গোলাঘাট, ৩১ জুলাই : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক শ্ৰীযুতা অজন্তা নেওগে আজি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত গোলাঘাট সমষ্টিৰ গোলাঘাট জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত ওৱাটিং পাইপ পানীযোগান আঁচনিৰ পৰা নলযোগে বিশুদ্ধ পানীৰ গৃহসংযোগ ব্যৱস্থাৰ শুভাৰম্ভ কৰে । এই উপলক্ষে পানী যোগান আচঁনিখনৰ চৌহদত আয়োজিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে পানীয়েই প্ৰাণ মূলমন্ত্ৰৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই অভিলাষী জল জীৱন অভিযানৰ দ্বাৰা প্ৰথম পৰ্যায়ত গোলাঘাটৰ ২০ হাজাৰ পৰিয়ালক পানী যোগানৰ লক্ষ্য লোৱা হৈছে ।

দ্বিতীয় পৰ্যায়তো আচঁনিখনৰ অধীনত প্ৰায় ২০ হাজাৰ পৰিয়ালক সামৰি লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ কয় যে জল জীৱন অভিযানৰ অধীনত ৰূপায়ন হ'বলগীয়া আঁচনিসমূহৰ মেৰামতি আৰু চোৱা-চিতা কৰাৰ দায়িত্ব পঞ্চায়তসমূহে গ্ৰহণ কৰিব । গোলাঘাটৰ নলযোগে পানী যোগানৰ ২০০খন আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালকে পানী যোগান ধৰা হ'ব বুলি তেওঁ কয় । আনহাতে ৩৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান মেগা আঁচনিৰ অধীনত ধনশিৰি নদীৰ পৰা পানী উত্তোলন কৰি পদুমনি উন্নয়ন খণ্ডৰ অধীনৰ ১৪ খন গাঁও পঞ্চায়তৰ প্ৰতিটো পৰিয়ালক আৰ্চেনিকমুক্ত পানী যোগান ধৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । তেওঁ কয় যে ইতিমধ্যে আঁচনিখনৰ অধীনৰ ৬টা মণ্ডলৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকী থকা এটা মণ্ডলৰ কাম সম্পূৰ্ণ হ'লেই এই আঁচনিখনৰ অধীনত পানী যোগান আৰম্ভ কৰিব পৰা যাব । পানী যোগান আঁচনিসমূহ কেৱল চৰকাৰৰ সম্পত্তি নহয় বৰং ৰাইজৰ সম্পত্তি বুলি উল্লেখ কৰি এনে আঁচনিসমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত প্ৰতিনিধি আৰু জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ।

তেওঁ পঞ্চায়তৰ প্ৰতিনিধিসকলক পুৱা-গধূলি নিজৰ অঞ্চলৰ পানী যোগান আঁচনিসমূহ ভালকৈ কাৰ্যক্ষম হৈ আছেনে নাই নিজে তদাৰক কৰাৰ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে লগতে পঞ্চায়তৰ পুঁজিৰ বুজন পৰিমাণৰ ধন খোৱাপানীৰ বাবে ব্যয় কৰিব লাগিব বুলি মন্তব্য কৰে । তেওঁ কয় যে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰো চাহ বাগিচাৰ লোকসকলক বিনামূলীয়াকৈ বিশুদ্ধ পানী যোগানৰ বাবে বাজেটত আঁচনি গ্ৰহণ কৰা হৈছে । তদুপৰি বৰ্তমানৰ ক'ভিডসৃষ্ট পৰিস্থিতিত সকলোকে সতৰ্ক হ'বলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । উন্নয়ন এটা নিৰন্তৰ প্ৰক্ৰিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে ক'ভিড পৰিস্থিতিত সাৱধান হৈ ভাৰসাম্য ৰক্ষা কৰি সমাজখনক আগুৱাই লৈ যাব লাগিব । ক'ভিডৰ বাবে বন্ধ হৈ থকা ৰাজহুৱা অনুষ্ঠানসমূহ লাহে লাহে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলিবলৈয়ো মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত প্ৰতিনিধিসকলক নিৰ্দেশ দিয়ে ।

আনহাতে পাছত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মাটি চূড়ান্ত হ'লেই গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব । ওৱাটিং গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা ইলা গগৈৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ধীৰাজ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্ৰীযুত উপেন্দ্ৰ সিং আৰু জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকল উপস্থিত আছিল ।