aljazeera.com
aljazeera.com

newsnextone.com | ডিজিটেল ডেস্কঃ আফগানিস্তানত এইবাৰ ক্ৰিকেট ষ্টেডেমিয়াত আক্ৰমণ কৰিলে সন্ত্ৰাসবাদীয়ে৷ আফগানিস্তানৰ ননাগৰহেৰ জালালাবাদত এই আক্ৰমণত ৮ গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত হৈছে ৪৫গৰাকী লোক৷ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ 

ননাগৰহেৰ প্ৰদেশৰ ৰাজ্যপালৰ মুখপাত্ৰই সংবাদমাধ্যমক দিয়া ভাষ্য মতে, শুকুৰবাৰৰ নিশা ক্ৰিকেট ষ্টেডিয়ামত ‘ৰমজান কাপ’ ক্ৰিকেট প্ৰতিযোগিতা চলি আছিল৷ স্থানীয় দুটা ক্ৰিকেট দলে খেলি থকাৰ মাজতে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়৷

সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ ঘটোৱাৰ ফলত হুৱাদুৱা লাগে ষ্টেডিয়ামত৷ প্ৰথমাৱস্থাত কত কি হৈছিল কোনেও ধৰিব পৰা নাছিল৷ পিছত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা বুলি জানিব পৰা যায়৷ ফলত এতিয়ালৈ ৮ গৰাকী লোকৰ মৃত্যু হয়৷