গুৱাহাটীঃ সংখ্যালঘু নেতা লাফিকুল ইছলামক দিন-দুপৰতে কোকৰাঝাৰত গুলীয়াই হত্যা কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই আন এজন জনগোষ্ঠীয় নেতাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিলে ছ’চিয়েল মিডিয়াযোগে।লাফিকুল হত্যাৰ প্ৰতিবাদত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিজিত অসম নামৰ এটি ফেচবুক একাউণ্টৰ পৰা এবছুৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োক হত্যাৰ ভাবুকি প্ৰদান কৰে।
ইয়াৰ পাছতে জাঙুৰ খাই উঠে জনগোষ্ঠীয় সংগঠনটো তথা বড়ো জনগোষ্ঠী। সংগঠনটোৰ নেতা গৰাকীৰ বিৰুদ্ধে আপত্তিজনত মন্তব্য দিয়াত ক্ষোভিত হৈ পৰ্জিে এবছুৰ নেতা-কৰ্মী৷ আজি এই মন্তব্যৰ বিৰুদ্ধে সংগঠণটোৱে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ফেচবুকত থকা বিজিত অসম নামৰ একাউন্টৰ গৰাকীৰ প্ৰতিকী পুত্তলিকা দাহ কৰে৷