newsnextone.com | গুৱাহাটীঃ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গোলকীয় উষ্ণতা ৰোধ আৰু বিশ্বৰ দেশ সমূহ যুঁজ দি অহা পৰিবেশ সমস্যাক বুজিবলৈ যত্ন কৰে সমগ্ৰ বিশ্বই৷ World Environment Day (WED) নামেৰে পালন কৰি অহা বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে ৫ জুনত পালন কৰা হয়৷

৫ জুনত বিশ্বব্যাপী গণ সচেতনতা সৃষ্টিৰ বাবে আৰু সুস্থ পৰিৱেশ গঢ়ি তুলিবৰ বাবে চিন্তা চৰ্চা কৰা হয়৷ পৰিবেশ সংৰক্ষণ কৰিবৰ বাবে গণ সচেতন সৃষ্টিক লক্ষ্য কৰি লোৱা হয় দিৱসৰ দিনটোত। এই দিনটোৰ পৰাই ১১ দিনীয়াকৈ সমগ্ৰ বিশ্বত দেখা দিয়া গোলকীয় উষ্ণতাৰ প্ৰভাৱৰ ফলত দেখা দিয়া পৰিবেশ সমস্যাক ৰাষ্ট্ৰসংঘৰ মানবিক পৰিবেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। কনফাৰেন্স ১৯৭২ চনৰ ৫ জুনৰ পৰাৰ ১৬ জুনলৈ বৰ্ধিত হাৰত অনুষ্ঠিত হৈছিল।

তেতিয়াৰ পৰাই প্ৰতি বছৰেই এই দিৱস পালন কৰি অহা হৈছে। এই দিবস প্ৰথম পালন কৰা হৈছিল ১৯৭৩ চনত। প্ৰতি বছৰে বেলেগ বেলেগ দেশত, বেলেগ বেলেগ ধৰণে পালন কৰা হয়৷ উত্তৰ গোলাৰ্ধত বসন্তত আৰু দক্ষিণ গোলাৰ্ধত শৰতত পালন কৰা হয়৷

গোলকীয় উষ্ণতা ৰোধৰ বাবে সমগ্ৰ বিশ্বৰ দেশ আৰু চৰকাৰে কাম কৰি আহিছে৷ পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা। পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷

মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, ৰোধ কৰিব লাগিব পাহাৰ ধ্বংস৷ ৰুব লাগিব গছ-গছনি৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে কাম কৰি লাগিব প্ৰতিগৰাকী মানুহে৷

পাহাৰত সমূহত গছপুলি ৰোপন, গাঁওসমূহত, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ চৌহদত, পথৰ দাতিত গছ পুলি ৰোপণ কৰিব লাগিব৷ বৃক্ষৰোপণ কৰি পৃথিৱীক সেউজীয়া কৰিব লাগিব। বন ধ্বংসৰ বাবে একাংশ লোক উঠি পৰি লগা দেখা যায়৷ থিক তেনেদৰে একাংশ লোকে সেই লোক সমূহক বুজনি দিব লাগিব গছ নহলে যে পৃথিৱী নাথাকিব৷

সমাজখনত ভাল কাম কৰিব বিচৰা মানূহ বহু আছে৷ প্ৰচাৰ আৰু প্ৰসাৰ নিবিচৰাকৈ ভাল কাম কৰিব লাগিব সকলোৱে৷ নীতিগতভাৱে আত্ম-বিশ্বাসেৰে কাম কৰা মানুহক হয়তো প্ৰচাৰৰ প্ৰয়োজনো নাথাকে৷ দেশৰ-দহৰ হকে কাম কৰা মানুহ আমাৰ ৰাজ্যত অলেখ আছে৷ কোনোৱে দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীক পঢ়ুৱাইছে, আন কোনোৱে বিনামুলীয়াকৈ কাৰোবাৰ সন্তানক চিকিৎসা কৰিছে৷ তেনেদৰে গোলকীয় উঞ্চতা ৰোধ কৰিবৰ বাবেও কাম কৰিব লাগিব৷ মানুহে প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ স্বভাৱ এৰিব লাগিব৷

কোনোৱে যদি দুখীয়াক অন্ন-বস্ত্ৰ, গৃহ সজাই দিয়ে আন কোনোৱে পৰিবেশ ৰক্ষাৰ বাবে কাম কৰিব লাগিব৷ বৃক্ষৰোপণেৰে সমাজ সেউজীয়া কৰাৰ সপোন দেখিব লাগিব৷ বিশেষকৈ যুৱকসকলে বনানীকৰণত গুৰুত্ব আৰোপ কৰিব লাগিব৷

