নতুন দিল্লীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মঙলবাৰে নিশা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত থিতাতে নিহত হয় আম আদমী পাৰ্টীৰ এজন স্বেচ্ছাসেৱক। আম আদমী পাৰ্টীৰ বিধায়ক নৰেশ যাদৱৰ কনভয়লৈ লক্ষ্য কৰি গুলী চলোৱাৰ ফলতে নিহত হয় স্বেচ্ছাসেৱকজন। নিহত স্বেচ্ছাসেৱকজন অশোক মান বুলি জনাইছে দিল্লী আৰক্ষীয়ে। এই ঘটনাত আহত হয় হৰেন্দ্ৰ নামৰ আন এজন আপ কৰ্মী।

আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সংবাদ মাধ্যমক জনোৱা মতে কালি জয়লাভৰ পিছতে পূজা দিবলৈ বুলি নিশাৰ ভাগত মন্দিৰলৈ গৈছিল বিধায়ক নৰেশ যাদৱ। পূজা দি ঘৰলৈ উভতাৰ পথতে অচিনাক্ত বন্দুকধাৰীয়ে যাদৱৰ কনভয়লৈ লক্ষ্য কৰি গুলীচালনা সংঘটিত কৰে। গুলীচালনাত বিধায়কজন কথমপি ৰক্ষা পৰে যদিও এজন আপ কৰ্মী নিহত হয়। 

ঘটনা সন্দৰ্ভত আপৰ তৰফৰ পৰা দাখিল কৰা অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে মূল অভিযুক্ত কালু নামৰ এজনক কৰায়ত্ত কৰি সোধ-পোছ আৰম্ভ কৰিছে। আৰক্ষীয়ে দাবী কৰা মতে কালিৰ গুলীচালাৰ ঘটনাত ৰাজনৈতিক শত্ৰুতাৰ বাবে আপৰ বিধায়কজনক টাৰ্গেট কৰা হোৱা নাছিল। ব্যক্তিগত শত্ৰুতাৰ বাবেহে আপ কৰ্মী অশোক আৰু আন এজনক লক্ষ্য কৰি ধৃত কালুৱে গুলী চলাইছিল বুলি প্ৰাথমিক তদন্তৰ অন্তত জনাইছে আৰক্ষীয়ে।

'এয়া ব্যক্তিগত শত্ৰুতাৰ বাবে সংঘটিত ঘটনা। ইয়াৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই। আমি তদন্ত আৰম্ভ কৰিছো। তদন্তৰ অন্তত সকলো পোহৰলৈ আহিব।’-এইদৰে কয় দিল্লী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই। অৱশ্যে আৰক্ষীয়ে ব্যক্তিগত শত্ৰুতাৰ বাবে উক্ত ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিলেও বিষয়টোক সহজভাৱে ল’ব পৰা নাই আপ নেতৃত্বই।