থিৰুৱানন্তপুৰমঃ এগৰাকী ৯৩ বছৰীয়া কৰ’না আক্ৰান্ত ৰোগীয়ে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা বুলি চিকিৎসকে জনাইছে৷ এমাহ পূৰ্বে কেৰেলাৰ নিবাসী ৯৩ বছৰীয়া থমাছ আব্ৰাহাম আৰু আৰু তেওঁৰ ৮৮ বছৰীয়া পত্নী মৰিয়াম্মাই একেলগে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল। এই বয়োবৃদ্ধ দম্পতিহালে আৰু কিছুদিনৰ ভিতৰতে ঘৰলৈ উভতি যাব বুলি চিকিৎসালয়ৰ সূত্ৰই জনাইছে৷
  
কেৰালাৰ নিবাসী এই স্বামী-স্ত্ৰীহাললৈ ইটালীৰ পৰা উভতি অহা জীয়েক আৰু জোঁৱায়েকৰ পৰা কৰ’নাৰ সংক্ৰমিত হৈছিল বুলি জানিব পৰা গৈছে৷ এই বয়সস্থ লোক দুগৰাকীয়ে কৰ’নাৰ দৰে মাৰাত্মক ৰোগৰ পৰা আৰোগ্য লাভ কৰা খবৰটোৱে বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৯৩ বছৰীয়া থমাছ আব্ৰাহামেই কৰ'নাক জয় কৰা ভাৰতীয়সকলৰ ভিতৰত আটাইতকৈ বয়সীয়াল লোক হিচাপেও পৰিগণিত হৈছে।

বহুকেইটা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত এই দম্পতিহালক কৰ’না ভাইৰাছে আক্ৰান্ত কৰাৰ পিছেত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল তেওঁলোকক চিকিৎসা কৰিবলৈ লোৱা চিকিৎসকসকল৷ চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে পুৰুষ ৰোগীগৰাকীৰ স্বাস্থ্য বহুত বেয়াৰ ফালে যোৱাৰ পিছত তেওঁক ২৪ ঘণ্টাৰ বাবে ভেণ্টেলিটৰত ৰাখিবলগীয়া হৈছিল৷

'আমি বহু কষ্ট কৰিবলগীয়া হৈছিল। প্ৰতিটো মুহূৰ্ততে সকলোৱে সতৰ্ক হৈ আছিলো। আমাৰ চিকিৎসালয়ৰ বহুতেই ভয় খাই আছিলো যে চিকিৎসা সম্ভৱ কৰি তুলিব পাৰিম নে নাই? কিন্তু সকলো সম্ভৱ হৈ পৰিছিল।’-এইদৰে কয় কেৰেলাৰ কোট্টায়াম মেডিকেল কলেজৰ চিকিৎসক ডাঃ আৰ পি ৰেনজিনে।

হাস্পতালত স্বৰ্গীয় হাঁহি আৰু নতুন প্ৰেম!

চিকিৎসকসকলে জনোৱা মতে তেওঁলোকক যদিও প্ৰথমে পৃথক পৃথক আইচিইউত ৰখা হৈছিল সুস্থিৰ হোৱাৰ পিছত তেওঁলোক দুয়োকে দেখা পাব পৰাকৈ মাজেৰে আইনা লগোৱা দুটা পৃথক কোঠালিত ৰখা হৈছিল৷ এনেকৈ চিকিৎসা চলি থকাৰ সময়ত দুয়োটা কোঠাৰ মাজত থকা আইনাৰ মাজেৰে দুয়ো দুয়াকে চাবলৈ পাই যথেষ্ট আনন্দ লাভ কৰিছিল আৰু এই আনন্দই গোটেই চিকিৎসা প্ৰক্ৰিয়াটোক অধিক খৰতকীয়া কৰিছিল বুলি ডাঃ ৰেনজিনে মন্তব্য কৰিছে৷ 

'যেতিয়া আইনাৰ মাজেৰে দুয়ো দুয়োকে চাই আছিল তেতিয়া দুয়োৰে ওঁঠত বিৰিঙি উঠিছিল স্বৰ্গীয় হাঁহি। সেই হাঁহি প্ৰত্যক্ষ কৰি আমিও অভিভূত হৈ পৰিছিলো। এনে লাগিছিল যেন জীৱনৰ বিয়লি বেলাতো তেওঁলোক দুয়ো নতুনকৈ প্ৰেমত পৰিছে। এনেদৰেই অতি কম সময়ৰ ভিতৰতে তেওঁলোকে আৰোগ্য লাভ কৰিবলৈ সমৰ্থ হয়।’-চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলেও এই দম্পতিহালক ‘‘মা আৰু দেউতা’’ সম্বোধনেৰে মৰমেৰে চিকিৎসা চলাইছিল বুলি সদৰী কৰি এইদৰে কয় ডাঃ ৰেনজিনে।

৯৩ বছৰীয়া লোকজন সুস্থ হৈ উঠাৰ আঁৰত ধূম্ৰপানৰ অভ্যাস মুঠেই নথকাটোও এটা গুৰুত্বপূৰ্ণ কাৰক হ'ব পাৰে বুলিও মন্তব্য কৰিছে ডাঃ ৰেনজিনে। 'আমি জানিব পাৰিছো যে তেওঁ সৰুৰে পৰা ধূমপান কৰা নাছিল। পেছাত খেতিয়ক চৌখিন লোকজনে নিয়মিত ব্যায়াম কৰে বুলি আমাক জনাইছে। হাস্পতালতো অলপ সুস্থ হৈ উঠি আমাৰ পৰামৰ্শতে আসন কৰিছে। খাদ্য হিচাপে বিশেষ কচু, চাউলৰ গুৰি আৰু কঁঠালৰ পৰা প্ৰস্তুত কৰা কেৰালাৰ স্থানীয় খাদ্য পিঠা গ্ৰহণ কৰিছিল।'-চিকিৎসকগৰাকীয়ে কয়।

উল্লেখ্য যে ইটালীৰ পৰা দেশলৈ উভতি অহাৰ সময়ত বিমান বন্দৰত কৰ’নাৰ ভাইৰাছৰ পৰীক্ষাৰ পৰা পলায়ন কৰি ‘‘ইটালীয়ান কাপ’ল’’ হিচাপে জনাজাত হৈ পৰিছিল এই বয়সস্থ দম্পতিহালৰ জীয়েক-জোঁৱায়েক। এই ইটালীয়ান কাপ’লহালে বয়সস্থ এই দম্পতিহাল অৰ্থাৎ নিজৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আন কেবাগৰাকী সদস্যকে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত কৰিছিল বুলি জানিব পৰা গৈছে৷ পিছত স্বাস্থ্য বিভাগৰ দলে দুয়োৰে সন্ধান উলিওৱাত এই দম্পতিহালো কৰ’নাত আক্ৰান্ত হোৱাতো ধৰা পৰিছিল।

(ফটোৰ উৎসঃ ৰেডিফ ডট কম, ফটোখন বৰ্তমান সময়ৰ নহয়। সুস্থ অৱস্থাৰ কেইবছৰমান পূৰ্বৰ ফটো।)