newsnextone.com | ডিজিটেল ডেস্কঃ নিজ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু উদ্যমেৰে এছিয়ান গেমছৰ পূৰ্বে সফলতা লাভ কৰিলে ত্ৰিপুৰাৰ কন্যা জিমনাষ্ট দীপা কৰ্মকাৰে৷ ত্ৰিপুৰাৰ ২৩ বছৰীয়া জিমনাষ্ট দীপাই তুৰষ্কত অনুষ্ঠিত জিমনাষ্টিক বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰে৷

ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰা জিমনাষ্ট দীপা কৰ্মকাৰে উদ্ভাৱনাৰ নতুন সীমা অতিক্ৰমকাৰী এগৰাকী খেলুৱৈই৷ ৰিঅ’ অলিম্পিকৰ ভল্ট ইভেণ্টত চতুৰ্থ স্থানত থকাৰ লগতে দীৰ্ঘদিন আঘাতৰ বাবে খেল পথাৰৰ পৰা আঁতৰি আছিল৷ কমলৱেলথ গেমছতো অংশ লোৱা নাছিল৷ তাৰ মাজতে দেওবাৰে তুৰষ্কৰ মাৰ্চিন চহৰত অনুষ্ঠিত জিমনাষ্টিক বিশ্বকাপত সকলোকে ধৰাশয়ী কৰিলে৷  

কোৱালিফিকেচন ৰাউণ্ডত দীপাৰ স্কোৰ আছিল সকলোতকৈ বেছি৷ ১৩,৪০০ স্কোৰ কৰে৷ ফাইনেল ৰাউণ্ডত ১৪,১৫০ স্কোৰ কৰি সোণ নিশ্চিত কৰে৷ বেলেন্স ইভেণ্টত কোৱালিফাই হৈ ১১,৮৫০ স্কোৰ কৰি তৃতীয় স্থান দখল কৰে৷

উল্লেখ্য যে, '৩০ আণ্ডাৰ ৩০’ শীৰ্ষক ফৰ্বছৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰা জিমনাষ্ট দীপা কৰ্মকাৰে। মুঠ ৫০ জন ভাৰতীয়ৰ নাম সন্নিবিষ্ট হোৱা অলিম্পিকত কোনো বঁটা পাবলৈ সক্ষম নহ’লেও ভাৰতক ৫২ বছৰৰ মুৰত ভাৰতৰ মহিলা জিমনাষ্টৰ প্ৰতিনিধিত্ব কৰা দীপা কৰ্মকাৰৰ বিষয়ে ফৰ্বছে লিখিছিল যে অলিম্পিকত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দীপাৰ প্ৰদৰ্শন অনন্য।