ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰ অব্যাহত থকাৰ সময়তে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক লৈ ভাইৰেল হোৱা আন এক বাতৰিয়ে এতিয়া ছচিয়েল মাধ্যমসমূহ উত্তপ্ত কৰি ৰখা দেখিবলৈ পোৱা গৈছে৷ ছচিয়েল মিডিয়াত ৰাহুল গান্ধীৰ ফটোৰ লগতে এয়াও প্ৰচাৰ হৈছে যে দেশৰ শক্তিশালী ৰাজনৈতিক সকলৰ অন্যতম কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে অতি সোনকালে বিয়াত বহিব৷

ছোনীয়া গান্ধীৰ সংসদীয় ক্ষেত্ৰ ৰায়বৰেলীত সৰ্বপ্ৰথম হোৱাটছাপ যোগে এই বাতৰি ফটো সহিত প্ৰচাৰ হয়৷ বাতৰি মতে অতি সোনকালে কংগ্ৰেছ বিধায়িকা অদিতি সিঙৰ সৈতে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ বিবাহ সম্পন্ন হ’ব৷ আনকি ৰাহুল গান্ধীয়ে মাতৃ ছোনীয়া গান্ধীৰ সৈতে হ’বলগীয়া শহুৰৰ ঘৰলৈও অহা যোৱা কৰি থকা বুলি ছচিয়েল মিডিয়াত গুজব চলিছে৷

৪৮ বৰ্ষীয় ৰাহুল গান্ধীক প্ৰায়ে সাংবাদিকসকলে বিয়াৰ কথা সোধে যদিও ৰাহুল গান্ধীয়ে সাংবাদিকসকলক মিচিকিয়া হাঁহি উপহাৰ দিয়াৰ বাহিৰে আন কোনো প্ৰত্যুত্তৰ প্ৰদান নকৰে৷

ছচিয়েল মিডিয়াত এজন ব্যৱহাৰকাৰীয়ে অদিতি সিঙৰ সৈতে ৰাহুল গান্ধীৰ ফটো পোষ্ট কৰি লিখে, ‘ৰাহুল গান্ধীক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ অখিলেশ সিঙৰ জীয়াৰী অদিতি সিঙ হ’ব ৰাহুলৰ পত্নী৷ ছোনীয়া গান্ধীৰ ৰায়বৰেলী সমষ্টিৰ বিধায়িকা অদিতিৰ সতে এই মাহতে বিয়া৷’
 
প্ৰকৃততে যিগৰাকী যুৱতীৰৰ সৈতে ৰাহুলৰ বিবাহ সম্পন্ন হোৱাৰ বিষয়ে বাতৰি প্ৰচাৰ কৰা হৈছে তেওঁ হৈছে অদিতি সিং৷ বিগত বৰ্ষত তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৰায়বৰেলী সমষ্টিৰ পৰা প্ৰায় ৯০ হাজাৰ ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিল৷ অদিতিৰ পিতৃ অখিলেশ সিঙেও একেটা সমষ্টিৰ পৰা পূৰ্বতে কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ 

২৯ বৰ্ষীয় অদিতি সিঙে আমেৰিকাৰ ডিয়ুক বিশ্ববিদ্যালয়ৰ পৰা মেনেজমেন্টৰ শিক্ষা লাভ কৰে৷ ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৰায়বৰেলী সমষ্টিৰ কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়িকা হয়।

আনহাতে এই বাতৰি ছচিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰাৰ পিছতে এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অদিতি সিঙে কয়, ‘এনে কোনো ঘটনা হ’বলৈ যোৱা নাই৷ ৰাহুল গান্ধী মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে৷ মই যোৱা কিছুদিনৰ পৰা ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভূৱা বাতৰিৰ বাবে অসন্তুষ্টিত ভূগিছো৷ মই এয়া জনাব বিছাৰো যে ৰাহুল গান্ধী মোৰ ৰাখী ভাই৷’

অদিতি সিঙে আৰু কয়, ‘মই কালিৰে পৰা অধিক অশান্তিত ভূগিছো৷ ছচিয়েল মিডিয়াত মোৰ আৰু ৰাহুল গান্ধীৰ ফটো প্ৰচাৰ কৰি আমাৰ বিয়া সম্পৰ্কে ভুৱা খবৰ প্ৰচাৰ কৰা হৈছে৷ ৰাহুল গান্ধী মোৰ কেৱল ৰাখী পিন্ধোৱা ভাই৷ মই বিছাৰো এই ভুৱা বাতৰি প্ৰচাৰ কৰাজনক শীঘ্ৰে কৰায়ত্ব কৰা হওক৷’