কিন্তু আমাৰ ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, আমোলা, বিষয়াই এনেবোৰ কথা ভাবি সজাগ হবলৈ চেষ্টা কৰেনে৷ যদি আপুনি ভালকৈ পৰ্যবেক্ষণ কৰে আমাৰ ৰাজ্য খনৰ মন্ত্ৰী-বিধায়কে এনেবোৰ কথাক লৈ মুঠেও গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বনজ সম্পদ ৰক্ষাৰ দোহাই দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা চৰকাৰে খোদ ধ্বংস কৰে বনজ সম্পদ৷

এই অভিযোগ বছৰ বছৰ ধৰি উত্থাপন হৈ আহিছে৷ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰেও ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদৰ ৰক্ষা শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷

চৰকাৰ খনৰ প্ৰায় ২৫ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷

নদীৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল। একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷ আনহাতে পাহাৰৰ গছ-গছনি কাটি তহিলং কৰি গৈছে একাংশ লোকে৷ তথাপিও যেন ধৰোতা কোনো নাই৷ 

আনহাতে চৰকাৰে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত হোহকা পিছলা নীতি অৱলম্বন কৰি আহিছে৷ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত এখন বিশেষ আইন গৃহীত কৰাৰ প্ৰয়োজন আছে দেশত৷ যিখন আইনে প্লাষ্টিক গোপনে উৎপাদন কৰা আৰু ব্যৱহাৰ কৰা লোকক শাস্তি দিব পাৰে৷ সকলোৱে জনা প্ৰয়োজন যে এবাৰ ব্যবহাৰ কৰি পেলাই দিয়া প্লাষ্টিক পিচত জলস্থল, বায়ুস্থল আৰু স্থলত জীৱকুলৰ প্ৰতি ভাবুকি মাতি আনে। যাৰ বাবে আমি সচেতন হ’ব লাগিব৷ প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগিব৷

ইয়াৰ লগে লগে গছপুলি ৰোপন কৰিলে নহ’ব, সঁচা অৰ্থত গছপুলি ৰোপনৰ এক অভ্যাস গঢ়ি তুলিব লাগিব৷ একেলগে হাজাৰ লাখ গছপুলি ৰোপন কৰি ফটো তুলি ছচিয়েল মিডিয়াত দি বাঃ বাঃ লোৱাতকৈ এডাল বৃক্ষৰোপন কৰি তাক ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰি উচিত৷ বাতৰিৰ শিৰোনাম দখলৰ প্ৰৱণতা পৰিহাৰ কৰি কাম কৰিব লাগিব৷

একেলগে পাঁচ লাখ গছপুলি ৰোপন কৰি অভিলেখ গঢ়াসকলে পৰৱৰ্তী সময়ত সচেতন ব্যক্তিৰ পৰিচয় দি খবৰ ৰাখিছেনে গছ পুলিসমূহ কি পৰ্যায়ত থাকে৷ যদি এনেদৰে সচেতনতাৰ অভাব হয় তাতকৈ প্ৰত্যেকে একোটাকৈ গছপুলি ৰোপন কৰি যতন ললেই যথেষ্ট৷

প্লাষ্টিক প্ৰদূষণে দেশ আৰু ৰাজ্যৰ কৃষিভূমিক বিশেষ ক্ষতি কৰে৷ প্লাষ্টিক অথবা পলিথিন আমি ব্যৱহাৰ কৰি পেলাই দিয়াৰ ফলত কৃষি ভূমি সমূহ খেতিৰ বাবে অনুপযোগী হৈ পৰিছে। যাৰ বাবে প্লাষ্টিক ব্যৱহাৰ আমি নিজেই পৰিহাৰ কৰিব লাগিব৷ 

ইয়াৰ ভয়াবহতাৰ বিষয়ে আমি অনুধাৱন কৰিব লাগিব৷ তেন্তে আনকো সজাগ কৰিব পাৰিম৷ অসমৰ পাহাৰ, নৈৰ পাৰ, চৰাকৰী মুকলি ঠাইত গছপুলি ৰোপনৰ বাবে ব্যৱস্থা কৰিব লাগিব৷ যাৰ দ্বাৰা অসম সেউজীয়া হৈ পৰিব৷ আমি সকলোৱে গছপুলি ৰোপন কৰিব পাৰিলে অসমৰ পৰিবেশেই সলনি হৈ যাব৷