ডিজিটেল ডেস্কঃ আমি আমাৰ যুক্তি ৰাখিলো এতিয়া জামিনৰ ৰায় দিব ন্যায়াধীশে৷ দুপৰীয়াৰ আহাৰৰ গ্ৰহণৰ পাছত ৰায় ঘোষণা কৰিব জোধপুৰ আদালতে৷ ছলমানৰ অধিবক্তা হাস্তিমল শ্বৰচৱাতে শনিবাৰে জামিনৰ ৰায়ৰ শুনানিৰ অন্তত আদালতৰ পৰা ওলাই আহি এই মন্তব্য আগবঢ়ায়৷

আনহাতে আদালত বাহিৰত ছলমান অধিবক্তাই জামিনৰ সকলো চৰ্ত ছলমানে মানি লোৱা বুলি কয়৷ জোধপুৰৰ আদালত বাহিৰত ছলমানৰ ফেন প্লেকাৰ্ড লৈ থিয় হৈ থকা দেখা যায়৷

আশা কৰা মতে জামিনত মুক্তি লাভ কৰিব পাৰে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে৷ ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত দ্বিতীয়টো নিশা কটােৱাৰ অন্তত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভৱনা আছে চল্লু ভাইৰ৷ 

বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন দাখিল কৰিছিল যদিও জামিনৰ ৰায় এদিনৰ বাবে স্থগিত ৰখা হৈছিল৷ 

শনিবাৰে পুৱা ৯.৩০ বজাত ৰাজস্থানৰ জোধপুৰ জিলা-চেচন আদালতৰ ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশী আদালতত উপস্থিত হয়৷ কিছুসময় পাছতেই উপস্থিত হয় ছলমান খানৰ অধিবক্তা হাস্তিমল শ্বৰচৱাত৷ জামিন আৱেদনৰ শুনানি শুকুৰবাৰে অনুষ্ঠিত হৈ গৈছিল বাবে কেৱল ন্যায়াধীশে ছলমান খানৰ জামিন ৰায় ঘোষণা কৰিব ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে৷

০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷ 

জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে পৰিচিত হয় ছলমান খান৷ আনহাতে জেলৰ ২ নং ৱাৰ্ডত থাকিব ছলমানে৷ যিটো ৱাৰ্ডত কেইবাগৰাকী প্ৰভাৱশালী লোক কাৰাবাস খাটি আছে৷  

বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলমানক৷