বাৰ্লিনঃ কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে অব্যাহত থকা আতংকৰ মাজতে আন এক দুৰ্ভাৱনা কঢ়িয়াই আত্মহত্যা সংঘটিত কৰে জাৰ্মানীৰ হেছে (Hesse) ৰাজ্যৰ বিত্তমন্ত্ৰী থমাছ স্কাফাৰে। ৰাজ্য চৰকাৰখনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে কৰ'না ভাইৰাছে সৃষ্টি কৰিব পৰা অৰ্থনৈতিক সংকটৰ কিদৰে সন্মুখীন কৰিব সেই লৈ অধিক উদ্বিগ্ন হৈয়ে শনিবাৰে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। 

জাৰ্মানীৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী শনিবাৰে ৰাজ্যখনৰ উইছবাডেন চহৰৰ এটি ৰেলপথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হয় ৫৪ বৰ্ষীয় স্কাফাৰৰ মৃতদেহ। উইছবাডেনৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে মন্ত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলিয়েই সন্দেহ কৰিছে।

'আমি হতভম্ব হৈ পৰিছো। আমি বিশ্বাস কৰিব পৰা নাই। আমি বিষাদেৰে ভাৰাক্ৰান্ত হৈ পৰিছো।’-স্কাফাৰৰ আত্মহত্যাৰ সংবাদ লাভ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত এইদৰে কয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভল্কাৰ বফিয়াৰে।

উল্লেখ্য যে হেছে ৰাজ্যতে আছে জাৰ্মানী অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বিখ্যাত ফ্ৰাংকফুৰ্ট চহৰ। এইখন চহৰতে আছে ডাচ্ছ বেংক আৰু কমাৰ্জবেংকৰ দৰে আগশাৰীৰ বেংকসমূহৰ মুখ্য কাৰ্যালয়। ইউৰোপীয়া চেণ্ট্ৰেল বেংকো এইখন চহৰতে অৱস্থিত।

মুখ্যমন্ত্ৰী ভল্কাৰে জনোৱা মতে যোৱা ১০ বছৰ ধৰি ৰাজ্যখনৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল স্কাফাৰ। ৰাজ্য আৰু দেশৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি অহা স্কাফাৰে কৰ’না মহামাৰীৰ পিছতে উদ্যোগ-প্ৰতিষ্ঠান আৰু শ্ৰমিক-কৰ্মচাৰীসকলৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে দিনে-নিশাই কাম কৰিছিল বুলিও জনায় ভল্কাৰে।

'আমি আজি এই ধাৰণাই কৰিছো যে পৰিস্থিতি প্ৰত্যক্ষ কৰি তেওঁ ভিতৰি ভিতৰি শংকিত হৈ পৰিছিল, উদ্বিগ্ন হৈ পৰিছিল। জনতাই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’লে কেনেধৰণৰ পৰিৱেশৰ উদ্ভৱ হ’ব সেয়া কল্পনা কৰি হয়তো তেওঁ থিৰেৰে থাকিব পৰা নাছিল।’-এইদৰে কয় চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ বিশ্বস্ত সহযোগী হিচাপে পৰিগণিত মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ভল্কাৰে। 

তেওঁ আৰু কয়, 'এই সংকটৰ মুহূৰ্তত তেওঁৰ দৰে এগৰাকী অভিজ্ঞ আৰু দক্ষ লোকক বিচাৰি উলিওৱাতো আমাৰ পক্ষে এতিয়া যথেষ্ট কঠিন হৈ পৰিছে।’

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী ৰাজ্যখনত এগৰাকী জনপ্ৰিয় নেতা হিচাপে পৰিগণতি স্কাফাৰৰো আছিল চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে যথেষ্ট সু-সম্পৰ্ক। জাৰ্মানীৰ ৰাজনৈতিক মহলে হেছে ৰাজ্যত স্কাফাৰকেই ভল্কাৰৰ উত্তৰাধিকাৰী আখ্যা দি আহিছে। এঞ্জেলা মাৰ্কেলৰ সোপন্থী দল চিডিইউৰ নেতা স্কাফাৰে মৃত্যুৰ সময়ত পত্নী আৰু দুটি সন্তানক এৰি থৈ যায়।