নতুন দিল্লীঃ বৃহৎ জয়েৰে তৃতীয়বাৰৰ বাবে দিল্লীত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে আম আদমি পাৰ্টী (আপ)। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কিছুসময় পূৰ্বে তৃতীয়বাৰৰ কাৰণে  তেওঁক আদৰি লোৱাৰ বাবে দিল্লীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। দিল্লীৰ এই জয়ে অসমৰ আপ দলৰ কৰ্মকৰ্তাসকলকো  উৎফুল্লিত কৰি তুলিছে। এই জয়েৰে অনুপ্ৰাণিত হৈ অসমতো নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে দলটোৰ অসম ৰাজ্যিক সমিতিয়ে।

দিল্লীৰ জয়ক লৈ কি ক’লে অসমৰ আপ কৰ্মকৰ্তাসকলে?

দিল্লীত বিজয় নিশ্চিত হোৱাৰ পিছতে আপ, অসমৰ ৰাজ্যিক সম্পাদক বনদ্বীপ দত্তৰ সৈতে ফোনযোগে যোগাযোগ কৰাত তেওঁ এই জয়ক গণতন্ত্ৰৰ জয় আখ্যা দিয়ে। 'এই জয় গণতন্ত্ৰৰ জয়। দিল্লীবাসীয়ে বিবেকেৰে ভোটদান কৰিছে। স্বৈৰচাৰী বিজেপিৰ সমূহ কুট-কৌশল দিল্লীবাসীয়ে বুজি পাইছে। ফেচিবাদী চৰকাৰখনৰ বিৰুদ্ধে আমাৰ যুঁজৰ অন্তত এক আশাপ্ৰদ ফলাফল লাভ কৰিলো।’

অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ৰৌহটাছ নগৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভতো মন্তব্য কৰে ৰাজ্যিক সম্পাদক গৰাকীয়ে। তেওঁ কয়, 'আমি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰৰ সমূহ দৃশ্যাংশ দেখিছো। তেওঁৰ প্ৰচাৰ কৌশলে আমাক লজ্জানত কৰিছে। এনকৈ প্ৰচাৰত অংশ ল’বলৈ যোৱাৰ আগতে ভালকৈ কথাবোৰ মনত জুকিয়াই লোৱা উচিত। কেনেদৰে ক'ব তাৰ অনুশীলনো কৰি যাব লাগে। আমি আশা কৰিছো আজিৰ ফলাফলৰ অন্তত দ্বিতীয়বাৰ তেওঁ তালৈ গৈ এনেদৰে আৰু অসমবাসীক লজ্জানত কৰিব পৰা মন্তব্য নকৰিব।" 

২০২১ৰ নিৰ্বাচনত ভাগ ল’বনে আপে?

২০২১ৰ নিৰ্বাচনলৈ একপ্ৰকাৰ নিজকে সাজু কৰি তুলিছে আপ, অসমে। NNOৰ সৈতে হোৱা কথা-বতৰাত আপ নেতা বনদ্বীপ দত্তই ইয়াৰ এক স্পষ্ট ইংগিত দিয়ে। তেওঁ কয়, '২০২১ৰ নিৰ্বাচনক লৈ আমি দলীয় কুচকাৱাজ আৰম্ভ কৰিছো। প্ৰায় ৪০ টা বিধানসভা সমষ্টিত আমাৰ দলীয় কমিটি গঠন হৈছে। পঞ্চায়ততো আমি শাখা গঠন কৰিছো। এই জয়ে আমাক অসমত আপ দলক আগুৱাই নিবৰ বাবে সাহস দিছে। আমি ২১ৰ নিৰ্বাচনত অসমৰ প্ৰায়কেইটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা বিবেচনা কৰি আছো।’

আপ, অসমৰ সংবাদমেল

দিল্লীৰ ফলাফলৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে আপ, অসমে আয়োজন কৰে এখন সংবাদমেলৰ। সংবাদমেলত দলৰ ভেটি সুদৃঢ় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সদৰী কৰে আপ, অসমৰ শীৰ্ষ নেতৃত্বই। আগন্তক দিনত অৰবিন্দ কেজৰিৱালকে প্ৰমুখ্য কৰি কেবাজনো শীৰ্ষ নেতা অসমলৈ আহিব বুলিও কেন্দ্ৰীয় নেতৃত্বই অৱগত কৰাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে আপ, অসমে। 

'অসমৰ একমাত্ৰ আঞ্চলিক দল অগপৰ অৱস্থিতিয়ে অসমবাসীক আশাহত কৰি তুলিছে। নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে সংসদত কৰা ভোটদানৰ বাবেই অসমৰ জনসাধাৰণৰ আস্থা তেওঁলোকে সম্পূৰ্ণ হেৰুৱাই পেলাইছে। কিন্তু আমাৰ দলে এই আইনৰ বিৰুদ্ধে সংসদৰ ভিতৰে-বাহিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।’-আপে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লগতে স্থানীয় সমস্যাসমূহক মূল সমস্যা হিচাপে গণ্য কৰে বুলি উল্লেখ কৰি এইদৰে কয় আপ, অসমৰ নেতৃত্বই।

অশান্ত ৰাজনৈতিক পৰিস্থিতিৰ লগতে বিভিন্ন স্থানীয় সমস্যাই প্ৰতিনিয়ত জুৰুলা কৰি অহা অসমবাসীয়ে আপক বিকল্প ৰাজনৈতিক দল হিচাপে আদৰি ল’ব বুলিও আশা প্ৰকাশ কৰে সংবাদমেলত উপস্থিত থকা আপ, অসমৰ নেতাসকলে। তেওঁলোকে কয় যে যদিহে অসমৰ ৰাইজে বিকল্প হিচাপে 'আপ'ক গ্ৰহণ কৰে তেন্তে ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ দলটো সদা প্ৰস্তুত আছে।