ডিজিটেল ডেস্কঃ পুনৰ তালিবানৰ আক্ৰমণৰ বলি আফগানিস্থানৰ সামৰিক বাহিনী৷ আফগানিস্থানৰ উত্তৰাঞ্চলৰ মাজাৰ-ই-শ্বৰীফৰ সমীপত থকা সেনাৰ শিবিৰত শুকুৰবাৰে তালিবানে উপৰ্যুপৰি গুলিবৰ্ষণ কৰে৷

জানিব পৰামতে আফগান সামৰিক বাহিনীৰ পোছাক পৰিহিত উগ্ৰপন্থীৰ দলটোৱে অতি সহজতে ছেকগেট পাৰ হৈ সেনাৰ শিবিৰটোত প্ৰৱেশ কৰি অবাধে গুলিচালনা কৰে৷ উক্ত আক্ৰমণত আনুমানিক ৫০ জন আফগান সেনা নিহত হোৱাৰ উপৰিও বহুকেইজন সেনা আহত হোৱা বুলিও গম পোৱা গৈছে৷

আফগান সেনাই প্ৰত্যুত্তৰত ৭ জন তালিবানক গুলিয়াই হত্যা কৰাৰ লগতে এজনক বন্দী কৰা বুলিও জানিব পৰা গৈছে৷ তাৰোপৰি ২ জন তালিবানে আত্মহনন কৰা বুলিও বাতৰি পোৱা গৈছে৷

ঘটনাত প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শোকতপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা যাচে৷ তাৰোপৰি এই আক্ৰমণৰ কঠোৰ নিন্দা কৰে মোদীয়ে৷