আমষ্টাৰডামঃ এখন হৃদয় বিদাৰক ফটো। আফ্ৰিকান দেশ নাইজেৰিয়াৰ পথত তৃষ্ণাতুৰ এটি কণমানিক পানী খুৱাই আছে এগৰাকী মানৱদৰদী মহিলাই। যোৱা বছৰ জানুৱাৰীত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এই ফটো। সচৰাচৰ অনগ্ৰসৰ সমাজত থকা কুসংস্কাৰ-অন্ধবিশ্বাসৰ দৰে এই দৰিদ্ৰ দেশখনকো গ্ৰাস কৰিছে এনে প্ৰথাই।

ব্যথিত এনজাই কণমানিটোক পানী খুৱাই থকা ফটোখনেই ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। তেওঁ কণমানিটোক পথৰ পৰা বুটলি আনি ঠাই দিছিল বুকুৰ মাজত। এতিয়া সি ডাঙৰ হৈছে। এবছৰ মৰমৰ পৰিচৰ্যা পাই সি হৈ পৰিছে হৃষ্ট-পুষ্ট।

প্ৰায় এবছৰ পূৰ্বে ডাইনী-প্ৰথাৰ বলি হৈছিল দেশখনৰ এটি কণমানি। দুই কি তিনি বছৰীয়া কণমানিটোক ডাইনী সজাই অচিন পথত এৰি দিছিল নিৰ্দয় পিতৃ-মাতৃ আৰু গাঁওবাসীয়ে। তেনেতে ডেনমাৰ্কৰ এনজা ৰিনগ্ৰেন লাভেন নামৰ সমাজকৰ্মীগৰাকীয়ে ৰাজপথত লগ পাইছিল পুষ্টিহীনতাত ভোগা এই শিশুটিক।

ব্যথিত এনজাই কণমানিটোক পানী খুৱাই থকা ফটোখনেই ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। তেওঁ কণমানিটোক পথৰ পৰা বুটলি আনি ঠাই দিছিল বুকুৰ মাজত। এতিয়া সি ডাঙৰ হৈছে। এবছৰ মৰমৰ পৰিচৰ্যা পাই সি হৈ পৰিছে হৃষ্ট-পুষ্ট।

সি এতিয়া বিদ্যালয়লৈ যাব পৰা হৈছে। স্কুললৈ যোৱাৰ প্ৰথম দিনটোত এনজাই পূৰ্বৰ ফটোখনৰ সাদৃশ্যতাৰে পুনৰ এখন ফটো তুলিছে। কিন্তু এইবাৰ ফটোখনত নাই পুষ্টিহীনতাত ভোগা ভোকাৰ্ত শিশু। ইয়াৰ বিপৰীতে আছে স্কুলৰ ইউনিফৰ্মত থকা এটা উদীয়মান মানৱ সম্পদ।