ডিজিটেল ডেস্কঃ ছ’ৱাইন ফ্লুত আক্ৰান্ত হৈছে ছুপাৰষ্টাৰ আমীৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাও। অৱশ্যে এতিয়ালৈকে তেওঁলোক চিকিৎসালয়ত ভৰ্তি হোৱা নাই। 'এন ডি টিভি’ আৰু 'অমৰ উজালা’ত প্ৰকাশিত বাতৰি মতে, বৰ্তমান ঘৰতে দুয়োৰে চিকিৎসা চলি আছে।

দেওবাৰে পত্নীসহ আমীৰে পুণেৰ এক অনুষ্ঠানত ভাগ ল’বলগীয়া আছিল যদিও ছ’ৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হয়। সেয়া হ’লেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুয়ো অনুষ্ঠানটোৰ দৰ্শকসকলক ৰোগৰ বিষয়ে জনায়। 

উক্ত ভিডিঅ’ কনফাৰেন্সিঙতে দুয়োকে চিকিৎসকে অতি কমেও ৭ দিন ঘৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে অনুষ্ঠানটোত তাৰকাৰ অংশগ্ৰহণ একান্তই প্ৰয়োজনীয় আছিল। সেয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ হায়ত হ’লেও ৰুগীয়া দেহাৰেই দেখা দিবলৈ বাধ্য হৈ পৰে অভিনেতাগৰাকীয়ে।

►CLICK HERE: 'ছ'ৱাইন ফ্লু'ত আৰু এজনৰ মৃ্ত্যু, নিৰ্লিপ্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত

ৰোগত আক্ৰান্ত হোৱা বাবে আমীৰে বন্ধু শ্বাহৰুখ খানত উক্ত অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুৰোধ জনায়। আমীৰৰ অনুৰোধ ৰক্ষা কৰি শ্বাহৰুখে অনুষ্ঠানটোত উপস্থিত থাকে।

ভিডিঅ’ কনফাৰেন্সিঙত আমীৰে অনুৰোধ ৰক্ষা কৰাৰ বাবে শ্বাহৰুখক ধন্যবাদ জনোৱাৰ লগতে জনাই যে ৰোগৰ বাবে ঘৰতে থাকিবলগীয়া হোৱাত বৰ অস্বস্তিত সময় পাৰ কৰিবলগীয়া হৈছে।