গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯টা জাতি-জনগোষ্ঠীয় সংগঠনে শুকুৰবাৰে মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেন্টেলত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ ৰাজ্যৰ কেবাটাও জনগোষ্ঠীক নেতৃত্ব দি অহা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিত সন্দৰ্ভত চিন্তা ব্যক্ত কৰে৷ বিশেষকৈ দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত তথা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনক গুৰুত্ব সহকাৰে লয় সংগঠনকেইটাই৷

ৰাজ্যৰ ৩৩ খন জিলাৰ ৬৩ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত পৰা বুলি প্ৰতিবেদনত প্ৰকাশ পোৱা বিষয়টোক গুৰুত্ব সহকাৰে লয় সংগঠনকেইটাই৷ ৰাজ্যৰ ৯০ শতাংশ খিলঞ্জীয়াৰ ম্যাদী মাটি নাই বুলি প্ৰকাশ পোৱাৰ লগতে বিদেশীয়ে নিশাৰ ভিতৰতে অসমত মাটি লাভ কৰে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে৷ হৰিশংকৰ ব্ৰহ্মৰ পক্ষত থিয় দি এশ শতাংশই সমৰ্থন আগবঢ়ায় জাতীয় সংগঠনসমূহে৷ হৰিশংকৰ ব্ৰহ্মক সম্পুৰ্ণ সহায়-সহযোগ কৰি যোৱাৰো প্ৰস্তাৱ লয় ২৯ জনগোষ্ঠীয় মঞ্চই৷

এনআৰচিৰ বিষয়টো উচ্চতম ন্যায়লয়ৰ আওতাত থকাৰ বাবে এই সন্দৰ্ভত সংগঠন সমূহে কোনো বক্তব্য প্ৰকাশ নকৰি প্ৰতিখন জিলা উপায়ুক্তক একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিন্ধান্ত লয়৷ ২৯ সংগঠনে উমৈহতীয়াভাবে স্মাৰক পত্ৰ প্ৰদান কৰি এনআৰচিত যাতে কোনো কাৰণতে অবৈধ নাগৰিকৰ নাম সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তক দাবী জনাব৷ আনহাতে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এনআৰচিত যাতে বিদেশীৰ নাম সোমাব নোৱাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাব সংগঠন সমূহৰ এটি প্ৰতিনিধি দলে৷

আনহাতে মেট্ৰ' চিটিৰ পৰিসৰ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তত সংগঠ সমূহে চিন্তা ব্যক্ত কৰি তিৱা স্বায়ত্ত শাসিত এলেকা আৰু ৰাভা স্বায়ত্ত শাসিত এলেকাৰ থলুৱা লোকক যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰা নহয় কাৰ প্ৰতি চৰকাৰক নজৰ ৰাখিবলৈ দাবী জনাব জাতীয় সংগঠনে৷ তিৱা স্বায়ত্ত শাসিত এলেকা আৰু ৰাভা স্বায়ত্ত পৰিষদৰ এনঅ’চি নোলোৱাকৈ কোনো লোকক জোৰ জুলুম তথা উচ্ছেদ নকৰিবলৈকো চৰকাৰক দাবী জনায় সংগঠনসমূহে৷ থলুৱা লোকক হাৰাশাস্তি নকৰিবলৈকো একপ্ৰকাৰ সকীয়াই দিয়ে সংগঠ সমূহে৷

ৰাজ্য চৰকাৰে জিলাই জিলাই দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰিব বিচৰা কাৰ্যকো গৰিহণা দিয়ে জাতীয় সংগঠনসমূহে৷ জিলাই জিলাই দীনদয়ালৰ নামত মহাবিদ্যালয়ৰ স্থাপন কৰাতকৈ প্ৰতিখন জিলাৰ একোজনকৈ বৰেণ্য ব্যক্তিৰ নামত একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ দাবী জনায় ২৯ সংগঠনে৷ কোৰ্টৰ অধীনত এই বিষ সমূহক গুৰুত্ব সহকাৰে লয় ২৯ সংগঠনৰ মঞ্চখনে৷ অবৈধ বিদেশী নাগৰিকৰ সমস্যাটোই আলোচনাত যথেষ্ট গুৰুত্ব লাভ কৰে৷ ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ কোনো ৰাজৈতিক দলে গুৰুত্ব সহকাৰে নোলোৱা বুলি প্ৰতিটো সংগঠনে অভিযোগ উত্থাপন কৰে৷

ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰে গুৰুত্ব নিদি কেৱল দলৰ আদৰ্শ জীয়াই ৰখাৰ বাবেহে কাম কৰাৰ অভিযোগ কৰে সংগঠনসমূহে৷ মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেন্টেলত অনুষ্ঠিত গুৰুত্বপূৰ্ণ আলোচনাত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টচাৰ্যই বিদেশীক বৰপীৰা পাৰি দিয়াৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব ওলোৱা কাৰ্যক তীব্ৰ বিৰোধীতা কৰে৷ বাংলাদেশৰ কোনো লোকক সেয়া হিন্দুই হওক বা মুছলমানেই হওক অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়া কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেও মতপোষণ কৰে ভট্টচাৰ্যই৷

ভূমিপুত্ৰ বিৰোধী সংশোধনী বিধেয়কখন কোনো কাৰণতে গৃহীত হ’বলৈ দিয়া নহ’ব বুলি চৰকাৰক আকৌ এবাৰ সকীয়াই দিয়ে বিভিন্ন জাতীয়তাবাদী দল-সংগঠনবোৰে। অসম চুক্তি ৰূপায়ণেৰে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ স্থায়ী সমাধান আৰু অনা-অসমীয়াই থলুৱালোকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভতো চিন্তা ব্যক্ত কৰে সংগঠনৰ নেতাসকলে৷ হিন্দুৱে হওক বা মুছলমানে হওক, কোনো অবৈধ বাংলাদেশীকে অসম দেশত স্থান দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

১৯৭১ লৈ অসমে বহুত বোজা ল’লে, সেয়ে তাৰ পিছত নতুনকৈ বোজা লোৱাৰ কোনো যুক্তি নাই বুলি কৈ ভট্টাচাৰ্যই আকৌ এবাৰ স্পষ্ট কৰে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশীৰ চিনাক্তকৰণ আৰু প্ৰত্যাৰ্পণ নকৰালৈকে ক্ষান্ত নাথাকো বুলিও স্থিতি স্পষ্ট কৰে আছু সহিতে ২৯ সংগঠনে। অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ৰ যোগেদি লাখ লাখ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ জাতিধ্বংসী ষড়যন্ত্ৰ সফল হ’বলৈ দিয়া নহয় বুলি একমুখে হুংকাৰ দিয়ে সকলোৱে।

অসম তথা ভাৰত চৰকাৰক সকীয়নি দি জাতি, মাটি ভেটিৰ কথা কোৱা ৰাজ্য চৰকাৰক জাতিধ্বংসী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ সকীয়াই দিয়ে আছুৱে৷ খিলঞ্জীয়াৰ ভাষা-সংস্কৃতি ৰক্ষাৰ্থে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আছুৰ নেতৃত্বই সকলো সংগঠনৰ নেতাক আশ্বাস দিয়ে।

মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেন্টেলত অনুষ্ঠিত গুৰুত্বপূৰ্ণ আলোচনাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল যুৱ লীগ, মিচিং মিমাগ কেবাং, সদৌ মিচিং ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ ডিমাছা ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম মদাহী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, এনচি হিলছ ইনডিজিনিয়াছ ষ্টুডেণ্টছ ফ’ৰাম, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, মেছ কছাৰী জাতীয় পৰিষদ, সদৌ অসম হাজং ছাত্ৰ সন্থাকে ধৰি মুঠ ২৯ টা সংগঠনে অংশ লয়।