newsnextone.com | ডিজিটেল ডেস্কঃ কথমপি ৰক্ষা পৰিল এখন দেশৰ ৰাষ্ট্ৰ প্ৰধান। ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰিছিল ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাইক। শনিবাৰে দেশ খনৰ কাৰাকাছত এখন ৰাষ্ট্ৰীয় সুৰক্ষা সন্দৰ্ভত অনুষ্ঠিত সভাত ভাষণ দি থকাৰ সময়তে ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰে। 

এই আক্ৰমণত ৰাষ্ট্ৰপতিগৰাকীয়ে কথমপি ৰক্ষা পৰে যদিও ৰাষ্ট্ৰপতিক ৰক্ষা কৰিবলৈ গৈ ৭গৰাকী নিৰাপত্তাৰক্ষী আহত হৈছে। প্ৰথমাৱস্থাত এই ঘটনাক লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও ভেনিজুৱেলা চৰকাৰে আক্ৰমণৰ কথা স্বীকাৰ কৰে। 

উক্ত সময়ত দেশ খনৰ নিউজ চেনেল সমূহে ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়া সম্প্ৰচাৰ কৰি আছিল যদিও লগে লগে সমগ্ৰ দেশৰ নিউজ চেনেলৰ প্ৰচাৰ বন্ধ কৰি দিয়া হয়। ঘটনাৰ তদন্ত আৰম্ভ হৈছে যদিও এতিয়ালৈ স্পষ্ট হোৱা নাই আক্ৰমণকাৰী কোন।