৃত্যু হ’ব জল সংকটৰ ফলত৷ গোলকীয় উষ্ণতাৰ ফলত ২০৪০ চনৰ মাজভাগলৈ প্ৰত্যেক চাৰিজন শিশুৰ ভিতৰত এজনৰ মৃত্যু হ’ব এই জলসংকটৰ বাবে৷

এই সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিছে ইউনিচেফে৷ বুধবাৰে বিশ্ব জল দিৱস উপলক্ষে "থাৰ্ষ্টিং ফৰ এ ফিউচাৰঃ ৱাটাৰ এণ্ড চিলড্ৰেন ইন এ চেঞ্জিং ক্লাইমেট" শীৰ্ষক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ খৰাঙে ক্ৰমাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকাৰ দেশসমুহত৷

ইউনিচেফৰ আশংকা অনুসৰি চলিত বৰ্ষতে ৯০ লাখ লোকে বিশুদ্ধ পানী নাপাব ইথিঅ’পিয়াত৷ দক্ষিণ ছুদান, নাইজেৰিয়া ইত্যাদিৰ দৰে দেশসমুহতো অপুষ্টিৰ বাবে প্ৰায় ১৪ লাখ শিশুৰ মৃত্যু হৈছে৷ উষ্ণ তাপমাত্ৰা, জলস্তৰ বৃদ্ধি, খৰাং ইত্যাদি কাৰণসমুহে এই জল সংকটৰ কাৰন বুলি প্ৰকাশ কৰিছে ইউনিছেফে৷